/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-01/610a90e1-15bb-4e7d-8c61-9df3307ac027/hb.jpg)
ডিজিটেল সংবাদ,বান্দৰদেৱা : মিছন চেলিব্ৰেচন।ওপজা দিন উদযাপনৰ এক ব্যতিক্ৰমী প্ৰয়াস।লখিমপুৰ জিলাৰ ভোগপুৰ চাৰিআলিৰ সমীপৰ বৰপথাৰস্থিত "আমি আপোনাৰ বাবে" নামৰ মহাবিদ্যালয় বিশ্ববিদ্যালয়ত অধ্যয়নৰত প্ৰায় নব্বৈ জনীয়া ছাত্ৰ ছাত্ৰীৰ গোটটোৱে ব্যতিক্ৰমী প্ৰয়াসেৰে দীৰ্ঘদিন ধৰি উদযাপন কৰি আহিছে বিভিন্নজনৰ ওপজা দিন।
কেতিয়াবা যদি কোনোবা অনাথ আশ্ৰমত আন কেতিয়াবা বৃদ্ধাশ্ৰমত কেতিয়াবা যদি সুস্বাদু খাদ্য কেতিয়াও ভোকত থকা ল'ৰা ছোৱালীৰ মাজত, আন কেতিয়াবা পদপথৰ বাসিন্দাৰ লগত উদযাপন কৰি আহিছে ওপজা দিন।কেৱল গোটটোৰ সদস্য সকলৰ নিজৰ জন্মদিনেই নহয় গোটটোক কোনোবাই জন্মদিনৰ দিনটোত খাদ্য সাজ পোছাক অথবা শীত গুচাবলৈ প্ৰয়োজনীয় বস্ত্ৰ যিয়েই প্ৰদান কৰে সেই সামগ্ৰী লৈয়েই বিভিন্ন ধৰনে আৰ্তজনৰ কাষলৈ গৈ তেওঁলোকে উদযাপন কৰে বিভিন্ন জনৰ ওপজা দিন ।
কেৱল এয়াই নহয় "আমি আপোনাৰ বাবে" নামৰ গোটটোৰ সদস্য সকলে নিজাববীয়াকৈ দিনে এটকাকৈ মাহে ত্ৰিশ টকা জমা কৰে আৰ্তজনক সহায়ৰ বাবে।উল্লেখযোগ্য যে ২০১৮ চনৰ ১৯ এপ্ৰিলত বৰপথাৰত গঠিত আমি আপোনাৰ বাবে নামৰ গোটটোৰ প্ৰতিস্থাৰ আঁৰত আছিল ৰ'দালি দত্ত আৰু বৰ্ণালী তামুলী।গোটটোৱে ২০২১ চনৰ পৰা বৰ্তমানলৈকে আৰ্তজনৰ কাষত প্ৰায়১১৭ টা ওপজা দিন উদযাপন কৰিছে।
গোটটোৰ অন্যতম এজন পথালি পাহাৰৰ শংকৰদেৱ মহাবিদ্যালয়ৰ ছাত্ৰ তথা বৃত্তিত এজন বাতৰি কাকত ঘৰে ঘৰে যোগান দি অহা হকাৰ অপূৰ্ব বৰাই স্ব উপাৰ্জিত ধনৰ এক অংশ এই সকলৰ বাবে খৰছ কৰি মানবতাবোধৰ পৰিচয় দি অহাতো সৰ্বজন সমাদৃত হৈ পৰিছ।নব্বৈ জনীয়া গোটটোৰ সদস্য অপূৰ্ব বৰাই অকলেই এতিয়ালৈকে আৰ্তজনৰ কাষলৈ বিভিন্ন খাদ্য বস্ত্ৰ নিজৰ খৰছত কঢ়িয়াই লৈ গৈ উদযাপন কৰিছে আশীজনতকৈ অধিক লোকৰ জন্মদিন।বহুতেই বিভিন্ন কাৰণত ঘৰতেই হওক অথবা ৰেষ্টুৰেন্টত গৈ জন্যদিন উদযাপন কৰিব নোখোজে।
এনবোৰ লোকে আমি আপোনাৰ বাবে নামৰ গোটটোক যদি খাদ্যৰ টোপোলা বা অন্য বয়বস্তু যোগান ধৰে তেঁওলোকেই সেই খাদ্য বস্তু লৈ গৈ আৰ্তজনৰ লগত সেই ব্যক্তিজনৰ জন্মদিনটো উদযাপন কৰে।এগাল মান টকা পইছা খৰছৰে অথবা অতি বিলাসবহুল ভাবে উদযাপন কৰা জন্যদিনবোৰৰ বিপৰীতে যদি আৰ্তজনৰ মাজত অকণমান সুখ আৰু হাঁহিৰ মাজেৰে জন্মদিন কোনোবাই উদযাপন কৰে সেই দিনটো এনে পদক্ষেপেৰে নিশ্চিতভাবেই অধিক অৰ্থবহ হৈ পৰে।"আমি আপোনাৰ বাবে" গোটটোৰ এই প্ৰয়াস অনাগত দিনবোৰতো অব্যাহত থাকক।
আৰু পঢ়ক: ২০২২ বৰ্ষত নিধন নহ'ল এটাও গঁড় :অভিনন্দন প্ৰধানমন্ত্ৰীৰ