৩ ফেব্ৰুৱাৰীত চৰকাৰী বন্ধ লখিমপুৰত...

বিভিন্ন বিতৰ্কৰ মাজত ৩১ জানুৱাৰী ২০২৩ ৰ পৰা অনুষ্ঠিত হৈ থকা সাহিত্য সভাৰ অধিৱেশনৰ বাবে পূৰ্বৰ দৰে অধিৱেশনত অংশ ল'ব লগা চৰকাৰী কৰ্মচাৰী সকলক ছুটী প্ৰদান কৰা নাই ৰাজ্য চৰকাৰে।
৩ ফেব্ৰুৱাৰীত চৰকাৰী বন্ধ লখিমপুৰত...

ডিজিটেল ডেস্ক: অসম সাহিত্য সভা ষষ্ঠ সপ্ততিতম অধিৱেশন নাৰায়ণপুৰত অনুষ্ঠিত হৈ আছে। বিভিন্ন বিতৰ্কৰ মাজত ৩১ জানুৱাৰী ২০২৩ ৰ পৰা অনুষ্ঠিত হৈ থকা সাহিত্য সভাৰ অধিৱেশনৰ বাবে পূৰ্বৰ দৰে অধিৱেশনত অংশ ল'ব লগা চৰকাৰী কৰ্মচাৰী সকলক ছুটী প্ৰদান কৰা নাই ৰাজ্য চৰকাৰে।

১ ফেব্ৰুৱাৰীত অনুষ্ঠিত হোৱা প্ৰতিনিধি সভাত এই বিষয়টোৱে ব্যাপক চৰ্চা লাভ কৰিছে। সাহিত্য সভাৰ এই অধিৱেশনৰ বাবে লখিমপুৰ জিলা প্ৰশাসনে ৩ ফেব্ৰুৱাৰীত ঘোষণা কৰিছে স্থানীয় বন্ধ।

সেইদিনা জিলাখনৰ সকলো শিক্ষানুষ্ঠান, চৰকাৰী কৰ্মচাৰী সাহিত্য সভাৰ অনুষ্ঠানত অংশ ল'বৰ বাবে ছুটী প্ৰদান কৰা হৈছে। উল্লেখ্য যে, সাহিত্য সভাৰ নাৰায়ণপুৰ অধিৱেশন অন্ত পৰিব ৪ ফেব্ৰুৱাৰীত।

আৰু পঢ়ক: অসম আৰক্ষী বিষয়া জোৱানে থলুৱা ভাষাত লিখিব লাগিব নেমপ্লেট...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in