অসম আৰক্ষী বিষয়া জোৱানে থলুৱা ভাষাত লিখিব লাগিব নেমপ্লেট...

অসম আৰক্ষী বিষয়া জোৱানলৈ নৱ নিযুক্ত আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙে দিছে নতুন নিৰ্দেশনা।

author-image
Asomiya Pratidin
New Update
অসম আৰক্ষী বিষয়া জোৱানে থলুৱা ভাষাত লিখিব লাগিব নেমপ্লেট...

gp singh

ডিজিটেল ডেস্ক: অসম আৰক্ষী বিষয়া জোৱানলৈ নৱ নিযুক্ত আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙে দিছে নতুন নিৰ্দেশনা। এতিয়াৰ পৰা আৰক্ষী বিষয়া-জোৱান সকলৰ নেমপ্লেট থাকিব লাগিব অসমীয়া বা থলুৱা ভাষাত।

Advertisment

প্ৰয়োজনত অসমীয়া বা থলুৱা ভাষাৰ উপৰিও দ্বি-ভাষিক ভাৱে এই নেমপ্লেট লিখা হ'ব লাগিব। লগতে সাধাৰণ লোকৰ দৃষ্টিগোচৰ হোৱাকৈ এই নেমপ্লেট আৰি থ'ব লাগিব আৰক্ষী জোৱান বা বিষয়াই।

আৰক্ষী সঞ্চালক প্ৰধানৰ এই নিৰ্দেশনাক সকলো বিষয়া কৰ্মচাৰীয়ে মানি চলিব লাগিব। অসমৰ আৰক্ষীৰ মুখ্য জন সম্পৰ্কৰক্ষী বিষয়াই সদৰি কৰিছে এই কথা।

আৰু পঢ়ক: প্ৰসৱ বেদনাৰ বাবে চিকিৎসালয়লৈ যোৱাৰ সময়ত জীৱন্তে অগ্নিদগ্ধ গৰ্ভৱতী মহিলা, স্বামী

gp singh Assam police