লাইচং-তামেনলং সংযোগী ৪ লেনযুক্ত পথ নিৰ্মাণৰ প্ৰাৰম্ভতে ৬০০ কোটিৰ কেলেংকাৰী

লাইচং-তামেনলং সংযোগী ৪ লেনযুক্ত পথ নিৰ্মাণৰ প্ৰাৰম্ভতে ৬০০ কোটিৰ কেলেংকাৰী

ডিজিটেল ডেস্কঃ ডিমা হাচাওত পুনৰ ৬০০ কোটিৰ কেলেংকাৰী। শিপা বিচাৰোতে কনচালটেন্ট-অভিযন্তাৰ প্ৰেয়সীৰ ঘৰত উদ্ধাৰ ৫০ লাখ টকা।

পাৰ্বত্য ভূমি ডিমা-হাচাওৰ লাইচং আৰু মণিপুৰৰ তামেনলং সংযোগী ৮০ কিলোমিটাৰ দৈৰ্ঘৰ ৪ লেনযুক্ত পথ নিৰ্মাণৰ বাবে অধিগৃহীত ভূমি আৰু গছ-গছনি তথা অন্যান্য স্তাৱৰ সম্পত্তিৰ ক্ষতিপূৰণৰ জৰীপৰ পৰ্যায়তে প্ৰায় ৬০০ কোটি টকাৰ কেলেংকাৰী সংঘটিত হোৱাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে।

উক্ত পথচোৱাৰ বাবে সেই এলেকাৰ আৱাসীসকলৰ মাটি-ঘৰ, গছ-গছনি আদিৰ মূল্য নিৰ্ধাৰণৰ বাবে ৰাষ্ট্ৰীয় ঘাইপথ কৰ্তৃপক্ষই নিয়োগ কৰা এক ব্যৱসায়ী জৰীপ সংস্থা আৰু প্ৰভাৱশালী ৰাজনৈতিক নেতাৰ সহযোগতে বৃহৎ অংকৰ এই পূঁজিৰ কেলেংকাৰী সংঘটিত হোৱা বুলি ৰাজহুৱা অভিযোগ উঠিছে। লক্ষণীয়ভাৱে অভিযোগ উত্থাপনৰ পাছতেই কেইদিনমান পূৰ্বে হঠাতে উক্ত প্ৰতিষ্ঠানৰ মুৰব্বী বিকাশ সিঙে তেওঁক অপহৰণ কৰাৰ এক নাটক ৰচনা কৰে।

বিহাৰৰ পূৱ চম্পাৰমৰ ২৮ বছৰীয়া এইগৰাকী যুৱকে অপহৃত হোৱাৰ নাটক কৰে যদিও তেওঁৰ পম খেদি আৰক্ষীয়ে শুকুৰবাৰে তেওঁৰ জনৈক প্ৰেয়সীৰ ঘৰৰ পৰা বিকাশৰ লগতে নগদ ৫০ লাখ টকা উদ্ধাৰ কৰিবলৈ সক্ষম হয়। ঘটনা সন্দৰ্ভত ইতিমধ্যে হাফলং থানাত ভাৰতীয় দণ্ডবিধিৰ ১২০(বি)/৪০৮/৪২০/৪১১ ধাৰাৰ অধীনত ৪/২০২৪ ত এক গোচৰ ৰুজু কৰিছে।

এই গোচৰৰ অনুসন্ধান কালতেই ১৭ জানুৱাৰীৰ নিশা প্ৰায় ৮.২০ মিনিটত তেওঁক হাফলং আৰক্ষীয়ে আটক কৰাৰ পিছত আদালতৰ অনুমতি সাপেক্ষে ৩ দিনৰ জিম্মাত লয়।

প্ৰেয়সীৰ ঘৰত উদ্ধাৰ হোৱা ৫০ লাখ টকা বিকাশ সিঙৰ বুলি নিশ্চিত হোৱাৰ পাছত উক্ত ধনৰ সৈতে লাইচং-তামেনলং পথৰ ৬০০ কোটি টকীয়া বৃহৎ কেলেংকাৰীৰ প্ৰত্যক্ষ সম্পৰ্ক থকা বুলি চৰ্চা হৈছে যদিও আৰক্ষী বা চৰকাৰৰ তৰফৰ পৰা বৰ্তমানলৈকে কোনো কথা প্ৰকাশ কৰা নাই। অৱশ্যে এই কথাও ঠিক এই অভিযন্তাগৰাকীৰ নিৰবিচ্চিন্ন জেৰা আৰু উচ্চ পৰ্যায়ৰ নিৰপেক্ষ তদন্ত হ'লে বৃহৎ অংকৰ প্ৰাপ্য ধনৰ পৰা বঞ্চিত হৈ থকা উক্ত পথৰ লোকসকলে ন্যায় পোৱাৰ সমান্তৰালভাৱে এনে এক বিশাল কেলেংকাৰীত জড়িত আন বিষয়সমূহো পোহৰলৈ আহিব।

লাইচং-তামেনলং সংযোগী ৪ লেনযুক্ত পথ নিৰ্মাণৰ প্ৰাৰম্ভতে ৬০০ কোটিৰ কেলেংকাৰী
প্ৰতিবাদী শ্লোগানেৰে উত্তাল মুছলপুৰ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in