/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-12/75a2b438-07f5-49e8-a3e8-16a20d839cf4/iuuu.jpg)
ডিজিটেল ডেস্ক: ৰাজ্যৰ এটা উল্লেখযোগ্য আৰু ঐতিহ্যপূৰ্ণ সংঘ সেউজ সংঘ। গুৱাহাটী মহানগৰীৰ অম্বিকাগিৰী নগৰত১৯৭৩ চনতেই স্থাপন কৰা এই অনুষ্ঠানটিয়ে অঞ্চলটোৰ সামগ্ৰিক বিকাশৰ বাবে বিভিন্ন উদ্যোগ গ্ৰহণ কৰি আহিছে।
ৰাজ্যৰ বহু কেইগৰাকী প্ৰতিষ্ঠিত সাহিত্যিক, শিল্পী, শিক্ষাবিদ, সমাজসেৱী জড়িত হৈ আহিছে এই অনুষ্ঠানটোত। সেই সেউজ সংঘৰে নতুন ভৱন নিৰ্মাণৰ বাবে দেওবাৰ,৪ ডিচেম্বৰ ২০২২ত এক আধাৰশিলা স্থাপনৰ অনুষ্ঠান অনুষ্ঠিত হয়।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-12/ef3b67f0-9ba0-46d1-ae50-7506fd8ed0ca/WhatsApp_Image_2022_12_04_at_4_34_40_PM.jpeg)
/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-12/d2f41a02-ca81-4b7c-84a3-430be9446614/WhatsApp_Image_2022_12_04_at_4_34_40_PM__1_.jpeg)
সংঘৰ বৰ্তমানৰ সদস্য, সদস্যা সকলৰ লগতে পুৰণি জ্যেষ্ঠ সদস্য সকল তথা অম্বিকাগিৰী ৰাইজৰ উপস্থিতিত সংঘৰ বাকৰিত এই নতুন ভৱনৰ আধাৰশিলা স্থাপন কৰা হয়। সেউজ সংঘৰ সাধাৰণ সম্পাদক বিনয় মল্ল বুজৰূৰুৱাই আঁত ধৰা অনুষ্ঠানটিত মাংগলিক কৰ্মৰ পাছতেই আধাৰশিলা স্থাপন কৰে সংঘৰ সভাপতি ৰাজেন্দ্ৰ বৰদলৈয়ে।ইয়াত অংশ লয় প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণাৱালৰ প্ৰাক্তন আইন উপদেষ্টা শান্তনু ভৰলীকে ধৰি কেইবাগৰাকী বিশিষ্ট ব্যক্তিয়ে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-12/d3d10b41-0c7a-4e9e-bd41-90d859f4843d/WhatsApp_Image_2022_12_04_at_4_34_41_PM.jpeg)
/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-12/cf0d5737-c419-4e4c-8884-47cc4354a2ba/WhatsApp_Image_2022_12_04_at_4_34_41_PM__1_.jpeg)
/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-12/90e54a6b-9dc5-4c50-9d3b-284df233b231/WhatsApp_Image_2022_12_04_at_4_34_41_PM__2_.jpeg)
উল্লেখযোগ্য যে, সেউজ সংঘৰ নতুন ভৱনটো অতি পৰিকল্পিতভাৱে অঞ্চলটোৰ যুৱ তথা ইয়াৰ সৈতে জড়িত সকলৰ উৎকৰ্ষ সাধনৰ এক কেন্দ্ৰৰূপে গঢ়ি তুলিবলৈ এই পদক্ষেপ হাতত লোৱা হৈছে।
সংঘৰ সাধাৰণ সম্পাদক বিনয় মল্ল বুজৰবৰুৱাই এই নতুন ভৱনৰ নিৰ্মাণত সহায় সহযোগ কৰা সকলৰ লগতে সংঘৰ শুভাকাংশী সকলৰ সহযোগিতাৰ বাবে ধন্যবাদ জ্ঞাপন কৰি এই মহৎ কাৰ্য সম্পাদন কৰিবলৈ সকলোৰে সহযোগ আশা কৰে।
আৰু পঢ়ক: ড্ৰাগছ, সুৰাৰ পৰা কিদৰে দূৰত ৰাখিব সন্তানক ক'লে মুখ্যমন্ত্ৰীয়ে...