লাহোৱাল মহাবিদ্যালয়ত ১০ দিনীয়া সাংবাদিকতাৰ কৰ্মশালাৰ সামৰণি

যুৱ সাংবাদিক সন্থা,অসম আৰু লাহোৱাল মহাবিদ্যালয়ৰ যৌথ উদ্যোগত লাহোৱাল মহাবিদ্যালয়ৰ ৰূপালী জয়ন্তী বৰ্ষৰ লগত সংগতি ৰাখি ১৯ডিচেম্বৰৰ পৰা অনুষ্ঠিত হোৱা সাংবাদিকতাৰ কৰ্মশালা খনিৰ বৃহস্পতিবাৰে সফল সামৰণি পৰে ৷

author-image
Asomiya Pratidin
New Update
লাহোৱাল মহাবিদ্যালয়ত ১০ দিনীয়া সাংবাদিকতাৰ কৰ্মশালাৰ সামৰণি

ডিজিটেল সংবাদ, লাহোৱাল: যুৱ সাংবাদিক সন্থা,অসম আৰু লাহোৱাল মহাবিদ্যালয়ৰ যৌথ উদ্যোগত লাহোৱাল মহাবিদ্যালয়ৰ ৰূপালী জয়ন্তী বৰ্ষৰ লগত সংগতি ৰাখি ১৯ডিচেম্বৰৰ পৰা অনুষ্ঠিত হোৱা সাংবাদিকতাৰ কৰ্মশালা খনিৰ বৃহস্পতিবাৰে সফল সামৰণি পৰে ৷

Advertisment

সামৰণি অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে জ্যোষ্ঠ সাংবাদিক তথা বৰ্তমান ৰাজ্যিক তথ্য আয়ুক্ত সমুদ্ৰ গুপ্ত কাশ্যপ , জ্যোষ্ঠ প্ৰবন্ধক,জনপৰিক্ৰমা বিভাগ ,অইল ইণ্ডিয়া লিমিটেডৰ জয়ন্ত বৰমুদৈ,জ্যেষ্ঠ সাংবাদিক ইকবাল আহমেদ,মহাবিদ্যালয়ৰ অধ্যক্ষ ড° জ্যোতিপ্ৰসাদ দত্ত ,প্ৰতিদিন টাইম চেনেলৰ উত্তৰ অসম ব্যুৰ বুবুল হাজৰিকা আদিকে ধৰি ভালেসংখ্যক ব্যক্তি উপস্থিত থাকে ৷

দহ দিনীয়া সাংবাদিকতাৰ কৰ্মশালাখনিত সমল ব্যক্তি হিচাপে অসমৰ কেইবাজনো জ্যোষ্ঠ সাংবাদিকে অংশগ্ৰহণ কৰে কৰ্মশালাখনিত। এই কৰ্মশালাত যোগদান কৰা ছাত্ৰ-ছাত্ৰী সকলক সভাৰ মাজতে একোখন মানপত্ৰ প্ৰদান কৰাৰ লগতে যুৱ সাংবাদিক সন্থা,অসমৰ তৰফৰ পৰা মহাবিদ্যালয়ৰ অধ্যক্ষ ড° জ্যোতিপ্ৰসাদ দত্তক কৃতজ্ঞতাৰ চিন স্বৰূপে সম্ভধৰ্ণা জ্ঞাপন কৰা হয় । মহাবিদ্যালয়ৰ সহ অধ্যাপক বিষ্ণুজ্যোতি দত্তই আঁত ধৰা আৰু মহাবিদ্যালয়ৰ অধ্যক্ষ ড° জ্যোতিপ্ৰসাদ দত্তই উদ্দেশ্য ব্যাখ্যা কৰা সভাখনিত শলাগৰ শৰাই আগবঢ়াই যুৱ সাংবাদিক সন্থা,অসমৰ সাধাৰণ সম্পাদক কাঞ্চনজ্যোতি গোহাঁয়ে ৷

আৰু পঢ়ক: অসম আৰু অসমীয়াক ভাল পোৱা আন এজন মানুহ গ'লগৈ...

assam