বিলাসীপাৰাত ড০ হৰিচৰণ দাসৰ নাটক "মহাবীৰ লাচিত বৰফুকন" উন্মোচন...

নাটকখন বিশেষভাৱে শৰাইঘাটৰ ৰণত প্ৰাণ আহুতি দিয়া ছহীদ সকলৰ নামত উচৰ্গা কৰা হৈছে
বিলাসীপাৰাত ড০ হৰিচৰণ দাসৰ নাটক "মহাবীৰ লাচিত বৰফুকন" উন্মোচন...

ডিজিটেল সংবাদ, বিলাসীপাৰাঃ লাচিত বৰফুকনৰ ৪০০ বছৰীয়া জন্ম জয়ন্তী উপলক্ষে ২৪ নৱেম্বৰত বিলাসীপাৰা মহকুমা ৰাজহুৱা গ্ৰন্থাগাৰত ড০ হৰিচৰণ দাস ৰচিত নাটক " মহাবীৰ লাচিত বৰফুকন" উন্মোচন কৰে। নাটকখন উন্মোচন কৰে বিশিষ্ট শিল্পী আব্দুল কৰিম খান আৰু বিশিষ্ট সাংবাদিক দয়াল পালে।

লাচিত বৰফুকনৰ জীৱন আৰু যুদ্ধক লৈ ৰচনা কৰা এই নাটকখন বিশেষভাৱে শৰাইঘাটৰ ৰণত প্ৰাণ আহুতি দিয়া ছহীদ সকলৰ নামত উচৰ্গা কৰা হৈছে বুলি জনায়। আনহাতে নাটকখন প্ৰকাশ কৰিছে সাংস্কৃতিক মহাসভা অসমৰ ধুবুৰী জিলা সমিতিয়ে।

নাটকখন উন্মোচন কৰাৰ লগতে গ্ৰন্থাগাৰত বীৰজনাৰ জীৱন আৰু কৰ্মৰাজিৰ ওপৰত এখন আলোচনা চক্ৰ তথা কবিতা পাঠৰ অনুষ্ঠানো অনুষ্ঠিত হয়। আলোচনাত শ্ৰী কুমাৰ চক্ৰৱৰ্তী,সুনীল কুমাৰ সাহা,ড০ মুজাম্মিল হক,আজাদ চৰকাৰ প্ৰমুখ্যে কেবাগৰাকীও বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে।কবিতা পাঠ কৰে দয়াল পাল,শ্ৰীকুমাৰ চক্ৰৱৰ্তী আৰু প্ৰাণজিৎ চক্ৰৱৰ্তীয়ে। ড০ হৰিচৰণ দাসে লাচিত বৰফুকনৰ জীৱন আৰু কৰ্মৰাজি সম্পৰ্কে বিস্তৃত আলোচনা কৰি কয় যে, অসমৰ বিভিন্ন জনগোষ্ঠীৰ লোকেৰে সৈন্য বাহিনী গঠনে কৰি তেওঁ অসমীয়া জাতিৰ ঐক্য সংহতিতো মহৎ অৱদান আগবঢ়াই থৈ গৈছে বুলি উল্লেখ কৰে।

আৰু পঢ়কঃ ঢকুৱাখনাত জাতীয় বীৰ লাচিত বৰফুকনৰ জন্ম জয়ন্তীৰ সামৰণি...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in