/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-11/0ba59377-18f4-44b2-b89c-63440158e083/lachit_bhawan.jpg)
ডিজিটেল ডেস্ক : গুৱাহাটী মহানগৰীৰ চান্দমাৰিস্থিত 'গুৱাহাটী লাচিত সংঘ'ই বৃহস্পতিবাৰে অনুষ্ঠিত কৰে বৰ অসমৰ বীৰ আহোম সেনানায়ক লাচিত বৰফুকনৰ ৪০০ সংখ্যক জন্ম জয়ন্তী । ১৯৭৯ চনতেই স্থাপিত এই সংঘই জাতীয় বীৰ গৰাকীৰ বীৰত্বৰ কথা সোৱৰাই আহিছে প্ৰতি পলে । সংঘৰ পতাকা উত্তোলনেৰে আৰম্ভ হোৱা এই কাৰ্যসূচীত প্ৰথমেই সমবেত ভাৱে পৰিৱেশন কৰা হয় অসমৰ জাতীয় সংগীত ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-11/6aca5b94-6699-49fd-a6c2-41c31e9f1cd6/lachit_bhawan_3.jpg)
তাৰ পাছত সংঘৰ সমুখ চ'ৰাত প্ৰতিষ্ঠিত বীৰ লাচিত বৰফুকন প্ৰতিমূৰ্তিৰ সন্মুখত বন্তি প্ৰজ্বলন আৰু ফুলৰ তোৰা আৰু পুষ্প তৰ্পনৰ জৰিয়তে জাতীয় বীৰ গৰাকীৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰে জ্যেষ্ঠ নাগৰিক তথা সংঘৰ প্ৰতিষ্ঠা কালৰে পৰাই জড়িত অৰূপ গোস্বামীয়ে । অৰূপ গোস্বামীয়ে পৰৱৰ্তী সময়ত এক তেজোদ্দীপ্ত ভাষণেৰে বৰ্তমান কালত লাচিত বৰফুকন প্ৰাসংগিকতা আৰু অসমীয়া সমাজৰ বিষয়ে এটি চমু বক্তব্য উত্থাপন কৰে ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-11/a7f57d33-e434-4b2f-b546-8e1fa5eca40f/lachit_divas2.jpg)
প্ৰতিষ্ঠা কালৰ প্ৰায় ৪ দশকৰো অধিক সময় পাছতো একেই কৰ্মোদ্যমেৰে অসমৰ জাতীয় বীৰ গৰাকীৰ শৌৰ্য আৰু পৰাক্ৰমক উদযাপন কৰি অহা সংঘটিয়ে লাচিত দিৱসৰ সৈতে সংগতি ৰাখি সংঘৰ দুগৰাকী সমল ব্যক্তি স্বৰ্গীয় ৰণেন দাস আৰু শান্তনু বৰঠাকুৰৰ সোৱৰণত বৃহস্পতিবাৰে বিয়লি ২ বজাৰ পৰা অনুষ্ঠিত কৰিব এক চিত্ৰাংকন প্ৰতিযোগিতাৰ ।
আৰু পঢ়ক : মছজিদত গুলীচালনা, এটা পৰিয়ালৰে ৫ জন নিহত...