/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-11/ad313b92-7967-47a2-912a-1ca52d8c8907/cinema.jpg)
প্ৰায় ২৫ খনতকৈ অধিক সজাগতা আৰু সৃষ্টিমূলক প্ৰচাৰ অনুষ্ঠান
ডিজিটেল ডেস্কঃ অসমীয়া চিনেমাৰ প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে সমীৰ ৰয়ৰ এক উৎসাহজনক পদক্ষেপ। অসমীয়া ছবিৰ বাবে সজাগতা আৰু প্ৰচাৰ-প্ৰসাৰৰ বাবে বাইকেৰে যাত্ৰা সমীৰৰ।
অসমীয়া ছবিৰ প্ৰসাৰ আৰু প্ৰচাৰৰ বাবে বাইকেৰে অসমৰ পৰা অৰুণাচললৈ যাত্ৰা সমীৰ ৰয়ৰ। একেদিনাই প্ৰায় ২৫ খনতকৈ অধিক সজাগতা আৰু সৃষ্টিমূলক প্ৰচাৰ অনুষ্ঠান সম্পন্ন কৰে বুলি জানিবলৈ দিয়ে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-11/7e5b8edb-e050-4359-aee5-8a528cafcd0c/cinema1.jpg)
উল্লেখ্য যে, অসমীয়া ছবিৰ সজাগতা আৰু সৃষ্টিমূলক প্ৰচাৰৰ কাৰণে দীর্ঘদিন কাম কৰি অহা সমীৰ ৰয়ে মঙলবাৰে "ৰিজাৰ্ভ বাছ অসমীয়া ছবি চাবলৈ যাওঁ আহক" শীৰ্ষক প্ৰচাৰ অভিযানৰ বাবে যাত্ৰা কৰে মাজুলী, লখিমপুৰ, ধেমাজি আৰু অৰুণাচল প্ৰদেশলৈ। এই যাত্ৰাৰ জৰিয়তে তেওঁ জুবিন গাৰ্গৰ 'ৰাজনীতি' আৰু 'ড০ বেজবৰুৱা', 'বেলকনীত ভগৱান', 'বন্ধু' , 'ডি চেভেন ষ্টিং' (অহা ২ডিচেম্বৰত মুক্তি পাব )'মেড ইন নলবাৰী' ( অহা ২ ডিচেম্বৰত মুক্তি পাব ) ৰবি শৰ্মাৰ 'ৰঘুপতি' আৰু যতীন বৰাৰ 'ৰাঘৱ'ৰ প্ৰচাৰ চলাই।
আৰু পঢ়কঃ লামডিং ষ্টেচনত কেন্টিন লিজত দিয়াৰ নামত লাখ টকা আত্মসাৎ ৰে'লৱে কৰ্মচাৰীৰ...