নগাঁৱত লাচিত দিৱসৰ জন্ম জয়ন্তী উপলক্ষে বৃহৎ ৰেলী

মহান বীৰগৰাকীৰ ৪০০ সংখ্যক জয়ন্তী উদযাপনৰ উপলক্ষ্যে নগাঁও জিলা প্ৰশাসন আৰু আৰক্ষী প্ৰশাসনৰ উদ্যোগত সপ্তাহ যোৰা কাৰ্যসূচী পালন কৰা হ'ব।

author-image
Asomiya Pratidin
New Update
নগাঁৱত লাচিত দিৱসৰ জন্ম জয়ন্তী উপলক্ষে বৃহৎ ৰেলী

ডিজিটেল সংবাদ,নগাঁও : বীৰত্ব-সাহসৰ অনন্য প্রতীক লাচিত বৰফুকন। মহান বীৰগৰাকীৰ ৪০০ সংখ্যক জয়ন্তী উদযাপনৰ উপলক্ষ্যে নগাঁও জিলা প্ৰশাসন আৰু আৰক্ষী প্ৰশাসনৰ উদ্যোগত সপ্তাহ যোৰা কাৰ্যসূচী পালন কৰা হ'ব। ইয়াৰ প্ৰথম দিনা ১৮ নৱেম্বৰ পুৱা ৮ বজাত নগাঁও পুলিচ ৰিজাৰ্ভৰ পৰা নগাঁও চহৰৰ মাজেৰে এখনি সাংস্কৃতিক শোভাযাত্ৰা বাহিৰ কৰা হয় ।

এই শোভাযাত্ৰাত বিভিন্ন শিক্ষানুষ্ঠানৰ ছাত্ৰ-ছাত্ৰীৰ দ্বাৰা পৰম্পৰাগত সাজ পোছাকৰে পদ যাত্ৰা , পুলিচ প্ৰশাসনৰ দ্বাৰা বেণ্ড প্ৰদৰ্শন আৰু মাৰ্চ পাষ্ট , কুচ-কাৱাজ আৰু সাংস্কৃতিক শোভাযাত্রাৰ কাৰ্যসূচী ৰূপায়িত কৰা হয় ৷

নগাঁও জিলাৰ উপায়ুক্ত নৰেন্দ্ৰ কুমাৰ শ্বাহ , আৰক্ষী অধীক্ষক লীনা দ’লেৰ লগতে জিলাখনৰ বহু উচ্চ স্তৰীয় বিষয়াসকল এই অনুস্থানত উপস্থিত থাকে।

আৰু পঢ়ক: আন্তঃ বিদ্যালয় সাঁতোৰ প্ৰতিযোগিতা ২০২২ ত অভিনৱ শইকীয়াৰ সোন, ৰূপ আৰু ব্ৰঞ্জৰ পদক লাভ

nagaon assam lachit barphukan