এন আৰ এলৰ বায়' ৰিফাইনেৰীত দুমাহে দৰমহা পোৱা নাই শ্ৰমিকে

'টমছা ডিজিটেল প্ৰাইভেট লিমিটেড'ৰ কাৰ্যালয়ত তলা ওলমাই দিয়ে। অহা সোমবাৰৰ ভিতৰত বিষয়টো মীমাংসা নহ'লে তীব্ৰ আন্দোলনৰ পন্থা গ্ৰহণ কৰিব

author-image
Asomiya Pratidin
New Update
এন আৰ এলৰ বায়' ৰিফাইনেৰীত দুমাহে দৰমহা পোৱা নাই শ্ৰমিকে

ডিজিটেল সংবাদ, নুমলীগড় : নুমলীগড় ৰিফাইনেৰী লিমিটেডৰ বায়' ৰিফাইনেৰীত দুমাহে দৰমহা পোৱা নাই শ্ৰমিক ৰাইজে। 'টমছা' কোম্পানীৰ কাৰ্যালয়ত তলা ওলমালে ৱৰ্কাৰ্ছ ইউনিয়নে।

Advertisment

এন আৰ এলৰ বায়' ৰিফাইনেৰী প্ৰকল্পৰ নিৰ্মাণ শ্রমিকে দুমাহে প্ৰাপ্য দৰমহা নোপোৱাত ক্ষুব্ধ হৈ শনিবাৰে 'টমছা ডিজিটেল প্ৰাইভেট লিমিটেড' নামৰ কোম্পানীৰ কাৰ্যালয়ত তলা ওলমাই তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। জানিব পৰামতে, 'টমছা ডিজিটেল প্ৰাইভেট লিমিটেড'ৰ অধীনত বায়' ৰিফাইনেৰী প্ৰকল্পৰ নিৰ্মাণ কামত নিয়োজিত ২৫ জনকৈ শ্রমিকে যোৱা দুমাহ ধৰি দৰমহা পোৱা নাই।

ইয়াৰ ফলত তীব্ৰ আৰ্থিক সংকটত ভোগা শ্ৰমিকসকলে পৰিয়াল চলাবলৈকে সমস্যাৰ সন্মুখীন হৈছে। ইয়াকে লৈ ক্ষুব্ধ হৈ পৰা শ্ৰমিকসকলে অসম বায়' ৰিফাইনেৰী কন্সট্ৰাকচন ইউনিয়নৰ কাষ চাপে। শ্রমিক ইউনিয়নটোৱে আজি ভুক্তভোগী শ্ৰমিকসকলক ন্যায্য প্ৰাপ্য আদায়ৰ দাবীত 'টমছা' কোম্পানীৰ কাৰ্যালয়লৈ যায় যদিও কাৰ্যালয়ত এজনো লোকক নাপায়।

লগতে শ্ৰমিকসকলে অভিযোগ কৰা মতে, আজি কিছুদিনৰ পৰা কোম্পানীৰ কোনো বিষয়াই কাৰ্যালয়ত উপস্থিত নহৈ বিষয়টোৰ পৰা ফালৰি কাটি পলাই ফুৰিছে। এই বিষয়টো আজি ইউনিয়নৰ তৰফৰ পৰা বায়' ৰিফাইনেৰী কৰ্তৃপক্ষকো অৱগত কৰে।

তাৰোপৰি 'টমছা ডিজিটেল প্ৰাইভেট লিমিটেড'ৰ কাৰ্যালয়ত তলা ওলমাই দিয়ে। অহা সোমবাৰৰ ভিতৰত বিষয়টো মীমাংসা নহ'লে তীব্ৰ আন্দোলনৰ পন্থা গ্ৰহণ কৰিব বুলি আজি ইউনিয়নৰ সম্পাদক অনিৰুদ্ধ কৰ্মকাৰে সকীয়াই দিয়ে।

Also Read: চৰাইদেউত ৭১ সংখ্যক স্মৃতি তৰ্পণ অনুষ্ঠানৰ প্ৰস্তুতি

Labourers Numaligarh Refinery Limited