/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-09/e994dbaf-fe7f-4fc9-9d85-7ff401a6ffec/mera.jpg)
ডিজিটেল সংবাদ, মেৰাপানীঃ মেৰাপানী বজাৰৰ সমীপলৈকে নগাই আধিপত্য দাবী কৰি কাম বন্ধ কৰিলে সীমান্তত। নাগালেণ্ডৰ পৰা বৈ অহা খৰস্ৰোতা মেৰানৈৰ খহনীয়া ৰোধৰ বাবে অসম চৰকাৰৰ জলসম্পদ বিভাগে কেইবা কোটি টকাৰ ব্যয় সাপেক্ষে নিৰ্মাণ কৰিবলৈ লোৱা জিঅ' বেগ স্থাপনৰ কাম বন্ধ কৰাক লৈ ক্ষোভিত হৈ পৰিছে স্থানীয় ৰাইজ।
উল্লেখ্য যে, মেৰানৈৰ পানীয়ে প্ৰতি বছৰে সৃষ্টি কৰা বান, খহনীয়াকে ধৰি মেৰাপানীৰ দাঁতি কাষৰীয়া ৰাইজৰ দীৰ্ঘদিনীয়া সমস্যাৰ পৰিপ্ৰেক্ষিতত অসম চৰকাৰৰ জল সম্পদ বিভাগে মেৰানৈৰ খনন কাৰ্যৰ বাবে কাম আৰম্ভ কৰাৰ ৩দিনৰ পাছতেই নাগালেণ্ডে সীমান্তত নিয়োজিত ১৪২ নং চি আৰ পি এফক অভিযোগ কৰাৰ পাছতেই চি আৰ পি এফে ঠিকাদাৰ পক্ষক কাম বন্ধ কৰাৰ নিৰ্দেশ দিয়ে।
সম্প্ৰতি এই ঘটনাত মেৰাপানীৰ ৰাইজে আশ্চৰ্য প্ৰকাশ কৰাৰ লগতে মেৰাপানী মাজমজিয়াতে নগাই আধিপত্য খটোৱাক লৈ ক্ষোভিত হৈ পৰিছে। নগাৰ আপত্তিৰ পাছতেই বিষয়টো দুই পক্ষৰ মাজত আলোচনাৰ বাবে ২০ ছেপ্টেম্বৰত দিন ধাৰ্য কৰিছে চি আৰ পি এফে। অসমৰ মাটিতেই অসম চৰকাৰৰ আঁচনিৰ কাম বন্ধ কৰাৰ পাছতে চেপা উত্তেজনাই বিৰাজ কৰিছে মেৰাপানী সীমান্তত।
Also Read: মথুৰাপুৰত উলহ- মালহেৰে গনেশ চতুৰ্থী পালন