/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-04/6523d373-d8d2-49f1-aa90-2e83b65e1d00/lidddd.jpg)
ডিজিটেল সংবাদ, চিৰাং : চিৰাং জিলাৰ বিজনীৰ ভাৰত-ভূটান সীমান্তৰ ১১ নং নতুন মাটিৰ সোণাপুৰত সোমবাৰে এক শোকাৱহ দুৰ্ঘটনা সংঘটিত হয়। কুৱা খান্দি থকা অৱস্থাত প্ৰায় ২০ ফুট তলত মাটি খহি হেঁচি ধৰে এজন শ্ৰমিকক । দুপৰীয়াৰ পৰা প্ৰায় আঠ ঘন্টা সময় দীঘলীয়া উদ্ধাৰ অভিযানৰ অন্তত নিশাৰ ভাগত শ্ৰমিক জনৰ মৃতদেহ উদ্ধাৰ কৰা হয় ।
মৃত শ্ৰমিকজনক বিজনীৰ ১ নং দংশীয়াপাৰাৰ নিবাসী চান মিঞা আলী (৫০) বুলি চিনাক্ত কৰা হৈছে । জানিব পৰা মতে চান মিঞা আলী সহ মুঠ পাঁচজন শ্ৰমিকে স্থানীয় দিলীপ চাম্প্ৰামাৰীৰ বাসগৃহত কুৱা খান্দি থকা অৱস্থাত দিনৰ ১২ মান বজাত হঠাতেই মাটি খহি শ্ৰমিক জনৰ শৰীৰৰ ওপৰত পৰি যোৱাত দুৰ্ঘটনাটো সংঘটিত হয় ।
খবৰ লাভ কৰি বল্লামগুৰী আৰক্ষী চকীৰ আৰক্ষী, বিজনীৰ এছডিআৰএফ বাহিনীৰ দল আৰু কুমাৰশালী স্থিত এছএছবিৰ ১৫ নং বেটেলিয়নৰ আলফা কোম্পানীৰ তৰফৰ পৰা দুখন এক্সকেভেটৰ লৈ ঘটনাস্থলীত উপস্থিত হৈ মাটি খান্দি শ্ৰমিক গৰাকীক উদ্ধাৰ অভিযান আৰম্ভ কৰে। আবেলিৰ ভাগত শ্ৰমিক গৰাকীৰ প্ৰায় দেহৰ আধা অংশ প্ৰত্যক্ষ কৰিবলৈ সম্ভৱ হৈছে যদিও কাষৰ মাটি পুনৰ খহি পৰি হেঁচি ধৰে শ্ৰমিক জনক।
যাৰ বাবে উদ্ধাৰ অভিযান জটিল হৈ পৰে । ঘটনাটোক কেন্দ্ৰ কৰি সম্প্ৰতি সমগ্ৰ অঞ্চলজুৰি শোকৰ ছাঁ পৰা পৰিলক্ষিত হয়। উল্লেখ্য শ্ৰমিক কেইজনে বিগত বৰ্ষত দিলীপ সম্ফামাৰীৰ সৈতে ৪০ হাজাৰ টকাত বন্দবস্ত কৰি কুৱা খুন্দাৰ কাম আৰম্ভ কৰিছিল যদিও মাটি খহি পৰাত কুৱা খুন্দাৰ কাম সম্পূৰ্ণ কৰিব নোৱাৰিলে। ইয়াৰ পৰৱৰ্তী সময়ত নতুনকৈ ৩০ হাজাৰ টকাত বন্দবস্ত কৰি পূৰ্বৰ ঠাইতে যোৱা দুদিন ধৰি কুৱা খুন্দাৰ কাম আৰম্ভ কৰিছিল।
আনহাতে স্থানীয় লোকে শ্ৰমিক জনৰ পৰিয়ালক চৰকাৰৰ তৰফৰ পৰা আৰ্থিক সহায় কৰাৰ দাবী উত্থাপন কৰে। ইফালে বিয়লি বিজনীৰ কাৰ্যবাহী দণ্ডাধীশ তথা বিজনীৰ সংলগ্ন চক্ৰ বিষয়া ইলা বণিয়া, সুভাইঝাৰ পৰিষদীয় সমষ্টিৰ পাৰিষদ প্ৰভাত বসুমতাৰী ঘটনাস্থলীত উপস্থিত হৈ উদ্ধাৰকাৰ্য তদাৰক কৰা দেখিবলৈ পোৱা যায় । অৱশেষত নিশা আঠ বজাত অভিযানকাৰী দলে দুৰ্ভগীয়া শ্ৰমিক জনৰ মৃতদেহ উদ্ধাৰ কৰিবলৈ সক্ষম হয় । মৃতদেহ উদ্ধাৰ হোৱাৰ পিছত মৰণোত্তৰ পৰীক্ষাৰ বাৱে কাজলগাঁৱৰ জেএচবি অসামৰিক চিকিৎসালয়ত প্ৰেৰণ কৰে ।
Also Read: 'আপ'লৈ ৰাষ্ট্ৰীয় দলৰ স্বীকৃতি, মৰ্যদা হেৰুৱালে তৃণমূল কংগ্ৰেছ আৰু আন দুই দলে
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us