/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-05/65922a4a-38f5-451b-9c67-10f2115dc65b/1.jpg)
ডিজিটেল সংবাদ, মথুৰাপুৰঃ আজি আন্তজাৰ্তিক শ্ৰমিক দিৱস। বুধবাৰৰে শ্ৰমিকসকলৰ কষ্টৰ প্ৰতি সন্মান জনাই ৰাজ্যৰ বিভিন্ন প্ৰান্তত উদযাপন হৈছে শ্ৰমিক দিৱস। তাৰ সামন্তৰালকৈ চৰাইদেউ জিলাৰ মথুৰাপুৰতো দিনজোৰা কাৰ্যসূচীৰে আন্তঃজাৰ্তিক শ্ৰমিক দিৱস উদযাপন কৰা হয় ৷
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-05/e9643b30-ceaf-4961-b829-7a580a795bd4/1ae0ab3e_4cda_416e_8cec_139aab1dec16.jpg)
অসম চাহ মজদুৰ সংঘৰ সোণাৰি শাখা উদ্যোগত মথুৰাপুৰ, মাইবেলা আৰু নিমনাগড় প্ৰাথমিক গোটৰ সহযোগত অনুষ্ঠিত শ্ৰমিক দিৱসৰ পুৱা পতাকা উত্তোলন কৰে সোণাৰি শাখাৰ সভাপতি প্ৰকাশ নাগে ৷ শ্বহীদ বেদীত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে সুশীল গোৱালাই ৷
ইয়াৰ পিচতেই অনুষ্ঠিত মুকলি সভাত শ্ৰমিক নেতা এটোৱা মুণ্ডাই অংশগ্ৰহণ কৰি আন্তঃৰ্জাতিক শ্ৰমিক দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰে। তেওঁ কয় যে, আজি শ্ৰমিকসকলৰ কষ্টৰ প্ৰতি সন্মান জনাই এই মে’ দিৱস অৰ্থাৎ শ্ৰমিক দিৱস উদযাপন কৰি অহা হৈছে ৷ পুঁজিপতিসকলে অতি সামান্য মজুৰিৰ বিনিময়ত শ্ৰমিকসকলক ৮/৯ ঘণ্টা সময় কামত খটুৱাই শ্ৰমৰ প্ৰাপ্ত অধিকাৰ পৰা শ্ৰমিকসকলক বঞ্চিত কৰা কাৰ্যত ক্ষুব্ধ প্ৰকাশ কৰি চৰকাৰে বিৰুদ্ধে সৰৱ হৈ পৰে৷
তেওঁ প্ৰতিগৰাকী শ্ৰমিক পৰিশ্ৰমৰ প্ৰতি উচিত সন্মান জনাবলৈ চৰকাৰলৈ আহ্বান জনায় ৷ এই অনুষ্ঠানৰ সভাস্থলীত চাহ বাগিচাৰ যুৱক-যুৱতীসকলে ঝুমুইৰ নৃত্য-গীত লগতে বিহু নাচো পৰিৱেশন কৰে ৷