স্বামীৰ মৃত্যু প্ৰমাণ পত্ৰৰ বাবে হাহাকৰ গহপুৰৰ মহিলাৰঃ নগাওঁ চিভিল হাস্পতালৰ কৰ্মচাৰীৰ বিৰুদ্ধে মুখ্যমন্ত্ৰীলৈ অভিযোগ...

বাৰে বাৰে বুজায়ো বুজাব পৰা নাই একেজন মানুহ দুঠাইত মৃত্যু হ'ব নোৱাৰে..
স্বামীৰ মৃত্যু প্ৰমাণ পত্ৰৰ বাবে হাহাকৰ গহপুৰৰ মহিলাৰঃ নগাওঁ চিভিল হাস্পতালৰ কৰ্মচাৰীৰ বিৰুদ্ধে মুখ্যমন্ত্ৰীলৈ অভিযোগ...
স্বামীৰ মৃত্যু প্ৰমাণ পত্ৰৰ বাবে হাহাকৰ গহপুৰৰ মহিলাৰঃ নগাওঁ চিভিল হাস্পতালৰ কৰ্মচাৰীৰ বিৰুদ্ধে মুখ্যমন্ত্ৰীলৈ অভিযোগ...

ডিজিটেল সংবাদ ছয়দুৱাৰ: এক পথ দুৰ্ঘটনাত অকাল মৃত্যুক আকোৱালি লোৱা গহপুৰৰ এগৰাকী শিক্ষকৰ পত্নীয়ে স্বামীৰ মৃত্যুৰ প্ৰমাণ পত্ৰৰ বাবে যোৱা প্ৰায় ডেৰ-দুমাহ ধৰি হাৰাশাস্তি সন্মুখীন হোৱাৰ সন্দৰ্ভত অতিষ্ঠ হৈ ইয়াৰ বিৰুদ্ধে আজি ৰাজ্যৰ মুখ্যমন্ত্ৰীলৈ প্ৰেৰণ কৰিছে এখন তথ্য সমৃদ্ধ অভিযোগ পত্ৰ। গহপুৰ পৌৰসভাৰ অন্তৰ্গত নিজ গহপুৰৰ বিধৱা মহিলা ৰূপা ভূঞা(৪৬)ই মুখ্যমন্ত্ৰীলৈ প্ৰেৰণ কৰা অভিযোগ পত্ৰখনত তেওঁৰ স্বামী চন্দন ভূঞাৰ মৃত্যুৰ পিছত "মৃত্যুৰ প্ৰমাণ পত্ৰ"ৰ বাবে নগাওঁ ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ৰ সংশ্লিষ্ট কৰ্মচাৰীয়ে তেওঁক যোৱা ডেৰ-দুমাহ কেনেধৰণে হাৰাশাস্তি কৰিলে সেই বিষয়ে লিখিত আকাৰে উল্লেখ কৰিছে।

তেওঁ অভিযোগপত্ৰখনত লিখিছে যে, চলিত বৰ্ষৰ যোৱা ১০ জানুৱাৰীৰ সন্ধিয়া প্ৰায় ৫-৪৫ বজাত গহপুৰ নগৰৰ মাজমজিয়াত থকা মূল ট্ৰেফিক পইণ্টত এখন ই-ৰিস্কাৰ খুন্দাত গুৰুতৰভাবে আহত হয় তেওঁৰ স্বামী চন্দন ভূঞা। ইয়াৰ পিছত তেওঁক উন্নত চিকিৎসাৰ বাবে গুৱাহাটীলৈ নি থকাৰ সময়ত স্বাস্থ্যৰ অৱস্থা গুৰুতৰ হোৱাত সেইদিনাই নিশা নগাঁৱৰ বৰঘাট চাৰিআলিত থকা চিমছ মাল্টিস্পেচিলিটি হাস্পতালত ভৰ্তি কৰিব লগা হয়।

উক্ত চিমছ মাল্টিস্পেচিলিটি হাস্পতালৰ আই চি ইউত চিকিৎসাধীন অৱস্থাত যোৱা ১৭ জানুৱাৰীৰ পুৱা প্ৰায় ৮ঃ৪০ বজাত মৃত্যুক আকোৱালি লয় তেওঁৰ শিক্ষক স্বামী চন্দন ভূঞাই। ইয়াৰ পিছত সেইদিনা নগাঁৱৰ ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ত তেওঁৰ মৰণোত্তৰ পৰীক্ষা সম্পন্ন কৰি মৃতদেহ ঘৰলৈ লৈ অনা হয়।

তেওঁৰ মৃত্যুৰ পিছত মৃত্যুৰ প্ৰমাণ পত্ৰৰ বাবে কাষ চপা হয় ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ৰ জন্ম-মৃত্যু পঞ্জীয়ন কক্ষৰ কৰ্মচাৰীৰ। কাৰণ নগাঁৱত মৃত্যুৰ প্ৰমাণ পত্ৰৰ বাবে ক'ত, কেনেকৈ আবেদন কৰিব লাগে সেই বিষয়ে একেবাৰে অজ্ঞ আছিল তেওঁলোক। চিকিৎসালয়খনৰ উক্ত কক্ষত থকা "দীপক" নামৰ কৰ্মচাৰীজনক চন্দন ভূঞাৰ মৃত্যুৰ স্থান সম্পৰ্কে সবিশেষ বুজাই কোৱাৰ লগতে ইয়াৰ বাবে ক'ত কেনেকৈ আবেদন কৰিব লাগিব সেই বিষয়ে সোধাত তেওঁ এখন প্ৰ-পত্ৰ পূৰণ কৰি দিবলৈ কয়। ইয়াৰ বাবে কৰ্মচাৰী জনে তেওঁৰ পুত্ৰৰ পৰা লয় নগদ ৫০০ টকাৰ খৰছ।

সেই অনুসৰি-কৰ্মচাৰীজনৰ কথা মতে যোৱা ৫ ফেব্ৰুৱাৰীত প্ৰয়োজনীয় নথি-পত্ৰসহ নগাঁৱৰ ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ত উক্ত মৃত্যুৰ প্ৰমাণ পত্ৰৰ বাবে আবেদন কৰা হয়। প্ৰ-পত্ৰৰ লগত বৰঘাট আৰক্ষী তালাচী চকীৰ যিটো পুলিচ ৰিপ'ৰ্ট দিয়া হৈছিল তাত চন্দন ভূঞাৰ মৃত্যুৰ স্থান চিমছ মাল্টিস্পেচিলিটি হাস্পতাল বুলি স্পষ্টকৈ উল্লেখ আছিল।

ইয়াৰ পিছত ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ৰ জন্ম-মৃত্যুৰ পঞ্জীয়ন আৰু প্ৰমাণ পত্ৰ দিয়া বিভাগে যোৱা ৮ ফ্ৰেব্ৰুৱাৰীত যিখন মৃত্যুৰ প্ৰমাণ পত্ৰ প্ৰদান কৰিলে সেইখন প্ৰমাণ পত্ৰত চন্দন ভূঞাৰ মৃত্যুৰ স্থান চিমছ মাল্টিস্পেচিলিটি হাস্পতালৰ ঠাইত ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়(বি.পি চিভিল হাস্পতাল,নগাঁও) বুলি ভুলকৈ উল্লেখ কৰে। মৃত্যুৰ প্ৰমাণ পত্ৰখনত থকা এনেধৰণৰ তথ্য গত ভুলৰ বাবে জন্ম-মৃত্যুৰ পঞ্জীয়ন আৰু প্ৰমাণ পত্ৰ দিয়া বিভাগত বাৰম্বাৰ কোৱাৰ পিছতো উক্ত বিভাগৰ দায়িত্বত থকা সংশ্লিষ্ট কৰ্মচাৰীসকলে(বিশেষকৈ দীপক নামৰ কৰ্মচাৰীগৰাকীয়ে) অকণো গুৰুত্ব নিদি তেওঁক ভীষণ সমস্যাত পেলাই।

উক্ত কক্ষত দায়িত্বত থকা সংশ্লিষ্ট কৰ্মচাৰীসকলে বিষয়টোক গুৰুত্বহীন কৰি কয় যে, যিহেতু চন্দন ভূঞাৰ মৰণোত্তৰ পৰীক্ষা ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ত কৰা হৈছে সেইবাবে মৃত্যুৰ স্থান ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয় বুলিয়েই উল্লেখ থাকিব। তেওঁলোকৰ মতে তেওঁলোকে শুদ্ধ কামেই কৰিছে। কিন্তু এজন লোকৰ মৃত্যুৰ স্থান কেনেকৈ দুঠাইত হ'ব পাৰে?

ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ৰ সংশ্লিষ্ট কৰ্মচাৰীৰ এনে বেপৰোৱা কাৰ্য্যৰ বাবে এতিয়া পেঞ্চন ,জীৱন বীমা,হেল্থ ইঞ্চুৰেঞ্চ আদিৰ বিভিন্ন কাম কৰাৰ ক্ষেত্ৰত ভীষণ সমস্যাত পৰিবলগীয়া হয় ৰূপা ভূঞা। যাৰ বাবে ভুল তথ্যৰ মৃত্যুৰ প্ৰমাণ পত্ৰখনৰ সন্দৰ্ভত উপায়হীন হৈ যোৱা ২১ এপ্ৰিলত বিষয়টো ফোন যোগে অৱগত কৰে ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ৰ অধীক্ষকক।

অধীক্ষকগৰাকীয়ে বিষয়টো বুজ ল'বলৈ পিছদিনা মাতি পঠিওৱাত যোৱা ২২ এপ্ৰিলৰ দিনৰ ১১ বজাত প্ৰায় দুশ কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰি পুনৰ চিকিৎসালয়খনত উপস্থিত হয় তেওঁৰ পুত্ৰ ময়ুখ ভূঞা আৰু এগৰাকী ভতিজা। কিন্তু অধীক্ষকগৰাকীৰ কথামতে ইমান দূৰ যোৱাৰ পিছতো তেওঁ সেইদিনা বিষয়টো সমাধান কৰাৰ ক্ষেত্ৰত কোনো ধৰণৰ পদক্ষেপ গ্ৰহণ কৰিব নোৱাৰিলে।

কাৰণ অধীক্ষক গৰাকীৰ মতে সেইদিনা কম্পিউটাৰ অপাৰেটৰ জন বোলে ইলেকছন ডিউটিৰ বাবে কাৰ্য্যলয়লৈ নাহিল। অৱশ্যে সেইদিনা অধীক্ষকগৰাকীৰ হাতত উক্ত বিষয় সন্দৰ্ভত দি অহা হয় এখন লিখিত আবেদন। কম্পিউটাৰ অপাৰেটৰ নথকাৰ বাবে অধীক্ষকগৰাকীয়ে আকৌ মাতি পঠিয়ায় ২৯ এপ্ৰিলত।

ইয়াৰ পিছত যোৱা ২৩ এপ্ৰিলত চিকিৎসালয়খনৰ পৰা এগৰাকী কৰ্মচাৰীয়ে ৯৪০১১২৮৫২০ নম্বৰৰ মবাইল ফোনৰ পৰা ফোন কৰি তেওঁৰ পুত্ৰ ময়ূখক কয় যে, চন্দন ভূঞাৰ পূৰ্বৰ মৃত্যুৰ প্ৰমাণ পত্ৰখন ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ৰ পৰা নাকচ কৰি বুঢ়া গোহাঁই প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত নতুনকৈ আবেদন কৰিব লাগিব।সেইবাবে তেওঁক পুনৰ নগাঁৱলৈ মাতি পঠিয়াই কৰ্মচাৰীজনে।

ইয়াৰ পিছত যোৱা যোৱা ২৯ এপ্ৰিলত তেওঁৰ পুত্ৰ গৈ ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ৰ পৰা পূৰ্বৰ মৃত্যুৰ প্ৰমাণ পত্ৰখন নাকচ কৰি নতুনকৈ বুঢ়া গোঁহাই প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত আবেদন কৰিবলগীয়া হয়। ইয়াৰ বাবে অতিৰিক্তকৈ প্ৰয়োজন হয় এখন শপতনামাৰ।পিছত ৰূপা ভূঞাই জানিব পাৰে যে, চিমছ মাল্টিস্পেচিলিটি হাস্পতালখন ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ৰ অন্তৰ্গত নহয়। যাৰ বাবে পূৰ্বতে দিয়া প্ৰমাণ পত্ৰখন নাকচ কৰি আকৌ নতুন প্ৰক্ৰিয়া আৰম্ভ কৰিবলগীয়া হয়।

যি কথা তেওঁলোকক বুজাই কোৱাৰ পৰিবৰ্তে যোৱা ডেৰ দুমাহ ধৰি ভুল তথ্যৰে হাৰাশাস্তিৰ সন্মুখীন কৰিলে নগাঁৱৰ ভোগেশ্বৰী ফুকননী হাস্পতালৰ সংশ্লিষ্ট কৰ্মচাৰীয়ে। উল্লেখযোগ্য যে, বৰঘাট আৰক্ষী তালাচী চকী(নগাঁও) আৰু চিমছ মাল্টিস্পেচিলিটি হাস্পতালে চন্দন ভূঞাৰ মৃত্যুৰ স্থান চিমছ মাল্টিস্পেচিলিটি হাস্পতাল বুলি উল্লেখ কৰি প্ৰতিবেদন দিয়াৰ বিপৰীতে ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ে তেওঁৰ মৃত্যুৰ স্থান ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয় বুলি উল্লেখ কৰাত এজন লোকৰ মৃত্যুৰ স্থান দুঠাইত কেনেদৰে হ'ব পাৰে বুলি বুজাই কোৱাৰ পিছতো কোনো ধৰণৰ গুৰুত্ব দিয়া নাছিল সংশ্লিষ্ট কৰ্মচাৰীসকলে।

অভিযোগ পত্ৰখনত আৰু উল্লেখ কৰি ৰূপা ভূঞাই কয় যে, তেওঁ এগৰাকী সদ্য বিধৱা মহিলা। তদুপৰি তেওঁ ভৰিৰ অসুখত ভূগি আছে। তেওঁৰ একমাত্ৰ পুত্ৰ তেজপুৰত থাকি অধ্যয়ন (স্নাতক বৰ্ষ) কৰি আছে।পৰিয়ালত আগলৈ পিছলৈ যোৱা মানুহ নাই।স্বামীৰ মৃত্যুৰ পিছত তেওঁৰ জমা ধন বুলিবলৈ নাই।যি আছিল সেয়া স্বামীৰ দুৰ্ঘটনাজনিত ব্যয় বহুল চিকিৎসাত খৰছ হ'ল।

তেনেক্ষেত্ৰত স্বামীৰ মৃত্যুৰ প্ৰমাণ পত্ৰখনৰ বাবে গহপুৰৰ পৰা নগাঁৱলৈ প্ৰায় ২০০ কিলোমিটাৰ দুৰত্ব মুঠ চাৰিবাৰ গাড়ী ভাড়া কৰি যাবলগীয়া হয় তেওঁ আৰু তেওঁৰ পুত্ৰ।ৰূপা ভূঞাই অভিযোগ পত্ৰখনৰ জৰিয়তে উল্লেখ কৰি লগতে কয় যে, মৃত্যুৰ দৰে দুখজনক বিষয়ৰ লগত তেওঁৰ দৰে আন কোনো ব্যক্তিৰ ক্ষেত্ৰত যাতে ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ৰ সংশ্লিষ্ট কৰ্মচাৰীয়ে এনেধৰণৰ ভুল তথ্যৰে হাৰাশাস্তিৰ সৃষ্টি নকৰে সেই বিষয়ে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ দৃষ্টি আকৰ্ষণ কৰি ইয়াৰ বিৰুদ্ধে এক উপযুক্ত তদন্তৰ আশা প্ৰকাশ কৰি দোষী কৰ্মচাৰীৰ বিৰুদ্ধে বিহীত ব্যৱস্থা ল'বলৈ মুখ্যমন্ত্ৰীক তেওঁ অভিযোগ পত্ৰখনৰ জৰিয়তে কাতৰ অনুৰোধ কৰিছে।

অভিযোগপত্ৰখনৰ লগত তেওঁ ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ে ভুল তথ্যৰে দিয়া মৃত্যুৰ প্ৰমাণ পত্ৰ,চিমছ মাল্টিস্পেচিলিটি হাস্পতালৰ মৃত্যুৰ প্ৰমাণ পত্ৰ,বৰঘাট আৰক্ষী তালাচী চকীৰ পুলিচ ৰিপ'ৰ্ট আৰু ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ৰ অধীক্ষকক হাস্পতালৰ অধীক্ষকক দিয়া আবেদনৰ প্ৰতিলিপি গাঁঠি দিয়া হৈছে।

স্বামীৰ মৃত্যু প্ৰমাণ পত্ৰৰ বাবে হাহাকৰ গহপুৰৰ মহিলাৰঃ নগাওঁ চিভিল হাস্পতালৰ কৰ্মচাৰীৰ বিৰুদ্ধে মুখ্যমন্ত্ৰীলৈ অভিযোগ...
ভোটদানৰ প্ৰকৃত হাৰ প্ৰকাশ কৰিবলৈ নিৰ্বাচন আয়োগক সময় লাগিল ১১ দিন...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in