বিশিষ্ট লেখিকা-সমাজকৰ্মী মীনা মহন্তলৈ "লাৱণ্য হাজৰিকা আদৰ্শ মাতৃ" বঁটা

বিশিষ্ট লেখিকা-সমাজকৰ্মী মীনা মহন্তলৈ "লাৱণ্য হাজৰিকা আদৰ্শ মাতৃ" বঁটা

author-image
Asomiya Pratidin
New Update
বিশিষ্ট লেখিকা-সমাজকৰ্মী মীনা মহন্তলৈ "লাৱণ্য হাজৰিকা আদৰ্শ মাতৃ" বঁটা

ডিজিটেল ডেস্কঃ 'প্ৰকৃতি যেনেকৈ ইশ্বৰৰ এক প্ৰকাশ, মাতৃও তেনেদৰে প্ৰকৃতিৰ মানৱী ৰূপ।'- লেখিকা সংস্থা, অসমৰ উদ্যোগত-২০২৩ বৰ্ষৰ বাবে প্ৰদান কৰা লাৱণ্য হাজৰিকা আদৰ্শ মাতৃ বঁটা আনুষ্ঠানিকভাবে গ্ৰহণ কৰি মাতৃ সন্দৰ্ভত এইদৰে মন্তবায কৰে বিশিষ্ট লেখিকা, অগ্ৰণী সাংস্কৃতিক কৰ্মী তথা সমাজকৰ্মী মীনা মহন্তৰ। তেওঁ লগত কয় যে, কেৱল সন্তানেই নহয়, সমাজ-দেশ তথা জাতিৰ বিকাশ আৰু উন্নতিৰ মূল আধাৰ হৈছে মাতৃ। তদুপৰি মীনা মহন্তই কয় যে, এই বঁটা মাকৰ মৰম আৰু মমতাৰ এক স্বীকৃতি, সন্মান।

Advertisment

উল্লেখ্য যে, লেখিকা সংস্থা, অসমৰ সভাপনেত্ৰী মৃদুলা শৰ্মাৰ সঞ্চালনাত আয়োজিত এই লাৱণ্য হাজৰিকা আদৰ্শ মাতৃ বঁটা প্ৰদান অনুষ্ঠানটি আনুষ্ঠানিকভাবে উদ্বোধন কৰে বিশিষ্ট শিক্ষবিদ লেখিকা ৰতিপ্ৰভা গগৈয়ে। বন্তি প্ৰজ্বলন, শ্ৰদ্ধাঞ্জলি জ্ঞাপন আৰু নিভা শৰ্মাই পৰিবেশন কৰা বৰগীতেৰে শুভৰাম্ভ কৰা অনুষ্ঠানটিত মুখ্য অতিথি ৰূপে অংশগ্ৰহণ কৰি প্ৰথিতযশা শিক্ষাবিদ, লেখক, আবৃত্তিকাৰ ড০ অমৰজ্যোতি চৌধুৰীয়ে আদৰ্শ বঁটা প্ৰাপক মীনা মহন্তৰ জীৱন আৰু জীৱনচৰ্যা সন্দৰ্ভত আলোকপাত কৰে। তেওঁ কয় যে- মাতৃসকল সদায়ে অনুপ্ৰেৰণাৰ উৎস, মাতৃয়ে আমাৰ সমাজখন গঢ় দিয়ে।

অনুষ্ঠানটিত বঁটাটিৰ দাতা পৰিয়ালৰ তৰফৰ পৰা অতিথি ৰূপে অংশগ্ৰহণ কৰি অসম সাহিত্য সভাৰ সভাপতি পদ্মশ্ৰী ড০ সূৰ্যকান্ত হাজৰিকাই তেওঁৰ ধৰ্মপ্ৰাণ মাতৃ লাৱণ্য হাজৰিকাৰ সোঁৱৰণত প্ৰৱৰ্তন কৰা আদৰ্শ বঁটাটিক সন্দৰ্ভত এক সাম্যক ধাৰণা প্ৰদান কৰাৰ লগতে বঁটাপ্ৰাপকগৰাকীৰ কৰ্মৰাজিৰ বিষয়েও আলোকপাত কৰে। উক্ত অনুষ্ঠানতে ৰঞ্জু ফুকন ৰচিত "জীৱন এটা সুৰীয়া গান" শীৰ্ষক কাব্যগ্ৰন্থখনি আনুষ্ঠানিকভাবে উন্মোচন কৰি বিশিষ্ট অতিথি ৰূপে অংশগ্ৰহণ কৰা আদৰ্শ মাতৃ তথা অসম সাহিত্য সভাৰ প্ৰাক্তন উপ-সভাপতি সুলেখিকা মৃণালিনী দেৱীয়ে সন্তানৰ জীৱন তথা চৰিত্ৰ গঠনত এগৰাকী মাতৃৰ ভূমিকা কেনে হোৱা উচিত সেই সন্দৰ্ভত বক্তব্য প্ৰদান কৰে।

উল্লেখ্য যে, এই গাম্ভৰ্যপূৰ্ণ অনুষ্ঠানটিত উপস্থিত থাকে লেখিকা সংস্থা, অসমৰ কোষাধ্যক্ষ জুৰি বৰুৱা, শিক্ষাবিদ-সাহিত্যিক দীপ্তিময়ী বুঢ়াগোঁহাই গগৈ, গড়গাঁও মহাবিদ্যালয়ৰ অধ্যক্ষ-নিবন্ধকাৰ ড০ সব্যসাচী মহন্ত, লেখিকা সংস্থা, অসমৰ কাৰ্যকৰী সভাপতি, লেখিকা সংস্থা, অসমৰ প্ৰধান সম্পাদক বিজয়া দেৱ দাস আদিৰ লগতে বহু গণ্য মান্য ব্যক্তি।

Also Read: প্ৰসংগ- পৃথক বৰাক লেণ্ড! গৰম বতাহ বলিছে ৰাজনীতিত

অসম লেখিকা সমাজ