প্ৰমোদ বড়োই সদায় কোচ-ৰাজবংশী সকলৰ জনজাতীকৰণৰ বিৰোধিতা কৰি আহিছেঃ কোচ-ৰাজবংশী কোষ

প্ৰমোদ বড়োই সদায় কোচ-ৰাজবংশী সকলৰ জনজাতীকৰণৰ বিৰোধিতা কৰি আহিছেঃ কোচ-ৰাজবংশী কোষ

ডিজিটেল সংবাদ, চিৰাংঃ ৰাজ্যৰ তৃতীয় পৰ্যায়ৰ নিৰ্বাচনী প্ৰচাৰৰ সময়সীমা যৱনিকা পৰাৰ প্ৰাকমূহূৰ্ত্তত চিৰাঙৰ কাশিকত্ৰাত বিপিএফৰ ব্লক কাৰ্যালয়ত কোচ-ৰাজবংশী কোষে সংবাদমেল অনুষ্ঠিত কৰে। ইউপিপিএল দলৰ সভাপতি প্ৰমোদ বড়োয়ে প্ৰথম অবস্থাৰ পৰাই কোচ-ৰাজবংশীসকলৰ জনজাতীকৰণৰ বিৰোধিতা কৰি আহিছে এই অভিযোগ উত্থাপন কৰে বিপিএফৰ কোচ-ৰাজবংশী কোষৰ সভাপতি দিপাংকৰ ৰাজবংশী আৰু দীপন অধিকাৰীয়ে ।

তাৰ বিপৰীতে কোচ ৰাজবংশীসকলৰ দীৰ্ঘদিনীয়া দাবী জনজাতিকৰণ আদি অন্যান্য জাতীয় সমস্যসমূহ সমাধান কৰাৰ বাবে পূৰ্বৰে পৰা হাগ্ৰামা মহিলাৰীয়ে কাম কৰি আছে বুলি দাবী কৰে। যাৰ কাৰণে অহা ৭ মে তাৰিখে অনুষ্ঠিত হ'বলগা ভোটগ্ৰহণৰ দিনা বিপিএফ দলৰ কোকৰাঝাৰ লোকসভা সমষ্টিৰ প্ৰাৰ্থী খাম্পা বৰগয়াৰীক বিটিচিবাসীক কোচ-ৰাজবংশীক ৰাইজক ভোটদান কৰিবলৈ আহ্বান জনায়।

কোচ-ৰাজবংশী জনগোষ্ঠী জনজাতিকৰণৰ ক্ষেত্ৰত বিজেপি দলেও কোচ-ৰাজবংশীসকলক বিগত দহ বছৰে প্ৰতাৰণা কৰি আহিছে বুলি নেতাদ্বয়ে সংবাদমেলত অভিযোগ কৰে। এইকথা বিটিচিবাসী কোচ-ৰাজবংশী জনগোষ্ঠীৰ লোকসকলে ভালকৈ অৱগত।

দীপাংকৰ ৰাজবংশীয়ে কয় যে এইবাৰ আমাক বিশ্বাসত লৈ, বিপিএফ দলৰ সভাপতি হাগ্ৰামা মহিলাৰীক বিশ্বাসত লৈ বিপিএফ দলক ভোটদানৰ আহ্বান জনায়।একাংশ কোচ-ৰাজবংশী জনগোষ্ঠীৰ স্বাৰ্থান্বেষী লোকে জাতীয় সংগঠনৰ নাম লৈ নিজৰ ব্যক্তিগত স্বাৰ্থৰ বাবে ইউপিপিএল দলক সমৰ্থন কৰিছে । অথচ তেওঁলোকৰ পক্ষত কোনো সাধাৰণ ৰাইজ নাই সকলোৱে জানে বুলি সংবাদমেলত উল্লেখ কৰে ।

প্ৰমোদ বড়োই সদায় কোচ-ৰাজবংশী সকলৰ জনজাতীকৰণৰ বিৰোধিতা কৰি আহিছেঃ কোচ-ৰাজবংশী কোষ
এটা জাতিৰ পৰিচয় ধৰি ৰাখে সেই জাতিৰ ভাষা আৰু সংস্কৃতিয়েঃ শিৱসাগৰৰ সন্মিলিত ৰঙালী বিহু সন্মিলনত সাদিন-প্ৰতিদিন গোষ্ঠীৰ অধ্যক্ষ জয়ন্ত বৰুৱা...
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in