এটা জাতিৰ পৰিচয় ধৰি ৰাখে সেই জাতিৰ ভাষা আৰু সংস্কৃতিয়েঃ শিৱসাগৰৰ সন্মিলিত ৰঙালী বিহু সন্মিলনত সাদিন-প্ৰতিদিন গোষ্ঠীৰ অধ্যক্ষ জয়ন্ত বৰুৱা...

এটা জাতিৰ পৰিচয় ধৰি ৰাখে সেই জাতিৰ ভাষা আৰু সংস্কৃতিয়েঃ শিৱসাগৰৰ সন্মিলিত ৰঙালী বিহু সন্মিলনত সাদিন-প্ৰতিদিন গোষ্ঠীৰ অধ্যক্ষ জয়ন্ত বৰুৱা...

ডিজিটেল সংবাদ, শিৱসাগৰঃ শিৱসাগৰ চহৰৰ বৰ্ডিং খেলপথাৰত শিৱসাগৰ সন্মিলিত ৰঙালী বিহু সন্মিলনৰ সাংস্কৃতিক সন্ধিয়া আজি উদ্বোধন কৰি  অসমীয়া প্ৰতিদিন কাকতৰ সম্পাদক জয়ন্ত বৰুৱাই কয় যে -অসমীয়া জাতিৰ অন্যতম খনিকৰ চাওলুং চুকাফাই বৃহৎ অসমীয়া জাতিগঠন প্ৰক্ৰিয়াৰ পাতনি মেলা এই শিৱসাগৰে বহু বীৰ-বীৰাংগনাৰ শৌর্য-বীর্য, বীৰত্বৰ ইতিহাস বহন কৰিছে ৷ একেদৰে আমাৰ অসমৰ বৌদ্ধিক আৰু সাংস্কৃতিক ক্ষেত্ৰৰ কাণ্ডাৰীসকলৰ কৰ্মভূমিও এই শিৱসাগৰ।

এইবাবে মই শিৱসাগৰীয়া সন্তান হিচাপে গর্ব অনুভৱ কৰো আৰু ভাষাৰ ওজা হেমচন্দ্ৰ বৰুৱাদেৱৰ পৰিয়ালত জন্মগ্ৰহণ কৰা বাবে নিজকে ধন্য মানো। তেওঁ কয় ৰংঘৰৰ বাকৰিত জাতীয় উৎসৱ হিচাপে স্বীকৃতি পোৱা বিহুৱে ধৰ্ম-ভাষা নির্বিশেষে সকলোকে একত্ৰিত কৰি সমাজখনক সুস্থিৰ আৰু সবল কৰি ৰাখে। হ’লেও এই জাতীয় উৎসৱটোৰ প্ৰতিও আহিছিল গভীৰ সংকট। আনকি অশালীনতাৰ অভিযোগেৰে ব্ৰিটিছ শাসকে বিহুৰ নৃত্য-গীতক নিষিদ্ধ কৰিছিল। কিন্তু এই প্ৰত্যাহ্বান ওফৰাই পেলাইছিল আমাৰ ডেকা-গাভৰুৱে। নগাঁৱৰ পুৰণিগুদামৰ পৰা মৈমত টাতিঙা, চেনীমাই আদিয়ে গুৱাহাটীত গৈ ব্ৰিটিছ বৰচাহাবৰ সন্মুখত এঘণ্টা বিহু নাচি এয়া যে অশালীন নহয় সেয়া প্রতিয়ন নিয়াইছিল। যাৰ ফলত উঠি গৈছিল নিষিদ্ধকৰণৰ নিৰ্দেশনা।

উদযাপন সমিতিৰ হৈ সুৰজিত বৰুৱাৰই সম্পাদনা কৰা “বৰ্হমথুৰি” স্মৃতিগ্ৰন্থ উন্মোচন কৰি জয়ন্ত বৰুৱাই কয় এটা জাতীয় পৰিচয় ধৰি ৰাখে সেই জাতিৰ ভাষা আৰু সংস্কৃতিয়ে। অসমীয়া জাতিয়ে নিজৰ ভাষা আৰু সংস্কৃতিৰ জৰিয়তে নিজকে বিশ্বৰ বুকুত এটা শক্তিশালী জাতি ৰূপে প্রতিষ্ঠা কৰিবলৈ সক্ষম হৈছে। কিন্তু এই পৰিক্ৰমাত সময়ে সময়ে অসমীয়া ভাষা আৰু সংস্কৃতিলৈ বিভিন্ন ভাবুকি আহিছে। ১৮৩৬ চনত এই অসমীয়া ভাষাটোক একাষৰীয়া কৰি বাঙালী ভাষাক চৰকাৰী ভাষাৰূপে স্বীকৃতি প্ৰদান কৰিছিল ৷ সেই সময়ৰ আমাৰ উপৰি পুৰুষৰ বৌদ্ধিক কাণ্ডাৰীসকলে এক বৌদ্ধিক আন্দোলনৰ জৰিয়তে ভাষাটো ঘূৰাই আনিবলৈ সক্ষম হয়। 

আন্দোলনৰ কেন্দ্ৰভূমিও আছিল ইতিহাসপ্ৰসিদ্ধ শিৱসাগৰ। আমি সৌভাগ্যৱান আমাৰ প্ৰ-পিতামহ ভাষাৰ ওজা হেমচন্দ্ৰ বৰুৱা আছিল এই আন্দোলনৰ এক অন্যতম কাণ্ডাৰী। তেওঁ কয় এখন ব্যাকৰণ আৰু এখন পূৰ্ণাংগ অভিধানৰ অবিহনে কোনো ভাষায়েই স্থায়িত্ব লাভ নকৰে। এই কথা উপলব্ধি কৰিয়েই ভাষাৰ ওজা হেমচন্দ্ৰ বৰুৱাই প্ৰথমখন অসমীয়া ভাষাৰ ব্যাকৰণৰ লগতে হেমকোষ অভিধান প্রণয়নেৰে ভাষাটোক যুগমীয়া কৰি থৈ গ'ল আৰু সেইজনা হেমচন্দ্ৰ বৰুৱাৰ কৰ্মভূমিও আছিল এই শিৱসাগৰেই। ১৯০০ চনত ছপা আকাৰত প্ৰকাশ পোৱা হেমকোষখন পৰৱৰ্তী সময়ত দুটা সংস্কৰণ আমাৰ ককা আনন্দৰাম বৰুৱাই আৰু আমাৰ পিতৃ হেমকোষপ্রাণ দেৱানন্দ বৰুৱাই চতুৰ্দশ সংস্কৰণলৈকে সম্পাদনা কৰি প্ৰকাশ কৰি উলিয়ায়। পিতৃ বিয়োগৰ পিচত চতুৰ্থ প্ৰজন্মৰ সন্তান হিচাপে আমাৰ ওপৰতো দায়িত্ব আহি পৰিল। সেইবাবে আমিও তিনিজন ভাষাবিদক অভিভাৱক হিচাপে লৈ প্ৰায় ৩,৬০০ নতুন শব্দ সংযোজনেৰে পঞ্চদশ সংস্কৰণৰ কাম সম্পূৰ্ণ কৰি ৰাইজৰ হাতত তুলি দিছো।

ইয়াৰ আগে আগে আমি দৃষ্টিহীনসকলে যাতে শুদ্ধকৈ অসমীয়া ভাষাটো শিকিব পাৰে আৰু তেওঁলোকৰ পাঠ্যপুথি যাতে শুদ্ধকৈ প্ৰস্তুত হ'ব পাৰে, তাৰবাবে  হেমচন্দ্ৰ বৰুৱাৰ প্ৰথম অসমীয়া ব্যাকৰণখন আৰু হেমকোষৰ ব্ৰেইল সংস্কৰণ প্ৰকাশ কৰো ৷ এই কাৰ্য আছিল অতিকৈ প্ৰত্যাহ্বানমূলক। কিন্তু আপোনাসৱৰ আশীৰ্বাদত সেই কার্য সুকলমে সম্পাদন হোৱাই নহয়, গিনিজ বুক অব্ ৱৰ্ল্ড ৰেকৰ্ড কর্তৃপক্ষই এই ব্ৰেইল অভিধানক বিশ্বৰ সর্ববৃহৎ দ্বি-ভাষিক ব্রেইল অভিধান হিচাপে স্বীকৃতি প্ৰদান কৰিছে বুলি মন্তব্য কৰে। জয়ন্ত বৰুৱাই সুদীৰ্ঘ ২৭ বছৰধৰি বৰ্ডিং খেলপথাৰত বিহু সন্মিলন অনুষ্ঠিত  কৰি অহা শিৱসাগৰৰ সন্মিলিত ৰঙালী বিহু সন্মিলনৰ উদ্যোক্তা সকলক ভূয়সী প্ৰশংসা কৰি কয়  শিৱসাগৰৰ এই বিহু সন্মিলনৰ লগত জড়িত ব্যক্তি সকলে এইবাৰ বিহুৰ বাবে প্ৰয়োজনীয় তথা আমাৰ আদৰৰ গামোচাখন নিজা উদ্যোগত উৎপাদন কৰিছে। তেওঁলোকে নিজা প্ৰচেষ্টাৰে গঢ়ি তোলা বয়ন কেন্দ্ৰত আমাৰ থলুৱা শিপিনীয়ে এই গামোচা সমূহ বৈ উলিয়াইছে ।

আমাৰ বাবে এইয়া আশাৰ বতৰা, ভাল খৱৰ । যিহেতু বিহুৰ লগত কৰ্মসংস্কৃতিৰ দিশ জড়িত হৈ আছে যদিও আমি আজিকালি বিভিন্ন কাৰণত বাহিৰৰ ৰাজ্যৰ পৰা অহা সামগ্ৰীৰে বিহু পাতিবলগাত পৰিছোঁ ৷ বিহু সহিতে সভা সমিতিত ব্যৱহাৰ হোৱা গামোচাৰ নামতেই প্ৰতিবছৰে আমাৰ ৰাজ্যৰ পৰা কোটি কোটি টকা বাহি ৰাজ্যলৈ ওলাই যায়। শিৱসাগৰৰ এই বিহু সন্মিলনৰ দৰে অসমৰ আন আন বিহু সন্মিলনেও বিহুত ব্যৱহাৰ হোৱা গামোচা সহিতে আন আন বস্ত্ৰ থলুৱা শিপিনীৰ দ্বাৰা উৎপাদন কৰাৰ ব্যৱস্থা কৰিলে থলুৱা শিপিনীসকল উপকৃত হোৱাৰ লগতে অসমৰ ধন বাহিৰলৈ ওলাই যোৱা প্ৰক্ৰিয়া কিছু পৰিমাণে হ'লেও বন্ধ হ'ব। আমাৰ গ্ৰাম্য অৰ্থনীতিৰ ভেটি শক্তিশালী হ’ব ৷

জয়ন্ত বৰুৱাই কয়,  এই বিহু সন্মিলিনে যোৱা কেইবাটাও বছৰধৰি শিৱসাগৰত উন্নয়নমূলক কাম কৰি আহিছে। শিৱসাগৰ অসামৰিক চিকিৎ‍সালয় চৌহদ, শিৱসাগৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সন্মুখকে ধৰি তিনিটা স্থানত খোৱাপানী যোগান আঁচনি ৰূপায়ণ কৰিছে। শিৱসাগৰৰ সন্মিলিত ৰঙালী বিহু সন্মিলনৰ উদ্যোক্তা সকলে সমাজৰ মংগল আৰু উন্নয়নৰ  ভালেমান ইতিবাচক কাম কৰি আহিছে। বিহু সন্মিলনৰ লগত জড়িত প্ৰতিগৰাকী ব্যক্তিক ধন্যবাদ জনোৱাৰ লগতে ভবিষ্যতৰ দিনত তেওঁলোকে এনে কাম কৰি যাব বুলি আশা ৰাখা বুলি অসমীয়া প্ৰতিদিনৰ সম্পাদক গৰাকীয়ে মন্তব্য কৰে ৷

এই অনুষ্ঠানৰ পূৰ্বে বঁটা বিতৰণী সভা অনুষ্ঠিত হয় ৷ উদযাপন সমিতিৰ সম্পাদক তথা অসম উন্নতি সভাৰ সাধাৰণ সম্পাদক শৰৎ হাজৰিকা আৰু বিশ্ব জ্যোতি ভূঞাই আঁতধৰা সভাখনত ডা° পি পি চেতায়া,বিকাশ দে, চিত্ৰধৰ দেউৰী, পোনাৰাম মিলি, মনোজ ভাগৱতী, জয়ন্ত দত্ত, ৰজনী চাংকাকতি, ময়ূৰ বৰা, সাধন বাৰাট,বিষ্ণু শৰ্মাকে আদিকৰি ভালেসংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত থাকে ৷ শৰৎ হাজৰিকাই বিহু সন্মিনৰ ইতিহাস সম্পৰ্কে বক্তব্য আগবঢ়াই ৷ অনুষ্ঠানত প্ৰায়াত প্ৰণৱজিৎ চলিহাৰ সহধৰ্মিনী ৰাকা চলিহাক সম্বদ্ধনা জনায়। 

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in