স্ত্ৰীৰোগ বিশেষজ্ঞ ডাঃ অৰুণ পল চৌধুৰী আৰু নাই...

বৰাক উপত্যকাৰ প্ৰখ্যাত স্ত্ৰীৰোগ বিশেষজ্ঞ ডাঃ অৰুণ পল চৌধুৰী আৰু নাই। নিশা প্ৰায় ১.৪২ বজাত কলকাতাৰ টাটা কৰ্কট চিকিৎসালয়ত শেষ নিশ্বাস ত্যাগ কৰে চিকিৎসক গৰাকীয়ে।

author-image
Asomiya Pratidin
New Update
স্ত্ৰীৰোগ বিশেষজ্ঞ ডাঃ অৰুণ পল চৌধুৰী আৰু নাই...

ডিজিটেল ডেস্ক: বৰাক উপত্যকাৰ প্ৰখ্যাত স্ত্ৰীৰোগ বিশেষজ্ঞ ডাঃ অৰুণ পল চৌধুৰী আৰু নাই। নিশা প্ৰায় ১.৪২ বজাত কলকাতাৰ টাটা কৰ্কট চিকিৎসালয়ত শেষ নিশ্বাস ত্যাগ কৰে চিকিৎসক গৰাকীয়ে।

Advertisment

২০২২ চনৰ আগষ্ট মাহত তেওঁ হাঁওফাঁওৰ কৰ্কট ৰোগত আক্ৰান্ত হৈছিল আৰু তেতিয়াৰ পৰা তেওঁ চিকিৎসাধীন হৈ আছিল।

ডাঃ অৰুণ পল চৌধুৰীক ধুবুৰী চিকিৎসা মহাবিদ্যালয়ত স্ত্ৰীৰোগ বিভাগৰ অধ্যাপক হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। ইয়াৰ উপৰিও বৰাক উপত্যকাত চিকিৎসা সেৱা অব্যাহত ৰাখিছিল। ডিচেম্বৰ মাহত যেতিয়া তেওঁৰ স্বাস্থ্যৰ অধিক অৱনতি হয় তেওঁক বিমানেৰে কলকাতালৈ লৈ যোৱা হৈছিল।

শিলচৰ চিকিৎসা মহাবিদ্যালয়ৰ আৰু হাস্পাতালৰ অধ্যক্ষ ডাঃ বাবুল বেজবৰুৱাই কয় যে বৰাক উপত্যকাৰ বাবে ই এক বৃহৎ ক্ষতি। তেওঁ এতি দয়ালু আৰু সহায়ক আছিল। মৃত্যুৰ খবৰ জানিব পাই শোক ব্যক্ত কৰে বেজবৰুৱাই।

আৰু পঢ়ক: ঘন কুঁৱলী! বাতিল ২৬৭ খন ট্ৰেইনৰ চলাচল...

assam died Silchar gynecologist arun paul choudhary