
ডিজিটেল সংবাদ, তিনিচুকীয়া : সদৌ অসম মটক যুৱ-ছাত্ৰ সন্মিলনৰ তিনিচুকীয়া জিলা সমিতিৰ উদ্যোগত দিনজোৰা বৰ্ণাঢ্য কাৰ্যসূচীৰে দেওবাৰে মৰুৎ নন্দন কানন তথা নপুখুৰী পাৰ্কত অষ্টম বাৰ্ষিক মটক বিহু উদযাপন কৰা হয় । এই বিহুত জিলাখনৰ মুঠ ৫৪ খন মটক গাঁৱৰ গছতলৰ বিহুখোলাৰ প্ৰায় ৫হেজাৰ নাচনীয়ে অংশগ্ৰহণ কৰে।
সন্মিলনৰ সভাপতি জিন্তু বৰগোহাঁইয়ে আঁত ধৰা আজিৰ অনুষ্ঠানত বিশেষভাৱে মটক হুঁচৰি, ক'লাবুঢ়ী নাচ, গছতলৰ বিহু আদি প্ৰদৰ্শন কৰা হয় । এই মটক বিহু প্ৰত্যক্ষ কৰিবলৈ জিলাখনৰ বিভিন্ন প্ৰান্তৰ বিহুপ্ৰেমী ৰাইজ নপুখুৰী পাৰ্কত উপস্থিত হয় ।
লোকে লোকাৰণ্য হৈ পৰে মৰৎ নন্দন কানন । ইফালে আজিৰ কাৰ্যসূচীত জনপ্ৰিয় অভিনেতা নয়ন নীলিম, অভিনেত্ৰী সুস্মিতা কৌশিক, জনপ্ৰিয় ধাৰাবাহিক বেহাৰবাৰী আউটপ'ষ্টৰ 'মোহন'খ্যাত দ্বীপজ্যোতি কেওট, জ্যেষ্ঠ সাংবাদিক অনুপম চক্ৰৱৰ্তী, আছুৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱা, অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ সভাপতি পলাশ চাংমাই, স্থানীয় বিধায়ক তথা কেবিনেট মন্ত্ৰী সঞ্জয় কিষাণকে মুখ্য কৰি জিলাখনৰ বিভিন্ন জাতীয় তথা জনগোষ্ঠীয় দল-সংগঠনৰ নেতৃবৃন্দ, সাংবাদিক আদি উপস্থিত থাকে ।
অনুষ্ঠানৰ মাজতে অভিনেতা নয়ন নীলিম, আছুৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱা আদিয়ে নাচনী নচুৱাই মটক বিহুৰ মাদকতা লয় । ইফালে পুৱাৰ নিৰ্ধাৰিত কাৰ্যসূচী অনুসৰি সন্মিলনৰ পতাকা উত্তোলন কৰে সভাপতি জিন্তু বৰগোহাঁইয়ে আৰু অভ্যৰ্থনা সমিতিৰ পতাকা উত্তোলন কৰে কীৰ্তি বৰগোহাঁইয়ে ।
সাধাৰণ সম্পাদক সঞ্জয় গগৈয়ে স্মৃতি তৰ্পন কৰাৰ অন্তত হুঁচৰি উদ্বোধন কৰে সন্মিলনৰ মুখ্য উপদেষ্টা ধৰণী গোহাঁইয়ে । অন্যহাতে গছতলৰ বিহু উদ্বোধন কৰে কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক স্বৰূপ গোহাঁইয়ে ।
সমিতিয়ে জনোৱা মতে ক'লাবুঢ়ী নাচ কাৰ্যসূচীৰ উদ্বোধন কৰে তিনিচুকীয়া উন্নয়ন প্ৰাধিকৰণৰ সভাপতি কাজল গোহাঁইয়ে । বিশিষ্ট ব্যক্তিক সম্বৰ্ধনা জ্ঞাপন অনুষ্ঠানৰ মাজতে তনুজশ্যাম দিহিঙীয়াৰ সম্পাদনাত প্ৰকাশ কৰি উলিওৱা স্মৃতিগ্ৰন্থ 'বিহুখোলা' উন্মোচন কৰে সন্মিলনৰ সাধাৰণ সম্পাদক স্বৰূপ গোহাঁইয়ে । সদৌ শেষত বিহু উৰুৱা পৰ্বৰ জৰিয়তে অষ্টম সংখ্যক মটক বিহুৰ সামৰণি পৰে ।