নিজ বাসগৃহত উপস্থিত সদ্যহতে আত্মসমৰ্পন কৰা কেএলঅ'ৰ সদস্য

চতিয়াৰ নিজ বাসগৃহত উপস্থিত হ'ল সদ্যহতে আত্মসমৰ্পণ কৰা দুধৰ্ষ কেএলঅ'ৰ কেডাৰ কৃষ্ণ ৰায়

author-image
Asomiya Pratidin
New Update
নিজ বাসগৃহত উপস্থিত সদ্যহতে আত্মসমৰ্পন কৰা কেএলঅ'ৰ সদস্য

ডিজিটেল সংবাদ,জামুগুৰিহাটঃ চতিয়াৰ নিজ বাসগৃহত উপস্থিত হ'ল সদ্যহতে আত্মসমৰ্পণ কৰা দুধৰ্ষ কেএলঅ'ৰ কেডাৰ কৃষ্ণ ৰায়। অসম আৰক্ষীৰ বিশেষ শাখাৰ এটা দলে চতিয়াৰ বাসগৃহলৈ লৈ আনে আত্মসমৰ্পন কৰা কেডাৰজনক।

Advertisment

২০২২ চনৰ ১৬ ফ্ৰেব্ৰুৱাৰীত চতিয়াৰ বুদুআটি গাৱঁৰ বাসগৃহৰ পৰা কামৰ সন্ধানত ওলাই গৈছিল কৃষ্ণ।ঘৰৰপৰা ওলাই যোৱা কৃষ্ণ ৰায়ে তিনিমাহ মানৰ পিছতেই বন্ধু বৰ্গলৈ কেএলঅ'ত যোগদান কৰাৰ এক ভিডিঅ' প্ৰেৰণ কৰিছিল।

সম্পূৰ্ণ ১৪ মাহৰ মুৰত কৃষ্ণ ৰায়ে আত্মসমৰ্পন কৰি নিজ বাসগৃহত উপস্থিত হয়। বুধবাৰে নিশা কৃষ্ণ ৰায়ৰ বাসগৃহত অসম আৰক্ষীৰ বিশেষ শাখা আৰু চতিয়া আৰক্ষী উপস্থিত হয়। বৰ্তমান সময়ত কোনো ধৰণৰ মন্তব্য দিয়াৰ পৰা বিৰত থাকে কৃষ্ণ ৰায়।

Also Read: সাৱধান! বিগত ২৪ ঘন্টাত ১০,০০০ তকৈ অধিক লোক আক্ৰান্ত কৰোনাত