/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/06/corona34-1595241470.jpg)
ডিজিটেল ডেস্কঃ দেশত পুনৰ বৃদ্ধি পাইছে কৰোনাত আক্ৰান্ত লোকৰ সংখ্যা। স্বাস্থ্য মন্ত্ৰালয়ৰ তথ্য অনুসৰি বিগত ২৪ ঘন্টাত ১০,১৫৮ জন লোক আক্ৰান্ত কৰোনাত। ইয়াৰ পাছতেই দেশত সক্ৰিয় কৰোনা ৰোগীৰ সংখ্যা ৪৪,৯৯৮। আনহাতে বিগত ২৪ ঘন্টাত ৫ হাজাৰতকৈ অধিক লোক সুস্থ হৈ উঠিছে।
স্বাস্থ্য মন্ত্ৰালয়ৰ ৱেবছাইট অনুসৰি, ভাৰতত দেশজুৰি টিকাকৰণ অভিযানৰ অধীনত এতিয়ালৈকে ২২০.৬০ কোটি ভেকছিন প্ৰদান কৰা হৈছে।
উল্লেখ্য যে, ইয়াৰ এদিন পূৰ্বে দেশত প্ৰায় ৭০০০ লোক আক্ৰান্ত হৈছিল কৰোনাত। দিল্লী, মহাৰাষ্ট্ৰ আদি ঠাইত বৃদ্ধি পাইছে কৰোনাৰ সংক্ৰমণ। তেনে স্থলত সকলোকে সতৰ্কতা অৱলম্বন কৰিবলৈ আহ্বান জনাইছে বিভাগীয় কৰ্তৃপক্ষই।
Also Read: গঁড়ৰ খুন্দাত গুৰুতৰভাৱে আহত পিতা-পুত্ৰ