ডিজিটেল ডেস্কঃ সৰুপথাৰ বিদ্যুৎ উপ সংমণ্ডলৰ কাৰ্যালয়ত মঙলবাৰে কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ উদ্যোগত স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰা হয়। জনতাক লুণ্ঠন কৰা স্মাৰ্ট মিটাৰ বন্ধ কৰা, বিদ্যুতৰ মাচুল হ্ৰাস কৰা আৰু নিয়মীয়াকৈ বিদ্যুৎ সেৱা যোগান ধৰাৰ দাবী তুলি প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে সংগঠন দুটিয়ে।
দুয়োটা সংগঠনে ধনশিৰি মহকুমাবাসী ৰাইজক উদ্দেশ্যি উল্লেখ কৰে যে- বিদ্যুৎ বিভাগৰ লগত আজি হোৱা আলোচনা মৰ্মে যি সকল লোকৰ বিদ্যুৎ মাচুল বেছিকৈ আহিছে, তেওঁলোকে নিজৰ বিদ্যুতৰ বিল লগত লৈ আনি শুধৰাই ল'ব পাৰিব। যদি অভিযোগ অথবা শুধৰাই দিওঁতে বেয়া ব্যৱহাৰ কৰে তেন্তে ৯১০১২০৪৪১৮ নম্বৰত যোগাযোগ কৰিবলৈ অনুৰোধ জনায়।