জিলা আৰক্ষী অধীক্ষকৰ নেতৃত্বত ৬ কোটিৰো অধিক টকাৰ নিচাযুক্ত দ্ৰব্য দাহ

জিলা আৰক্ষী অধীক্ষকৰ নেতৃত্বত ৬ কোটিৰো অধিক টকাৰ নিচাযুক্ত দ্ৰব্য দাহ

author-image
Asomiya Pratidin
New Update
জিলা আৰক্ষী অধীক্ষকৰ নেতৃত্বত ৬ কোটিৰো অধিক টকাৰ নিচাযুক্ত দ্ৰব্য দাহ

ডিজিটেল সংবাদ, গোলাঘাট : মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অসম আৰক্ষীক ড্ৰাগছৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ দিয়াৰ পাছৰে পৰা গোলাঘাট জিলাৰ বিভিন্ন প্ৰান্তত মাৰাত্মক ড্ৰাগছৰ বিৰুদ্ধে তিব্ৰ অভিযান আৰম্ভ কৰিছে আৰক্ষী প্ৰশাসনে। মঙলবাৰে জিলাখনৰ বিভিন্ন অঞ্চলৰ পৰা জব্দ কৰা প্ৰায় ৬ কোটি ৩১ লাখ ১২,৮০০ টকাৰ হেৰইন আৰু গাঞ্জা দাহ কৰে গোলাঘাটৰ আৰক্ষী অধীক্ষক ৰাজেন সিংঙে ৷

Advertisment

উল্লেখযোগ্য যে গোলাঘাট জিলালৈ চুবুৰীয়া ৰাজ্য আদিৰ পৰা মাৰাত্মক ড্ৰাগছৰ অবাধ প্ৰচলন হৈ আহিছে ৷ পৰিপ্ৰেক্ষিতত গোলাঘাট আৰক্ষী কঠোৰ হৈ বহু ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰি জে'ললৈ প্ৰেৰণ কৰিছে ৷

প্ৰতিমাহে গোলাঘাটৰ বগৰিজেংস্থিত আৰক্ষী নিৱেশ খেলপথাৰত ড্ৰাগছ দাহন কৰা হয় যদিও এইবাৰ গোলাঘাটত সৰ্ববৃহৎ ড্ৰাগছ দাহন কৰাৰ কথা উল্লেখ কৰে আৰক্ষীয়ে ৷ এই মাৰাত্মক ড্ৰাগছ দাহন কৰি আৰক্ষী অধীক্ষক ৰাজেন সিং কয় যে মহামান্য গোলাঘাট আদালতৰ নিৰ্দেশ মতে আজি এই ড্ৰাগছ দাহন কাৰ্যসূচী ৰূপায়ন কৰা হয়।

উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ মৰ্মে প্ৰতি মাহে এই ড্ৰাগছ দাহন কৰা হয়। আজি তিনি কেজি ১৫৫.১৮ গ্ৰাম হেৰ'ইন আৰু ১৮০ গ্ৰাম গাঞ্জা দাহন কৰা হয়। যাৰ আন্তঃৰাষ্ট্ৰীয় বজাৰৰ মূল্য ৬,৩১,১২,৪০০ টকা।

দাহন কৰা ড্ৰাগছসমূহ গোলাঘাট জিলাৰ ইতিহাসৰ সবাতোকৈ বেছি। বৰ্তমান গোলাঘাট জিলাত বিগত এটা বছৰত প্ৰায় ১২ কেজি ড্ৰাগছ জব্দ কৰিবলৈ সক্ষম হৈছে গোলাঘাট আৰক্ষীয়ে। ড্ৰাগছ বিৰুদ্ধে কঠোৰ আইন প্ৰণয়ন কৰা আছে আৰু সেই আইনৰ জৰিয়তে দোষীয়ে কঠোৰ শাস্তি প্ৰদান কৰা হৈছে বুলি উল্লেখ কৰে অধীক্ষকগৰাকীয়ে।

Also Read: ৰঙিয়াত স্মাৰ্ট মিটাৰ প্ৰচলন বন্ধৰ দাবীত আছুৰ প্ৰতিবাদ

Golaghat Police District Superintendent of Police Assam police