/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-10/66be166f-1190-4186-b00c-fe7345f6176c/217.jpg)
ডিজিটেল সংবাদ,মেৰাপানী : মেৰাপানী আৰক্ষীয়ে কিশোৰী ধৰ্ষণ কাণ্ডৰে জড়িত অভিযুক্তৰ পক্ষ লোৱাৰ অভিযোগ উত্থাপন কৰিছে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে। ঘটনাৰ সন্দৰ্ভত মেৰাপানী আৰক্ষী থানাত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি বিদ্যুৎ শইকীয়া উপস্থিত হয়।
উল্লেখ্য যে, কিছুদিন পূৰ্বে মেৰাপানীত সংঘটিত হৈছিল জঘন্য কাণ্ড। দুগৰাকীকৈ কিশোৰীক এজন ৫৫ বছৰীয়া বৃদ্ধই নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপন হৈছিল। এই অভিযোগৰ পিচতে মেৰাপানীত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়।
যোৱা ২৭ চেপ্তেম্বৰত চাউদাং পথাৰত বলোৰাম বৰা নামৰ ৫০ ঊৰ্ধৰ লোকজনে দুগৰাকীকৈ কিশোৰীক যৌন নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপন হৈছিল। ইয়াৰ পিছতে মেৰাপানী আৰক্ষী থানাত ভুক্তভোগীৰ পৰিয়ালে এজাহাৰ দিবলৈ গৈছিল।
জানিব পৰামতে এজাহাৰ দিবলৈ অহা ভুক্তভোগীৰ পৰিয়ালৰ লোকক একাংশ আৰক্ষীয়ে অভব্য আচৰণ কৰে। ইফালে ঘটনা সন্দৰ্ভত এজাহাৰ দিয়াৰ পিচতো মেৰাপানী থানাৰ উপ পৰিদৰ্শক টিনা দলেই পৰিয়ালৰ লোকক অভব্য আচৰণ কৰা বুলি অভিযোগ উত্থাপিত হৈছে।
ইয়াৰোপৰি মেৰাপানী থানাই কোনোধৰণৰ পদক্ষেপ লোৱা নাছিল বুলি সংগঠনটোৱে উল্লেখ কৰে। ইয়াৰ পিচতে মেৰাপানী আৰক্ষী থানাত গোলাঘাট জিলা আৰক্ষী অধীক্ষক ৰাজেন সিং আৰু কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সম্পাদক বিদ্যুত শইকীয়া উপস্থিত হয়।
আনহাতে ঘটনাক কেন্দ্ৰ কৰি মেৰাপানী থানাৰ একাংশ আৰক্ষীৰ ওপৰত সংগঠনটোৱে সন্দেহৰ আঙুলি টোৱাই। ইফালে অভিযুক্ত বলোৰাম বৰাক আটক কৰি জেল হাজোতলৈ প্ৰেৰণ কৰা বুলি মেৰাপানী আৰক্ষীয়ে জানিবলৈ দিয়ে।
Also Read: কাৰ্বি আংলংত লায়ন্স ক্লাৱৰ সমিতি গঠন