/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-10/fe1b065b-3042-4cb4-8431-74e221c71419/0.jpg)
ডিজিটেল সংবাদ,কাৰ্বি আংলং : কাৰ্বি আংলং জিলাৰ বোকাজানত গঠন কৰা হ'ল লায়ন্স ক্লাৱৰ এখন ২০জনীয়া সমিতি। প্ৰথমবাৰৰ বাবে জিলাখনত দেওবাৰে আন্তৰ্জাতিক লায়ন্স ক্লাৱৰ এখনি সমিতি গঠন কৰা হয়।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-10/4ebcabc9-ff03-46d8-95d5-d2e442546577/06c2d913_a5d5_4560_8cdf_5f52c9b31383.jpg)
বোকাজানৰ TNC ভৱনত সমিতিখন গঠন কৰাৰ লগতে নকৈ দায়িত্ব লাভ কৰা সভাপতি সম্পাদক তথা আন বিষয়ববীয়াক সম্বৰ্ধনা জ্ঞাপন কৰা হয়। আজি গঠন কৰা সমিতিখনত সঞ্জয় কুমাৰ চৌধুৰীক সভাপতি,দিব্যজ্যোতি শ্যামক সম্পাদক আৰু কৃষ্ণ নায়াৰক উপ সভাপতিৰ দায়িত্ব অৰ্পণ কৰা হয়।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-10/f4cd410f-8b94-4667-bc9a-c133358bc3bc/4cfd4049_2512_4676_ad30_443877fb354f.jpg)
সভাপতি-সম্পাদকে দায়িত্বতভাৰ গ্ৰহণ কৰাৰ পাছতে আহিবলগীয়া দিনত লায়ন্স ক্লাৱৰ তৰফৰ পৰা বিভিন্ন ধৰণৰ সামাজিক কাম-কাজসমূহত বিশেষ গুৰুত্ব দিব বুলি উল্লেখ কৰে।
Also Read: কোকৰাঝাৰত বিজেপি-ইউপিপিএলৰ গুৰুত্বপূৰ্ণ বৈঠক