অসমৰ ৫০ খনতকৈ অধিক চাহ বাগানক সাহায্য প্ৰদান চৰকাৰৰ

এই আঁচনিৰ অধীনত চাহ বাগানসমূহলৈ সাহায্য বিতৰণ কৰে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই।

author-image
Asomiya Pratidin
New Update
ৰাজ্যত ২১ খন চাহ বাগিছা বিক্ৰী হ'ল এটা বছৰত

ডিজিটেল ডেস্কঃ অসম চাহ উদ্যোগ সমূহলৈ বিশেষ উদগনিমূলক আঁচনি ঘোষণা কৰিছে চৰকাৰে। এই আঁচনিৰ অধীনত চাহ বাগানসমূহলৈ সাহায্য বিতৰণ কৰে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই।

Advertisment

এই আঁচনিৰ অধীনত ২০২০-২২ বৰ্ষত ৩৭০খন বাগানলৈ আগবঢ়াব সাহায্য। বৃহস্পতিবাৰে ৫০ খনতকৈ অধিক চাহ বাগানলৈ সাহায্য প্ৰদান কৰে চৰকাৰে। জনতা ভৱন অনুষ্ঠিত হোৱা বিশেষ অনুষ্ঠানত এই সাহায্য প্ৰদান কৰা হয়।

সাহায্য প্রদান কৰি মুখ্যমন্ত্রীয়ে কয় যে, এই আঁচনিয়ে উদ্যোগীৰ লগতে শ্রমিকসকলকো সহায় কৰিব। ১০ হাজাৰ শ্রমিকলৈ প্রধানমন্ত্রী আৱাস যোজনাৰ অধীনত দিয়া হ’ব ডেৰ লাখ টকা। সকলো চাহ শ্রমিকৰ ঘৰত লগোৱা হ’ব স্মাৰ্ট মিটাৰ।

লগতে কয় যে চাহ বাগন অঞ্চলত নতুন শিক্ষক নিযুক্তি দিব ৰাজ্য চৰকাৰে। ১০০খন হাইস্কুল, ২৫খন কলেজ নিৰ্মাণৰ কাম হাতত লৈছে চৰকাৰে। বাগান অঞ্চলত মেডিকেলৰ ব্যৱস্থাও কৰিব চৰকাৰে।

উল্লেখ্য যে, ১ এপ্রিলৰ পৰা কেইবাখনো চাহ বাগান দিয়া হ’ব ব্যক্তিগত খণ্ডক। বাগানৰ ৫% ভূমি পৰ্যটক আৰু স্কুল-মেডিকেলৰ বাবে ব্যৱহাৰ কৰিব চৰকাৰে।১৫ ছেপ্টেম্বৰত ঘোষণা কৰা হ’ব এই আঁচনিসমূহ।

Also Read: আদিৱাসী শান্তি চুক্তিয়ে পাৰ কৰিলে ছমাহ, পিছে কাৰ্যকাৰী নহ'ল এটা দফাও...