/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-10/8d458148-70c4-409a-9b7b-7499c6923dfd/WEB_THUM_new_dimpul_copy.jpg)
ডিজিটেল সংবাদ, বটদ্ৰৱাঃ সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ উদ্যোগত দেওবাৰে নগাঁও জিলাৰ নমাটি আঞ্চলিক সমিতি গঠনৰ উদেশ্যে এখনি সভা অনুষ্ঠিত হয়। নগাঁও জিলা সমিতিৰ সভাপতি পংকজ বৰাৰ সভাপতিত্বত অনুষ্ঠিত সভাৰ উদেশ্য ব্যাখ্যা কৰে সাংগঠনিক সম্পাদক কৃষ্ণ ডেকাই।
সভাত উপস্থিত থাকি নগাঁও জিলাৰ মুখ্য উপদেষ্টা সুভাষ ডেকা, কেন্দ্ৰীয় সাংগঠনিক সম্পাদক ৰাতুল ৰাজবংশী, প্ৰাক্তন সভাপতি শিৱ নাৰায়ণ বৰাই ভাষণ প্ৰদান কৰি- ২০১৪ চনৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে নৰেন্দ্ৰ মোডী অসমলৈ আহি ৰাজ্যখনত যদি বিজেপিৰ চৰকাৰ গঠন হয় তেন্তে ছয়মাহৰ ভিতৰতে ৰাজবংশীসকলক জনজাতিৰ মৰ্যাদা দিয়া হব বুলি ঘোষণা কৰিছিল। কিন্তু অতি পৰিতাপৰ কথা যে ছয়মাহতো দূৰৈৰে কথা কেইবা বছৰ পাৰ হোৱাৰ পিছতো ইয়াৰ কোনো নামগোন্ধই নাই বুলি ক্ষোভ প্ৰকাশ কৰে। লগতে মুখ্যমন্ত্ৰী ড° শৰ্মাই ভাবিছে যে ৰাজবংশীসকল সন্তুষ্ট হৈছে বা মনে মনে থাকিব সেয়া ভুল ধাৰণা বুলি মন্তব্য কৰি আগন্তুক লোকসভা নিৰ্বাচনত বিজেপি দলক প্ৰত্যুত্তৰ দিবলৈ তেওঁলোক প্ৰস্তুত বুলিও মন্তব্য কৰে।
নগাঁও জিলাৰ জিলাৰ সাধাৰণ সম্পাদক পৰেশ ডেকা, সাংগঠনিক সম্পাদক দিলীপ ডেকা, ৰাজু মনি ডেকা, কৃষ্ণ ডেকা, প্ৰচাৰ সম্পাদক চানু ডেকা, সদস্যা প্ৰাঞ্জল ডেকাকে আদি শতাধিক ৰাইজৰ উপস্থিতিত অনুষ্ঠিত সভাত প্ৰদীপ ৰাজবংশীক সভাপতি আৰু চিত্ৰ শইকীয়াক সাধাৰণ সম্পাদক হিচাপে লৈ এখন ৩১ জনীয়া শক্তিশালী নমাটি আঞ্চলিক সমিতি গঠন কৰা হয়। সভাতে অঞ্চলটোৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰিক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা কেইবাগৰাকী ছাত্ৰ-ছাত্ৰীক আউচা আৰু মানপত্ৰৰে সম্বৰ্ধনা জনোৱা হয়।
Also Read: মণিপুৰৰ দুই ছাত্ৰ হত্যা ঘটনাঃ গ্ৰেপ্তাৰ ৪ জনৰ বিপৰীতে আটক...