/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-12/4f8f2aa4-e28e-4bf1-a3b1-a7b56df8d6d5/nfrdss.jpg)
koliabor
ডিজিটেল সংবাদ, কলিয়াবৰ : কলিয়াবৰৰ শিলঘাট-ধিং মথাউৰি পকীকৰণ কামৰ শুকুৰবাৰে আধাৰশিলা স্থাপন কৰে মন্ত্ৰী কেশৱ মহন্তই। আধাৰশিলা স্থাপন কৰি মন্ত্ৰী মহন্তই কয় - মধ্য অসমৰ অন্যতম আয়ুসৰেখা ব্ৰহ্মপুত্ৰৰ শিলঘাট-ধিং মথাউৰিক পকীকৰণ কৰি ৰাজ্য চৰকাৰে নতুন মাত্ৰা প্ৰদানৰ দিশে আগবাঢ়িছে।
মন্ত্ৰী গৰাকীয়ে লগতে কয় কলিয়াবৰ আৰু চামগুৰি ক্ষেত্ৰীয় পথ সংমণ্ডলৰ অধীনৰ ২০২২-২৩ বিত্তীৰ্য় বৰ্ষৰ শিতানত নিৰ্মান হ'ব এই পথ। এই মাথাউৰিৰ জৰিয়তে শিলঘাট- তেজপুৰ¸শিলঘাট-নগাঁও-ধিং ৰ লগতে চামগুৰি¸লাওখোৱা-বৰঘূলি-তেজপুৰ সংযোগ কৰাত সহজ হৈ পৰিব বুলিও মন্তব্য কৰে।
ইফালে মধ্য অসমৰ প্ৰাণৰেখা হাতীমূৰা মথাউৰিকো শীঘ্ৰেই ৰাজ্য চৰকাৰে পকীকৰণ কৰিব বুলিও ঘোষণা কৰে মন্ত্ৰী গৰাকীয়ে। উল্লেখযোগ্য যে, শিলঘাটৰ ব্ৰহ্মপুত্ৰৰ খহনীয়া ৰোধ কৰিবলৈ ৰাজ্য চৰকাৰে বিশেষ পদক্ষেপ গ্ৰহণ কৰিব বুলি মন্ত্ৰী গৰাকীয়ে কৰা মন্তব্যক লৈও স্থানীয় ৰাইজ ক্ষান্ত হ'ব পৰা নাই।
মথাউৰি পকীকৰণ কৰিবলৈ ওলোৱা বিষয়টোক লৈ বিভিন্ন মহলত প্ৰতিক্ৰিয়া সৃষ্টি হৈছে বুলি জানিব পৰা গৈছে। ইফালে আজি কলিয়াবৰৰ সামগ্ৰিক বিকাশৰ লক্ষ্যৰে মন্ত্ৰী গৰাকীয়ে একাধিক উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে। অনাগত দিনত এই উন্নয়নমূলক প্ৰকল্প সমূহে অঞ্চলটোৰ ৰাইজে সন্মুখীন হৈ অহা সমস্যাৰ পৰিসমাপ্তি কৰি প্ৰগতিৰ নতুন দিগন্তৰ সূচনা কৰিব বুলিও তেওঁ আশা প্ৰকাশ কৰে।
ইয়াৰোপৰি কলিয়াবৰ আৰু চামগুৰি ক্ষেত্ৰীয় পথ সংমণ্ডলৰ অধীনত ২০২২-২৩ বিত্তীয় বৰ্ষৰ প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যোজনাৰ অধীনত নিৰ্মাণ হ’বলগীয়া কুঁৱৰীটোলৰ পৰা দলগাঁও হৈ হাটবৰলৈ যোৱা পথৰো মন্ত্ৰী গৰাকীয়ে নিৰ্মাণ কাৰ্যৰ শুভাৰম্ভ কৰে ।
লগতে কলিয়াবৰ আৰু চামগুৰি ক্ষেত্ৰীয় পথ সংমণ্ডলৰ অধীনত ২০২২-২৩ বিত্তীয় বৰ্ষৰ প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যোজনাৰ অধীনত নিৰ্মাণ হ’বলগীয়া নপানীৰ পৰা মিছালৈ যোৱা পথৰো তেওঁ নিৰ্মাণ কাৰ্যৰ শুভাৰম্ভ কৰে ।
আৰু পঢ়ক :কামৰূপৰ শতাধিক পঞ্চায়তত গাঁওসভা, পিএম কিষাণ আঁচনিৰ বিশেষ সজাগতা কাৰ্যসূচী...
/asomiyapratidin/media/agency_attachments/2025/10/29/2025-10-29t133617762z-ap-new-dfdfbdfbgfdgfgfgfgf-2025-10-29-19-06-18.png)
Follow Us