কামৰূপৰ শতাধিক পঞ্চায়তত গাঁওসভা, পিএম কিষাণ আঁচনিৰ বিশেষ সজাগতা কাৰ্যসূচী...

মিছন বসুন্ধৰাৰ অধীনত পঞ্চায়ত আৰু গ্ৰামোন্নয়ন তথা ৰাজহ বিভাগৰ উদ্যোগত অনুষ্ঠিত কৰা হয় গাঁওসভা
kamrup
kamrup

ডিজিটেল ডেস্ক : ৰাজ্য চৰকাৰৰ নিৰ্দেশ মৰ্মে বৃহস্পতিবাৰে ৰাজ্যৰ বিভিন্ন জিলাৰ দৰে কামৰূপ আৰু কামৰূপ মেট্ৰ’ জিলাতো মিছন বসুন্ধৰাৰ অধীনত পঞ্চায়ত আৰু গ্ৰামোন্নয়ন তথা ৰাজহ বিভাগৰ উদ্যোগত অনুষ্ঠিত কৰা হয় গাঁওসভা। এই গাওঁসভাত কৃষি বিভাগৰ বিষয়া-কৰ্মচাৰীৰ উপস্থিতিত প্ৰধান মন্ত্ৰী কৃষক সন্মান নিধি (PMKISAN) আঁচনি আৰু প্ৰধানমন্ত্ৰী ফচল বীমা যোজনা (PMFBY) সন্দৰ্ভত বিশেষ সজাগতা কাৰ্যসূচী গ্ৰহণ কৰা হয়।

জানিব পৰা মতে, কামৰূপ জিলাৰ ১৩৯ খন গাঁও পঞ্চায়তত আৰু কামৰূপ মেট্ৰ’ৰ ২১ খন পঞ্চায়তত সভা অনুষ্ঠিত হয়। জিলা কৃষি বিষয়া ধীৰেন্দ্ৰনাথ কাৰ্জীয়ে শৰাইঘাট আৰু ধোপাতাৰী গাঁও পঞ্চায়তত অনুষ্ঠিত হোৱা দুখনকৈ সভাত ‌অংশগ্ৰহণ কৰি উপস্থিত ৰাইজক প্ৰধান মন্ত্ৰী কৃষক সন্মান নিধিত আধাৰ আৰু মাটিৰ জমাবন্দী সংযোজনেৰে ই-কে ৱাই চি উন্নীতকৰণৰ বিষয়ে আকৌ এবাৰ অৱগত কৰে।

একেদৰে, কেন্দ্ৰীয় চৰকাৰৰ অভিলাসী আঁচনি ফচল বীমাৰ সুবিধা গ্ৰহণৰ বাবেও আহ্বান জনায়। আন আন পঞ্চায়তত অনুষ্ঠিত হোৱা সভাবোৰতো মহকুমা কৃষি বিষয়া, জ্যেষ্ঠ কৃষি উন্নয়ণ বিষয়া, স্থানীয় কৃষি উন্নয়ণ বিষয়া, কৃষি উন্নয়ণ সহায়ক আদিকে ধৰি বিভাগীয় দায়িত্ববাহী বিষয়া-কৰ্মচাৰীয়ে প্ৰতিনিধি হিচাপে উপস্থিত থাকি প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধিৰ ই-কে ৱাই চি উন্নীত কৰাৰ লগতে কৃষকসকলে নিজৰ উৎপাদিত শস্যৰ নিৰাপত্তাৰ বাবে যাতে প্ৰধানমন্ত্ৰী ফচল বীমা যোজনাৰ অধীনত বীমা কৰে তাৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰে।

লগতে এই বছৰৰ ধান ক্ৰয় সন্দৰ্ভতো কৃষকসকলক অবগত কৰা হয়। উল্লেখনীয় যে, আজাদী কা অমৃত মহোৎসৱৰ লগত সংগতি ৰাখি ১ ডিচেম্বৰৰ পৰা ৭ ডিচেম্বৰলৈ প্ৰায় প্ৰতিখন পঞ্চায়ত সামৰি কৃষি বিভাগত চতুৰ্থ ফচল বীমা সপ্তাহ কাৰ্যসূচী পালনৰ শুভাৰম্ভ কৰাও হৈছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in