সদৌ অসম শ্বহীদ নৰেন্দ্ৰনাথ মহন্ত সোঁৱৰণী একাঙ্ক নাট প্ৰতিযোগিতাৰ সফল সামৰণি...

৮ আৰু ৯ নৱেম্বৰত ৩৬ সংখ‍্যক সদৌ অসম শ্বহীদ নৰেন্দ্ৰনাথ মহন্ত সোঁৱৰণী একাঙ্ক নাট প্ৰতিযোগিতা অনুষ্ঠিত হয়

author-image
Asomiya Pratidin
New Update
সদৌ অসম শ্বহীদ নৰেন্দ্ৰনাথ মহন্ত সোঁৱৰণী একাঙ্ক নাট প্ৰতিযোগিতাৰ সফল সামৰণি...

koliabor

ডিজিটেল সংবাদ, কলিয়াবৰ : মাধ‍্যম আন্দোলনৰ পঞ্চম শ্বহীদ নৰেন্দ্ৰনাথ মহন্তৰ লগতে জাতীয় শ্বহীদসকলৰ সোঁৱৰণত বিগত বৰ্ষসমূহৰ দৰে এই বৰ্ষও ৮ আৰু ৯ নৱেম্বৰত কলিয়াবৰ কেন্দ্ৰীয় ছাত্ৰ সন্থাই কুঁৱৰীটোলস্থিত শ্বহীদ স্মৃতি স্তম্ভ প্ৰাঙ্গন আৰু মুক্তি যুঁজাৰু স্মৃতি ভৱনত শ্বহীদ দিৱসৰ আয়োজন কৰে।

Advertisment

অনুষ্ঠানৰ লগত সংগতি ৰাখি ৮ আৰু ৯ নৱেম্বৰত ৩৬ সংখ‍্যক সদৌ অসম শ্বহীদ নৰেন্দ্ৰনাথ মহন্ত সোঁৱৰণী একাঙ্ক নাট প্ৰতিযোগিতা অনুষ্ঠিত হয়। এই প্ৰতিযোগিতাত ৮ টা প্ৰতিযোগী দলে অংশগ্ৰহণ কৰে। নাট প্ৰতিযোগিতাৰ প্ৰথম শ্ৰেষ্ঠ নাট্যদল হিচাপে বঁটা লাভ কৰে ক্ৰমে ভাস থিয়েটাৰ, পুৰণিগুদাম, নাটক – দেউতা, দ্বিতীয় শ্ৰেষ্ঠ নাট্যদল ইক্ৰো, তেজপুৰ, নাটক – যাদুঘৰ।

আনহাতে, তৃতীয় শ্ৰেষ্ঠ নাট্যদলৰ সন্মান লাভ কৰে শিল্প চ'ৰা গুৱাহাটী, নাটক – ভয়, শ্ৰেষ্ঠ পাণ্ডুলিপি- পংকজজ্যোতি ভূঞাৰ নাটক -মেৰামতি। শ্ৰেষ্ঠ পৰিচালক- অঞ্জন বৰা (নাটক- দেউতা)। শ্ৰেষ্ঠ অভিনেতা ভাৰ্গৱ জ্যোতি কলিতা (নাটক – জীৱন মুখী বাট)। দ্বিতীয় শ্ৰেষ্ঠ অভিনেতা মিণ্টু কলিতা (নাটক – প্ৰেমৰ সজ্ঞা বিচাৰি)। শ্ৰেষ্ঠ অভিনেত্ৰী‌ ময়ুৰী দেৱী (নাটক – জীৱন মুখী বাট), দ্বিতীয় শ্ৰেষ্ঠ অভিনেত্ৰী দিপিকা ভূঞা( নাটক- দেউতা)।

বিচাৰক বিশেষ বঁটা লাভ কৰে বিকাশ বৰা (নাটক – প্ৰেমৰ সজ্ঞা বিচাৰি), আৰু নিষ্ঠা মহন্তই (নাটক – যাদুঘৰ) । উক্ত প্ৰতিযোগিতাত স্থান লাভ কৰা নাট্যদলক প্ৰথম পুৰস্কাৰ হিচাপে ১৫,০০১ টকা, দ্বিতীয় পুৰস্কাৰ ১২,০০২ টকা, তৃতীয় পুৰস্কাৰ ১০,০০১ টকাৰ লগতে ট্ৰফী, মানপত্ৰ প্ৰদান কৰে।

তাৰোপৰি শ্ৰেষ্ঠ অভিনেতা, শ্ৰেষ্ঠ অভিনেত্ৰী, অনুৰূপ দ্বিতীয় শ্ৰেষ্ঠ অভিনেতা, অভিনেত্ৰী, শ্ৰেষ্ঠ নাট‍্যকাৰ, শ্ৰেষ্ঠ পৰিচালকক ট্ৰফী, মানপত্ৰ, আৰু নগদ ধনেৰে একে স্থানতে অনুষ্ঠিত হোৱা সদৌ নগাঁও জিলা ছাত্ৰ সন্থাৰ কলিয়াবৰ অধিৱেশনৰ মুকলি সভাত পুৰস্কৃত কৰা হয়।

আৰু পঢ়ক : সাংবাদিক বসন্ত কুমাৰ শৰ্মাৰ দেহাৱসান...

assam koliabor drama compitition one act play