Advertisment

কলিয়াবৰত নাট্যকাৰ ভূপেন্দ্ৰ নাথ হাজৰিকাৰ নাটক সংকলন উন্মোচন...

শুকুৰবাৰে বিয়লি নাট্যকাৰ গৰাকীৰ শান্তিপুৰস্থিত বাসগৃহত গাম্ভীৰ্য্যপূৰ্ণ অনুষ্ঠানত উন্মোচন কৰে

author-image
Asomiya Pratidin
New Update
কলিয়াবৰত নাট্যকাৰ ভূপেন্দ্ৰ নাথ হাজৰিকাৰ নাটক সংকলন উন্মোচন...

ডিজিটেল সংবাদ, কলিয়াবৰঃ বিশিষ্ট সমাজকৰ্মী-নাট্যকাৰ ভূপেন্দ্ৰ নাথ হাজৰিকাৰ তিনি কুৰি বছৰীয়া ওপজা দিনৰ লগত সংগতি ৰাখি তেখেতৰ বাসগৃহত কদমতলিৰ কুৰুক্ষেত্ৰ আৰু অন্য তিনিখন নাটকেৰে এক নাটক সংকলন শুকুৰবাৰে বিয়লি নাট্যকাৰ গৰাকীৰ শান্তিপুৰস্থিত বাসগৃহত গাম্ভীৰ্য্যপূৰ্ণ অনুষ্ঠানত উন্মোচন কৰে।

Advertisment

বিশিষ্ট নাট্যকাৰ ভূপেন্দ্ৰ নাথ হাজৰিকাই খিৰিকী, বেলুন, সন্ধিক্ষণত সন্ধিৰাম, ডাষ্টবিন, ভয়, কাপুৰুষ-মহাপুৰুষকে প্ৰমুখ্য কৰি শতাধিক একাংক আৰু পূৰ্ণদৈৰ্ঘৰ মৌলিক নাটক সৃষ্টিৰে অসমীয়া নাট্য সাহিত্যলৈ অৱদান আগবঢ়ায়। বিশিষ্ট অভিনেতা-নাট্যকৰ্মী সমীৰ ভূঞাই আতঁধৰা অনুষ্ঠানত বিশিষ্ট অতিথি ৰূপে কলিয়াবৰ শাখা সাহিত্য সভাৰ সভাপতি হেমোধৰ হাজৰিকা, অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক তথা কলিয়াভোমোৰা শাখা সাহিত্য সভা সভাপতি হেমচন্দ্ৰ মুক্তিয়াৰ, কলিয়াবৰ প্ৰেছ ক্লাবৰ সভাপতি তৰুণ মুক্তিয়াৰ উপস্থিত থাকে।

ইয়াৰ উপৰিও বিশিষ্ট নাট্যকাৰ তথা কলিয়াবৰ শাখা সাহিত্য সভা সম্পাদক বিৰাজ ভূষণ বৰা, শিশু বন্ধু দুলাল বৰা, নগাঁও জিলা ছাত্ৰ সন্থাৰ উপ সভাপতি মৃগাংক শেখৰ ভৰালী হাজৰিকা উপস্থিত থকা অনুষ্ঠানত বিশিষ্ট নাট্যকাৰ তথা কলিয়াবৰ উচ্চতৰ মাধ্যমিক বালিকা বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ মহেন্দ্ৰ কাকতি, বিশিষ্ট অভিনেতা ৰামেশ্বৰ হাজৰিকা, বিশিষ্ট নাট্যকৰ্মী-সাংবাদিক নৃপেন চন্দ্ৰ কেওঁটে নাট্যকাৰ গৰাকীৰ নাটক সংকলন উন্মোচন কৰি নাট্যকাৰ ভূপেন্দ্ৰ নাথ হাজৰিকাৰ নাট্যক্ষেত্ৰলৈ অৱদান আৰু‌ তেখেতৰ সৃষ্টিৰাজিৰ সম্পকে আলোকপাত কৰে।

নাটক সংকলন উন্মোচনী অনুষ্ঠানত নাট্যকাৰ ভূপেন্দ্ৰ নাথ হাজৰিকাৰ সহধৰ্মিনী তথা প্ৰকাশিকা লাচুমণি হাজৰিকাই নাট্যকাৰ গৰাকীয়ে সাংসাৰিক জীৱনৰ ব্যস্ততাৰ মাজতো কিদৰে সৃষ্টি সাধনাত ব্ৰতী হৈ আছে সেই সম্পৰ্কে দুষাৰ বক্তব্য আগবঢ়ায়। নগাঁও আঞ্চলিক সাহিত্য সভাৰ সম্পাদক মৃনাল হাজৰিকা, বিশিষ্ট নাট্যকাৰ তথা কলিয়াবৰ শাখা সাহিত্য সভা সম্পাদক বিৰাজ ভূষণ বৰা, শিশু বন্ধু দুলাল বৰাকে প্ৰমুখ্য কৰি বহুকেইজন বিশিষ্ট ব্যক্তিয়ে নাট্যকাৰ গৰাকীৰ কৰ্মৰাজিৰ ওপৰত আলোকপাত কৰে।

নাটক সৃষ্টি আৰু এই নাট্য যাত্ৰাত সহায় সহযোগিতা আগবঢ়োৱা ব্যক্তিসকলৰ লগতে নাটক সৃষ্টিৰাজিত লাভ কৰা বহু অভিজ্ঞতাৰ কথা নাট্যকাৰ ভূপেন্দ্ৰ নাথ হাজৰিকাই ব্যক্ত কৰে। অনুষ্ঠানত কুঁৱৰীটোল উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ অম্লান গোস্বামী, কলিয়াবৰ প্ৰেছ ক্লাবৰ প্ৰাক্তন সভাপতি তপন শইকীয়া, ই- আলোচনী নীলা চৰাইৰ সম্পাদক পল্লৱ প্ৰাণ গোস্বামী উপস্থিত থাকে।

লগতে উপস্থিত থাকে নাট্যকাৰ তথা অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক সৰ্বেশ্বৰ শইকীয়া, বিশিষ্ট অভিনেতা সমুদ্ৰ বৰদলৈ, নাট্যকাৰ মণি কুমাৰ হাজৰিকা, বিশিষ্ট কবি থুলেশ্বৰ বৰা, সাংস্কৃতিককৰ্মী পৰেশ নাথ ভূঞা, দিগন্ত মহন্ত, ৰূপজ্যোতি গোস্বামীকে প্ৰমূখ্য কৰি কলিয়াবৰৰ সাহিত্য- সাংস্কৃতিকৰ বহুকেইগৰাকী বিশিষ্ট ব্যক্তি।

আৰু পঢ়ক : বাক্সাত বিদ্যালয়ৰ শৌচালয়ত চিপ লৈ আত্মহত্যা এগৰাকী শিক্ষকৰ...

assam koliabor