বাক্সাত বিদ্যালয়ৰ শৌচালয়ত চিপ লৈ আত্মহত্যা এগৰাকী শিক্ষকৰ...

বাক্সাত এগৰাকী শিক্ষকৰ আত্মহত্যা

author-image
Asomiya Pratidin
New Update
বাক্সাত বিদ্যালয়ৰ শৌচালয়ত চিপ লৈ আত্মহত্যা এগৰাকী শিক্ষকৰ...

baksa

ডিজিটেল ডেস্ক : বাক্সাত এগৰাকী শিক্ষকৰ আত্মহত্যা। বাক্সাৰ ৩২৪ নং গোৱৰ্দ্ধনা প্রাথমিক বিদ্যালয়ৰ সহকাৰী শিক্ষকে বিদ্যালয়ৰ চৌহদতে কৰিলে আত্মহত্যা। শিক্ষক গৰাকীৰ নাম পংকজ কুমাৰ দাস।

Advertisment

উল্লেখ্য যে বিদ্যালয়খনৰ শৌচালয়ত শিক্ষকগৰাকীয়ে চিপ লৈ আত্মহত্যা কৰা প্ৰত্যক্ষ কৰে বিদ্যালয়ৰ কৰ্তৃপক্ষই। শিক্ষক গৰাকীয়ে কি কাৰণত আত্মহত্যাৰ দৰে পথ বাচি ল'লে সেই কথা বাতৰি লিখা পৰলৈকে জানিব পৰা হোৱা নাই।

উল্লেখ্য যে ঘটনা সন্দৰ্ভত আৰক্ষীক খবৰ দিয়াত ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ ইতিমধ্যে তদন্ত আৰম্ভ কৰিছে। আনহাতে, আত্মহত্যাৰ দৰে পথ বাচি লোৱা শিক্ষক পংকজ কুমাৰ দাসৰ ঘৰ সৰ্থেবাৰীৰ ৰাউলীত।

আৰু পঢ়ক : ছাম্বাৰ তালে তালে নাচিবলৈ সাজু ব্ৰাজিল...

assam suicide baksa teacher