আমাৰ মা-দেউতা নাইঃ কলিয়াবৰত অবৰ্ণনীয় পৰিৱেশত পাঁচটি শিশুৱে কটাইছে দুৰ্বিষহ জীৱন...

কলিয়াবৰত অবৰ্ণনীয় পৰিৱেশত পাঁচটি শিশুৱে কটাইছে দুৰ্বিষহ জীৱন...

author-image
Asomiya Pratidin
New Update
আমাৰ মা-দেউতা নাইঃ  কলিয়াবৰত অবৰ্ণনীয় পৰিৱেশত পাঁচটি শিশুৱে কটাইছে দুৰ্বিষহ জীৱন...

আমাৰ মা-দেউতা নাই

ডিজিটেল সংবাদ,কলিয়াবৰঃ কলিয়াবৰত এটি ভগা প্ৰজাত নিতৌ উচুপি দিন পাৰ কৰা পাঁচটি শিশুৰ কন্দনৰত এখন জীয়া ছবিয়ে এতিয়া সকলোকে কন্দুৱাবলৈ বাধ্য হৈছে। কলিয়াবৰ উন্নয়ন খণ্ডৰ কুঠৰী গাওঁ পঞ্চায়ত এলেকাৰ এটি জৰাজীৰ্ণ ঘৰত নিতৌ উচুপি কান্দে পাঁচটি শিশুয়ে। সোমবাৰে অঞ্চলটো পৰিভ্ৰমণ কৰা সময়ত দেখা পোৱা গ'ল এখন দুৰ্বিষহ অসহনীয় বাস্তৱ ছবি। কিন্তু সেই কান্দোন শুনুতা এতিয়া ৰজা ঘৰো নাই প্ৰজা ঘৰৰো আহৰি নাই।

Advertisment

এটি ভগা প্ৰজাত য'ত বাস কৰে পাঁচটিকৈ ঘাট মাউৰা সন্তানে । মানুহ থাকিব পৰা কোনো পৰিবেশ নথকা এটা গৃহ । দুবছৰ পূৰ্বে ইহ সংসাৰৰ পৰা বিদায় ল'লে পাঁচোটি সন্তানৰ পিতৃ-মাতৃয়ে । পৃথিৱীখন কেনেকুৱা সেই কথা বুজিব পৰা নহওতেই পিতৃ-মাতৃয়ে এৰিথৈ গ'ল এই সংসাৰত । ডাঙৰ ছোৱালী গৰাকীৰ বয়স ১৪/১৫ বছৰৰ ভিতৰত । বাকী চাৰিওটি সন্তানৰ বয়স ১৩ বছৰৰ পৰা ৬ বছৰৰ ভিতৰত ।

জ্যেষ্ঠ ভগ্নীয়ে বহু কষ্টসাধ্য কৰি পাহাৰৰ পৰা অনা খৰি বিক্ৰী কৰি, আনৰ ঘৰত কাম কৰি পোৱা ধনেৰে কন-কন ভায়েক-ভনিয়েকক পোহ-পাল দিব লগা হয় । ঘৰ বুলিবলৈ একেবাৰে জৰাজীৰ্ণ । হয়তু কাৰোবাৰ গৰু-ছাগলীয়ে ইয়াতকৈ বহু উন্নত গৃহত থাকে । বাহৰ বেৰৰ জলঙাৰে বাহিৰৰ সকলো দেখা পাই । ৰাতি হ'লে আকাশৰ তৰা দেখা পাই । বৰষুণ আহিলে কনমানি কেইটাই কান্দে আৰু তেতিয়া ওচৰৰ বাসিন্দাই লৈ গৈ কিছু সময় আশ্ৰয় দিয়ে ।

বৰষুণ এৰিলে পুণৰ জৰাজীৰ্ণ ঘৰটোলৈ উভতি আহে । শুবলৈ এখন বিচনাও নাই । হাড় কপোৱা ঠাণ্ডাটো মজিয়াতে কেইখনমান ফটা কাপোৰ আদি পাৰিলৈ শুব লাগে । এক কথাত কবলৈ গলে ২১ শতিকাৰ কলিয়াবৰৰ এইয়া এক বাস্তৱ দৃশ্য । অসম চৰকাৰৰ এটা বিয়াগোম গ্ৰামোন্নয়ন বিভাগ থকাৰ পাছতো এই কন কন শিশু কেইটাই এনেদৰে দুৰ্বিসহ জীৱন অতিবাহিত কৰিব লগা হৈছে ।

চৰকাৰী ভাৱে এটা গৃহ পাবলৈও সক্ষম হোৱা নাই । জন প্ৰতিনিধি ভোটৰ সময়ত হয়তু আহিব, চলাহী কথাৰে ভোট বিচাৰিব । আকৌ পাঁচ বছৰলৈ পাহৰিব । গাঁও পঞ্চায়তত দেধাৰ চৰকাৰী আঁচনি । কিন্তু কন কন কেইটাক ঢুকি নাপায় সেই আঁচনিয়ে । নিশা হ'লে কাষতে থকা পাহাৰৰ পৰা, কাজিৰঙা ৰাষ্ট্ৰীয় উদ‍্যানৰ পৰা খাদ্যৰ সন্ধানত ওলাই অহা বনৰীয়া হাতীয়েও আহি উপদ্ৰৱ চলাই । বনৰীয়া হাতীয়ে ইতিমধ্যেই ঘৰটোৰ কিছু অংশ ভাঙি তহিলং কৰিলে ।

স্থানীয় লোকে হাতী খেদাৰ পাছতহে কন কন কেইটা শুব পাৰে । সিহঁতৰ খোৱা পানীকনো নাই । টিউবেল আছে পানী নোলাই । জলজীৱন আঁচনিৰ টেপো আছে কিন্তু, পানীহে নোলাই । মৃত পিতৃৰ নামত থকা ৰেচন কাৰ্ডখনৰ পৰা চৰকাৰী চাউল কেইটা পাই আছে বাবেই নিমখেৰে কিবা এমুঠি খাব পাৰে । এতিয়া কুঠৰীত হোটেল সমুহ বন্ধ হৈ পৰাত পাহাৰৰ পৰা অনা খৰি কেইদালো বিক্ৰী কৰাত অসুবিধা হ'ল ।

এনেদৰেই এতিয়া জীৱন অতিবাহিত কৰিছে এই পাঁচোটিকৈ ঘাট মাউৰা সন্তানে । সকলোৰে আহ্বান কন-কন কেইটা থাকিবৰ কাৰণে চৰকাৰে এটি গৃহ দিয়াৰ ব‍্যৱস্থা কৰক । কোনো সদাসয় হৃদয়বান ব‍্যক্তি অথবা কোনো স্বেচ্ছাসেৱী সংগঠনে সহায় কৰক এই কন কন কেইটাক । স্থানীয় একাংশ ক্ষুব্ধ গঞাই কয় চৰকাৰে শিশুৰ কল্যাণৰ বাবে বহুতো আঁচনি লৈ ৰাজকোষ উদং কৰিছে যদিও এনে ঘাটমাউৰা শিশুৰ বাবে চৰকাৰে কিবা আঁচনি গ্ৰহণ কৰিব নেকি বুলিও প্ৰশ্ন কৰা শুনা গ'ল। এই ক্ষেত্ৰত স্থানীয় বিধায়ক তথা স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তৰো হস্তক্ষেপৰ দাবী তুলিছে।

ক্লিক কৰি পঢ়ক এই খবৰ-

Also Read: বাঢ়িছে দূৰত্ব! গৌৰৱ গগৈ উপস্থিত থকা যোগদানৰ মিটিঙলৈ নাহিল ৰাণা গোস্বামী ...

কলিয়াবৰ