/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-02/0fe0fd01-b634-43d4-86d9-e3c04fd269c6/kkkd.jpg)
গৌৰৱ গগৈ উপস্থিত থকা যোগদানৰ মিটিঙলৈ নাহিল ৰাণা গোস্বামী ...
ডিজিটেল সংবাদ, গোলাঘাটঃ সহস্ৰাধিক দলীয় কৰ্মী-শুভাকাংক্ষী ৰাইজৰ উপস্থিতিত গোলাঘাট কংগ্ৰেছৰ কৰ্ম কৰ্তা সকলে আজি নতুন দিগন্তৰ সূচনা হোৱাৰ সপোন দেখিলে । অসম প্ৰদেশ কংগ্ৰেছৰ নেতৃত্বক আজি অসম প্ৰদেশ কংগ্ৰেছ সেৱা দল ইয়ং ব্ৰিগেটৰ কাৰ্যকৰী সভাপতি জিতু শইকীয়া আৰু বোকাখাত ব্লক কংগ্ৰেছৰ নেতৃত্বত দুই শতাধিক দলীয় কৰ্মীয়ে বোকাখাত লতাবাৰীৰ পৰা প্ৰথমে ৰঙামাটিলৈ বাইক ৰেলীৰে আদৰি আনে ।
ইয়াৰ পিছত খুমটাই আৰু দেৰ গাঁৱৰ ১৫০ খন বাইকেৰে দেৰ গাওঁ দাধৰাৰ পৰা গোলাঘাট কংগ্ৰেছ ভৱনলৈ বাইক ৰেলীৰে আদৰি আনে । সাংসদ গৌৰৱ গগৈয়ে বাইক ৰেলীত অংশগ্ৰহণ কৰি দলীয় কৰ্মী সকলক উৎসাহিত কৰা দেখা যায় । পুৱা ভকত-বৈষ্ণৱৰ দ্বাৰা গোলাঘাট জিলা কংগ্ৰেছৰ কাৰ্যালয়ত নাম প্ৰসঙ্গ অনুষ্ঠিত হয় আৰু গায়ন-বায়নেৰে নৱ নিযুক্ত ভাৰপ্ৰাপ্ত সভাপতি গোলাপ শইকীয়া, সাংসদ গৌৰৱ গগৈ, প্ৰদেশ মহিলা কংগ্ৰেছৰ সভানেত্ৰী মীৰা বৰঠাকুৰক আদৰণি জনায় ।
দলীয় পতাকা উত্তোলন, বন্দে মাতৰম আৰু জন গণ মন পৰিবেশন কৰাৰ পাছত গোলাঘাট জিলা কংগ্ৰেছ কমিটিৰ উপ সভাপতি ৰত্ন গগৈয়ে নৱ নিযুক্ত ভাৰপ্ৰাপ্ত সভাপতি গোলাপ শইকীয়াক দায়িত্বভাৰ প্ৰদান কৰে । দায়িত্বভাৰ গ্ৰহণ অনুষ্ঠানত প্ৰশাসনিক বিষয়া তথা গোলাঘাট জিলাৰ অৱসৰপ্ৰাপ্ত অতিৰিক্ত উপায়ুক্ত উৎপল দলে , বিজেপি নেতা সমীৰ মজুমদাৰ, বোকাখাত সমষ্টিৰ অসম যুৱ পৰিষদ মৰিধশ্ৰীৰ সভাপতি হৰি গোপাল দলে, গণশক্তি আঞ্চলিক সভাপতি মুকুল দলে, অসম যুৱ পৰিষদ বোকাখাত জিলা সমিতিৰ সহকাৰী সম্পাদক গনেশ দলে, দেৰ গাওঁ উদয়ন একাডমীৰ স্বত্বাধিকাৰী ভাস্কৰ বৰা প্ৰমূখ্যে বিপুল বড়ী, ৰবীন দলেকে প্ৰমূখ্য কৰি মুঠ ১০৯ গৰকী কাৰ্যকৰ্তাই ভাৰতীয় জাতীয় কংগ্ৰেছ দলত আনুষ্ঠানিকভাৱে যোগদান কৰে ।
দুই হাজাৰৰোধিক দলীয় কৰ্মী আৰু শুভাকাংক্ষী ৰাইজৰ উপস্থিতিত আয়োজিত আজিৰ সভাত সাংসদ গৌৰৱ গগৈ, অসম প্ৰদেশ মহিলা কংগ্ৰেছ কমিটিৰ সভানেত্ৰী মীৰা বৰঠাকুৰ গোস্বামী, প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদিকা পল্লৱী গগৈ শইকীয়া, সম্পাদক মেঘনাথ ছেত্ৰী বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰি ভাষণ ৰাখে ।
দুৰ্যোধনে দ্ৰৌপদীৰ বস্ত হৰণ কৰাৰ পাছত ধ্বংস হৈছিল, সীতাক হৰণ কৰাৰ পাছত ৰাৱনৰ স্বৰ্ণ লংকা ধ্বংস হোৱাৰ দৰে হিমন্ত বিশ্ব শৰ্মাৰ পতন হ'ব বুলি অসম প্ৰদেশ মহিলা কংগ্ৰেছৰ সভানেত্ৰী মীৰা বৰঠাকুৰ গোস্বামীয়ে ভাষণ প্ৰসঙ্গত উল্লেখ কৰে । অন্যহাতে সাংসদ গৌৰৱ গগৈয়ে তেওঁ
এইবাৰ অভিমণ্যু হৈ চক্ৰবেহু ভাগিব ৷ ৰানা গোস্বামী গোলাঘাটৰ সভালৈ নহাৰ সন্দৰ্ভত সাংসদ গৌৰৱ গগৈৰ প্ৰতিক্ৰিয়া তেওঁ গোলাঘাটলৈ আহিব বুলি ভাবিছিল । কিন্তু নহাত পুনৰ বিষয়টো দলীয় মঞ্চত উত্থাপন কৰিব ৷ কংগ্ৰেছ দল কেতিয়াও দূৰ্বল নহয় সেইয়া আজি প্ৰমান কৰিলে গোলাঘাটত ৷ দলীয় কৰ্মী সকলক আহ্বান জনায় সাংসদ গৰাকীয়ে কয় কংগ্ৰেছ কৰ্মী সকলৰ দলীয় চিহ্নৰ প্ৰতি আবেগ আছে । সেয়ে আগন্তুক লোকসভাৰ নিৰ্বাচনত প্ৰাৰ্থীৰ মুখলৈ চাই নহয় , সেয়ে দলৰ প্ৰতিক চিহ্নৰ হৈ কাম কৰিব লাগিব ।