আন্তঃৰাষ্ট্ৰীয় বজাৰলৈ কোকৰাঝাৰৰ জালুক...

কোকৰাঝাৰ জিলা কৃষি বিভাগৰ অন্তৰ্গত অসম কৃষি বাণিজ্য আৰু গ্ৰাম্য ৰূপান্তৰ প্ৰকল্পৰ উদ্যোগত অনুষ্ঠিত ক্ৰেতা-বিক্ৰেতা সন্মিলনত এই সিদ্ধান্ত গ্ৰহণ...
আন্তঃৰাষ্ট্ৰীয় বজাৰলৈ কোকৰাঝাৰৰ জালুক...

ডিজিটেল ডেস্ক: ভূটানলৈ ৰপ্তানি হ'ব কোকৰাঝাৰৰ জালুক। কোকৰাঝাৰ জিলা কৃষি বিভাগৰ অন্তৰ্গত অসম কৃষি বাণিজ্য আৰু গ্ৰাম্য ৰূপান্তৰ প্ৰকল্পৰ উদ্যোগত অনুষ্ঠিত ক্ৰেতা-বিক্ৰেতা সন্মিলনত এই সিদ্ধান্ত গ্ৰহণ কৰা হয়। উল্লেখ্য যে, কোকৰাঝাৰ জিলাত ৪ এপ্ৰিল তাৰিখে অনুষ্ঠিত হোৱা ক্ৰেতা-বিক্ৰেতা সন্মিলনত ভূটান চেম্বাৰ অফ কমাৰ্চৰ এটা প্ৰতিনিধিৰ দলে অংশগ্ৰহণ কৰাৰ লগতে জিলাখনত উৎপাদিত সামগ্ৰী ক্ৰয় কৰিবলৈ আগ্ৰহ প্ৰকাশ কৰে।

এই সন্মিলনত ৬ টা কৃষক উৎপাদক কোম্পানীয়ে (FPC) তেওঁলোকৰ উৎপাদিত কৃষিজাত সামগ্ৰী যেনে কাঠফুলা, ৰঙালাও, তিতা গাৰ্ড কেৰেলা, কল, নেমু, পানীলাও, আলু, পটল, বিলাহী, জলকীয়া, মাকৈ, অমিতা, ফুলকবি, কঁঠাল, লেচেৰা, ভেন্দি, কচু, বিভিন্ন জাতৰ চাউল আদি প্ৰদৰ্শন কৰিছিল। তদুপৰি মান সংযোজিত সামগ্ৰী যেনে বনৰীয়া মৌ, ডায়েবেটিক-বিৰোধী চাহ (ষ্টেভিয়া, তেজপাত, তুলসী আৰু অন্যান্য বনৌষধিৰ সৈতে), সেউজীয়া জলকীয়া গুৰি, শুকান ধনিয়া, ক'লা চাহপাত, সেউজীয়া চাহপাত ক'লা তিল, ক'লা কাগজ, শুকান কাঠফুলা, কচু পাউডাৰ, বাজৰাৰ আটা, বাজৰাৰ শিশু খাদ্য, সৰিয়হ তেল, হালধি গুৰি, ঔ টেঙাৰ গুৰি, বিভিন্ন আচাৰ আদিও প্ৰদৰ্শন কৰিছিল।

কোকৰাঝাৰ জিলাৰ জিলা উপায়ুক্ত বাৰ্ণালী ডেকা (আইএএছ) আৰু ভূটানৰ প্ৰতিনিধিসকলৰ দ্বাৰা বন্তি প্ৰজ্বলনেৰে আৰম্ভ হোৱা অনুষ্ঠানৰ পৰৱৰ্তী পৰ্যায়ত ৪ টা কাৰিকৰী প্ৰশিক্ষণ অনুষ্ঠিত হয়। য'ত ভূটান , ৰং দে(গুৱাহাটী), ক্লাষ্টাৰ লীড-নৰ্থ ইষ্ট ইণ্ডিয়া আদি প্ৰতিষ্ঠানৰ প্ৰতিনিধিসকলে ভিন্ন বিষয়ত তেওঁলোকৰ ভাষণ প্ৰদান কৰে। আৰু শেষত ক্ৰেতা- বিক্ৰেতা সকলৰ মাজত মত-বিনিময় অনুষ্ঠানৰ আয়োজন কৰা হয়।

এই অনুষ্ঠানতেই ভূটানৰ প্ৰতিনিধিসকলে কোকৰাঝাৰ স্থিত দুটা এফপিচিৰ সৈতে জালুক আৰু আলু ক্ৰয় কৰিবৰ বাবে চুক্তি স্বাক্ষৰ কৰে। ইয়াৰোপৰি ধুবুৰী স্থিত ৰাইনো ৰিচাৰ্চ প্ৰডাক্ট নামৰ এটা ঔষধ কোম্পানিয়ে তুলসী ক্ৰয় কৰাৰ বাবে চুক্তি স্বাক্ষৰ কৰে। উল্লেখ্য যে উপস্থিত থকা সদস্যসকলৰ ভিতৰত আছিল বুৰলুং বুথুৰ নাৰ্জাৰী (জিলা কৃষি বিষয়া, কোকৰাঝাৰ), মুনিন্দ্ৰ নাৰায়ণ দাস (জিলা তথ্য বিযষয়া ও নোডেল বিষয়া,এপাৰ্ট), নৰেশ বাবু কুঞ্চে (জ্যেষ্ঠ প্ৰৱন্ধক,ৰং দে, গুৱাহাটীৰ), সুব্ৰত ৰয় (ক্লাষ্টাৰ লীড, উত্তৰ-পূব ভাৰত), সত্য প্ৰকাশ ভূঞা (জি.এম., ডি.আই.চি.চি., কোকৰাঝাৰ) ।

আন্তঃৰাষ্ট্ৰীয় বজাৰলৈ কোকৰাঝাৰৰ জালুক...
চৰ্চিত! কিয় ন্যায়ী যুঁজত আৰিফ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in