কোকৰাঝাৰত অবৈধ নিচাজাতীয় সামগ্ৰীৰ বিৰুদ্ধে সৰব শ-শ মহিলা...

আৰক্ষী প্ৰশাসনৰ নিৰ্লিপ্ততা। অবৈধ নিচাজাতীয় সামগ্ৰীৰ বিক্ৰীৰ বিৰুদ্ধে বান্ধি দিলে শেষ সময়সীমা। জৰিমনা আৰু পুৰস্কাৰ ঘোষণা...

author-image
Asomiya Pratidin
New Update
কোকৰাঝাৰত অবৈধ নিচাজাতীয় সামগ্ৰীৰ বিৰুদ্ধে সৰব শ-শ মহিলা...

ডিজিটেল সংবাদ, কোকৰাঝাৰ : অসম আৰক্ষীৰ নিষ্কিয় ভূমিকাৰ সুযোগলৈ জিলাখনত অবৈধ মদ, গাঞ্জা, ড্ৰাগছে ছানি ধৰাৰ সময়তে শনিবাৰে ডিয়াঝিজৰী গাঁৱত মহিলা সমিতি আৰু গাওঁবুঢ়া সমিতিয়ে অবৈধভাৱে নিচাজাতীয় সামগ্ৰী বিক্ৰী কৰাৰ নিষেধ্বজ্ঞা জাৰি কৰিছে। তদুপৰি নিচাজাতীয় সামগ্ৰীৰ বিক্ৰীৰ বিৰুদ্ধে ডিয়াঝিজৰী গাঁৱত চাৰি সম্প্ৰদায়ৰ মহিলাই গাঁৱখনত এক বিশাল সমদল বাহিৰ কৰি নিচাজাতীয় সামগ্ৰী বিক্ৰী কৰাৰ বিৰুদ্ধে শেষ সময়সীমা আৰু সকিয়নী প্ৰদান কৰিছে।

Advertisment

উল্লেখ্য যে, বৃহত্তৰ ডিয়াঝিজৰী অঞ্চলত অবৈধভাৱে নিচাজাতীয় সামগ্ৰী বহুদিনৰে পৰা বিক্ৰী হৈ আহিছে। যাৰ পৰিণতিতে অঞ্চলটোৰ কেন্দ্ৰীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠানত অধ্যয়নৰত ছাত্ৰ, স্কুল-কলেজত পঢ়া ছাত্ৰ-ছাত্ৰীসকল মদ, ড্ৰাগছ, গাঞ্জাৰ কবলত পৰি ক্ৰমান্বয়ে মৃত্যুৰ মুখলৈ গতি কৰি আহিছে। কোকৰাঝাৰ জিলা আৰক্ষী প্ৰশাসনে এই বিষয়ে কোনোধৰণৰ কাৰ্যব্যৱস্থা গ্ৰহণ নকৰাত উপায়ন্তৰ হৈ চাৰি সম্প্ৰদায় ক্ৰমে বড়ো, কোচ-ৰাজবংশী, সূত্ৰধাৰ আৰু নাথ-যোগী সম্প্ৰদায়ে ঐক্যবদ্ধ হৈ প্ৰথমে ডিয়াঝিজৰী এমই স্কুল প্ৰাংগনত নিচাজাতীয় সামগ্ৰীৰ বিৰুদ্ধে এক সভা অনুষ্ঠিত কৰে ।

উক্ত সভাত অহা ২৬ জুনৰ পিছত অঞ্চলটোত কোনো ব্যক্তিয়ে অবৈধভাৱে নিচাজাতীয় সামগ্ৰী বিক্ৰী কৰিব নোৱাৰিব। নিচাজাতীয় সামগ্ৰী বিক্ৰী কৰিলে ৫০০০ টকা জৰিমনা আদায় দিব লাগিব আৰু নিচাজাতীয় সামগ্ৰী বিক্ৰী কৰা লোকৰ দোকান বা বাসগৃহ লণ্ডভণ্ড কৰা হ'ব মত প্ৰকাশ কৰি সৰব হৈ পৰিব। ইয়াৰোপৰি নিচাজাতীয় সামগ্ৰী বিক্ৰী কৰা লোকৰ তথ্য যোগান ধৰিলে তেনেলোকক ৫০০ টকাৰ পুৰস্কাৰ দিয়া হ'ব আৰু পৰিচয় গোপোনে ৰখা হ'ব বুলিও মত প্ৰকাশ কৰে ।

সভাৰ অন্তত চাৰিওটা সম্প্ৰদায়ৰ মহিলাসকলে হাতত বেনাৰ-পোষ্টাৰ লৈ ডিয়াঝিজৰী অঞ্চলত নিচাজাতীয় সামগ্ৰীৰ বিৰুদ্ধে প্ৰতিবাদী সমদল বাহিৰ কৰে আৰু নিচাজাতীয় সামগ্ৰী বিক্ৰী নকৰিবলৈ কঠোৰ সকিয়নী প্ৰদান কৰে । সভাত গাওঁবুঢ়া ক্ৰমে ললিত ৰায়, চক্ৰমনি বসুমতাৰী, ধ্বজেন নাথ , নবান্ত সূত্ৰধাৰ আৰু তৰুণ ৰায় উপস্থিত থকাৰ লগতে চাৰিওটা সম্প্ৰদায়ৰ মহিলা সমিতিৰ নেতৃবৰ্গ উপস্থিত আছিল ।

Also Read: তামুলপুৰত বান পৰিস্থিতি পৰিদৰ্শন কৰি মহকুমাধিপতিক স্মাৰক আছুৰ...

kokrajhar