/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-06/6edecf5a-6717-4ae8-b055-f6330671ae15/Mahkumadi.jpg)
ডিজিটেল সংবাদ, তামুলপুৰ : ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে তামুলপুৰৰ বিস্তীৰ্ণ অঞ্চল বানৰ কবলত পৰাৰ ফলত অঞ্চলটোৰ শ-শ লোক ক্ষতিগ্ৰস্ত হোৱাৰ লগতে পশু ধনৰো বিস্তৰ ক্ষতিসাধন হৈছে । তথা অঞ্চলটোৰ কুমাৰীকাটা খৈৰাণী সংযোগী জালাহ পথৰ দৰঙা নদীৰ ওপৰৰ দলঙখনৰ মাজৰ অংশ; দলঙপাৰৰ ৰঙিয়া-ভূটান আন্তঃৰাষ্ট্ৰীয় ঘাইপথ সংযোগী মটঙা নদীৰ দলঙখনৰ দুয়ো মূৰ আৰু লতিবাৰী দোৱামাখা পথৰ বৰলিয়া নদীৰ ওপৰত থকা লোৰ দলঙখনৰ মাজৰ অংশ বাঢ়নী পানীয়ে উটুৱাই নিয়াৰ ফলত জনজীৱন ব্যাহত হৈ পৰে।
তদুপলক্ষে শুকুৰবাৰে তামুলপুৰ আছুৱে উক্ত বানাক্ৰান্ত অঞ্চলসমূহ পৰিদৰ্শন কৰে আৰু বৰ্তমানেও আশ্ৰয় শিবিৰত থকা বানাক্ৰান্তসকলৰ খাদ্য, স্বাস্থ্য আৰু পশুধনৰ খাদ্যৰ উপৰি বান বিধ্বস্ত অঞ্চলটোৰ যাতায়ত ব্যৱস্থা সুচল কৰি তুলিবলৈ দাবী উত্থাপন কৰে।
সেই দাবীৰে শনিবাৰে তামুলপুৰ জিলা ছাত্ৰ সন্থাই তামুলপুৰৰ মহকুমাধিপতিক এখন স্মাৰক পত্ৰ প্ৰদান কৰে। উক্ত স্মাৰক পত্ৰ প্ৰদান কাৰ্যসূচীত তামুলপুৰ জিলা ছাত্ৰ সন্থাৰ সভাপতি ডুলুজিৎ দাস, উপ-সভাপতি অনুপ কলিতা, সম্পাদক সৰঞ্জন ৰাভা, তামুলপুৰ আঞ্চলিক ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক মৃত্যুঞ্জয় হালৈসহ কেইবাগৰাকীও ছাত্ৰ নেতা উপস্থিত থাকে।
Also Read: শতাধিক মাতৃৰ অংশগ্ৰহণেৰে মথুৰাপুৰ শংকৰদেৱ শিশু নিকেতনত মাতৃ সন্মিলন...