
ডিজিটেল সংবাদ, কোকৰাঝাৰঃ কোকৰাঝাৰ সদৰ চহৰৰ নাতিদূৰৈৰ বডোফা নগৰৰ গ্ৰীণ ফিল্ডত বুধবাৰে ইউপিপিএল দলে নিজ দলৰ শক্তি প্ৰদৰ্শন কৰে। লোকসভা নিৰ্বাচনৰ পূৰ্বে প্ৰায় অৰ্ধ লক্ষাধিক লোকক সমবেত কৰি ইউপিপিএল দলে বিৰোধী শক্তিলৈ এক শক্তিশালী সংকেত প্ৰেৰণ কৰে।
যিসময়ত ইউপিপিএল দলৰ গণভিত্তি দুৰ্বল হৈছে বুলি বিৰোধীয়ে সমালোচনা কৰি আছিল তেনেসময়তে আজি কোকৰাঝাৰৰ গ্ৰীণ ফিল্ডত ইউপিপিএল দলে অৰ্ধ লক্ষাধিক লোকক সমবেত কৰি বিৰোধী দলৰ সমালোচনাৰ প্ৰত্যুত্তৰ দিছে।বিপিএফ দলে যোৱা কিছুদিনৰ পৰা সমগ্ৰ বিটিআৰত পদযাত্ৰা কৰাৰ পিছত আজি ইউপিপিএল দলেও কোকৰাঝাৰত সুখ আৰু প্ৰগতিৰ বিশাল পদযাত্ৰা কৰি আগতীয়া নিৰ্বাচনী ৰণডংকা বজাই ।
উল্লেখ্য যে আজি কোকৰাঝাৰৰ গ্ৰীণ ফিল্ডত অনুষ্ঠিত হোৱা সভা আৰু পদযাত্ৰা কাৰ্যসূচীত ইউপিপিএল দলৰ প্ৰায়সংখ্যক নেতা আৰু কৰ্মীয়ে অংশগ্ৰহণ কৰে। ইউপিপিএলৰ দলৰ সভাপতি তথা বিটিচি প্ৰধান প্ৰমোদ বড়োই সভা আৰম্ভ হোৱাৰ পূৰ্বে সাংবাদিকক দিয়া এক সাক্ষাৎকাৰত হাগ্ৰামা মহিলাৰীক কঠোৰ সমালোচনা কৰে।
প্ৰমোদ বড়োই কয় যে হাগ্ৰামা মহিলাৰী হ'ল শ্ৰীৰামপুৰ গেটৰ নেতা। তেওঁ পাঁচ মিনিটৰ কাৰণেও শ্ৰীৰামপুৰ গেটৰ কথা পাহৰিব নোৱাৰে। সেয়ে তেওঁ চিণ্ডিকেটৰ কথা পাহৰিব নোৱাৰে । প্ৰমোদ বড়োই কটাক্ষ কৰি কয় যে শ্ৰীৰামপুৰ গেটত বহু ঘৰ এনেই পৰি আছে আৰু হাগ্ৰামা মহিলাৰীয়ে যেতিয়াই বিচাৰে তাৰে এটা ৰুম ঠিক কৰি দি তাতে চোফা ,এচিৰ ব্যৱস্থা কৰি দিম। তাতে বহি তেওঁ হিচাপ কৰি থাকক , কিমানখন ট্ৰাক আহিল আৰু কিমান খন ট্ৰাক গ'ল আৰু সেই হিচাপ চৰকাৰ আৰু জনসাধাৰণক সময়ে -সময়ে জনাই থাকিবলৈ হাগ্ৰামা মহিলাৰীৰ প্ৰতি আহ্বান জনাইছে প্ৰমোদ বড়োই।
বিপিএফৰ ১৭ বছৰীয়া দুৰ্নীতি , অপশাসন আৰু চিণ্ডিকেটৰ হিচাপ তেওঁলোকৰ লগত আছে বুলি উল্লেখ কৰিছে প্ৰমোদ বড়োই। বিপিএফৰ দমন নীতি , ঠগ -প্ৰৱঞ্চনা , লুণ্ঠনত জনতা অতিষ্ঠ হৈছিল আৰু সেয়ে ইউপিপিএল দলক ৰাইজে আঁকোৱালি লৈছিল আৰু এতিয়া ইউপিপিএল দলৰ প্ৰতি ৰাইজৰ আস্থা পূৰ্বতকৈ দহগুণ বৃদ্ধি পাইছে বুলি উল্লেখ কৰি বিটিআৰক উন্নয়নৰ ফালে আগুৱাই নিয়াৰ বাবে ইউপিপিএল দলে কাম কৰি আছে বুলি উল্লেখ কৰিছে প্ৰমোদ বড়োই ।
বিটিআৰ চৰকাৰে সুখ আৰু প্ৰগতিৰ বাৰ্তা বিয়পাই দিবলৈ পদযাত্ৰাৰ আয়োজন কৰিছে আৰু যি কাম বিপিএফ চৰকাৰে ১৭ বছৰ কৰিব পৰা নাছিল সেই কাম ইউপিপিএল , জিএচপি আৰু বিজেপি চৰকাৰে দুবছৰতে কৰি দেখুৱাইছে বুলি মন্তব্য কৰে প্ৰমোদ বড়োৱে ।কোকৰাঝাৰ পূৱ বিধানসভা সমষ্টিৰ বিধায়ক লৰেঞ্চ ইছলাৰীয়ে পৰিচালনা কৰা সভাখনত নিজ ভাষণত ইউপিপিএলৰ সাধাৰণ সম্পাদক ৰাজু নাৰ্জাৰীয়ে হাগ্ৰামা মহিলাৰীক কঠোৰ সমালোচনা কৰি হাগ্ৰামা মহিলাৰীৰ অগাধ সম্পত্তিৰ বিষয়ে উল্লেখ কৰে। এয়া সকলো অবৈধ উপায়েৰে আৰোহন কৰা বুলি উল্লেখ কৰি হাগ্ৰামা মহিলাৰীয়ে অসত্য কথা জনসাধাৰণৰ আগত ৰহন সানি প্ৰকাশ কৰাত সমালোচনা কৰে ।
ইপিনে উক্ত সভা আৰু পদযাত্ৰাত উপস্থিত থকা ইউপিপিএল দলৰ প্ৰতিষ্ঠাপক সভাপতি তথা অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্মই অনাগত ২০ বছৰ লৈ বিটিআৰত ইউপিপিএল দলে শাসন কৰিব বুলি মন্তব্য কৰিছে। তেওঁ কয় যে বিপিএফ বৰ্তমান ধুলিস্যাৎ হৈ গৈছে আৰু আজিৰ বিশাল জনসভাই বিটিআৰ চৰকাৰৰ প্ৰতি থকা জনতাৰ আস্থাকে প্ৰকাশ কৰিছে ।
ড° হিমন্ত বিশ্ব শৰ্মাৰ নেৰ্তৃত্বত অসম চৰকাৰ চলি আছে আৰু তেওঁৰ নিৰ্দেশ আৰু মাগদৰ্শনতে বিটিআৰ চৰকাৰ চলি আছে বুলি উল্লেখ কৰে উৰ্খাও গৌৰা ব্ৰহ্মই । ২০২০ চনৰ পূৰ্বৰ যি পৰিৱেশ আছিল সেই পৰিৱেশ এতিয়া আৰু নাই বুলি উল্লেখ কৰি জনতাই এতিয়া হাগ্ৰামা মহিলাৰীৰ বাৰেভূচহু কথা বিশ্বাস নকৰে আৰু মুখ্যমন্ত্ৰী হিচাপে ড° হিমন্ত বিশ্ব শৰ্মাই দায়িত্বভাৰ লোৱাৰ পিছতে অসমৰ পৰা চিণ্ডিকেট নোহোৱা হ'ল বুলি মন্তব্য কৰিছে উৰ্খাও গৌৰা ব্ৰহ্মই ।
উল্লেখ্য যে গ্ৰীণ ফিল্ডত অনুষ্ঠিত হোৱা বিশাল সভা অনুষ্ঠিত হোৱাৰ পিছতে সুখ আৰু প্ৰগতিৰ বাবে এক বিশাল পদযাত্ৰা গ্ৰীণফিল্ডৰ পৰা বাহিৰ হয় । গ্ৰীণ ফিল্ডৰ পৰা বাহিৰ হোৱা উক্ত শোভাযাত্ৰাই জেডি ৰোডেৰে ডনবস্ক' শান্তিনগৰ হৈ কোকৰাঝাৰ সদৰ চহৰ পৰিভ্ৰমন কৰি পুণৰাই গ্ৰীণ ফিল্ডত পদযাত্ৰাৰ সামৰণি পেলায় ।
আজি অনুষ্ঠিত হোৱা ইউপিপিএলৰ বিশাল সভা আৰু পদযাত্ৰাত ইউপিপিএলৰ সাধাৰণ সম্পাদক তথা পাৰিষদ মাধৱ ছেত্ৰী, আন এগৰাকী সাধাৰণ সম্পাদক ৰাজু নাৰ্জাৰী, বিধায়ক ক্ৰমে লৰেন্স ইছলাৰী, জিৰণ বসুমতাৰী , বিটিচিৰ কাৰ্যবাহী সদস্য ক্ৰমে নিলুৎ স্বৰ্গীয়াৰী , ৰঞ্জিত বসুমতাৰীকে ধৰি দলটোৰ বহু কেইগৰাকী শীৰ্ষ পৰ্যায়ৰ নেতা আৰু দলটোৰ প্ৰায় সৰহ সংখ্যক কৰ্মীয়ে অংশগ্ৰহণ কৰে ৷