কথমপিহে বাছিল ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিন...

কথমপিহে বাছিল ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিন...

author-image
Asomiya Pratidin
New Update
কথমপিহে বাছিল ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিন...

ডিজিটেল ডেস্কঃ কথমপি ৰক্ষা পৰিল ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভলাদামিৰ পুটিন। ইউক্ৰেইনে চলোৱা এক প্ৰাণঘাটী আক্ৰমণ বিফল কৰিলে ৰাছিয়াৰ সেনা বাহিনী আৰু চোৰাংচোৱাই। দীৰ্ঘদিন ধৰি ইউক্ৰেইনৰ সৈতে যুদ্ধত লিপ্ত থকা ৰাছিয়াৰ ৰাষ্ট্ৰপতি গৰাকীক হত্যা কৰিবলৈ ইউক্ৰেইনে দুখন ড্ৰোণ প্ৰেৰণ কৰিছিল।

Advertisment

এই দুইখন ড্ৰোণ ৰাছিয়াৰ সামৰিক বাহিনীয়ে গুলীয়াই ভূপতিত কৰে। ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিনে বাস কৰা ক্ৰেমলিন ভৱনৰ নতি দূৰত এই দুইখন ড্ৰোণ গুলীয়াই ভূপতিত কৰাৰ দৃশ্য আৰু ধোৱাৰে আকাশ ছানি ধৰা এখন আলোকচিত্ৰ ৰাছিয়াৰ কৰ্তৃপক্ষই সদৰি কৰিছে।

সামাজিক মাধ্যমতো তেনে এক ভিডিঅ' ভাইৰেল হৈ পৰিছে।আনুষ্ঠানিকভাৱে ৰাছিয়াই ঘোষণা কৰিছে ইউক্ৰেইনে এই আক্ৰমণ চলাইছিল। ৰাষ্ট্ৰপতি পুটিনক হত্যা কৰাৰ বাবে তেওঁৰ বাসভৱনত এই আক্ৰমণৰ চেষ্টা কৰিছিল বুলিও ৰাছিয়াই অভিযোগ তুলিছে।

ইউক্ৰেইনে অৱশ্যে ৰাছিয়াৰ অভিযোগ সন্দৰ্ভত কোনো প্ৰতিক্ৰিয়া ব্যক্ত কৰা নাই। ক্ৰেমলিন ভৱনৰ পৰা সদৰি কৰা এক বিবৃতিত ইয়াক সন্ত্ৰাসবাদী আক্ৰমণ আখ্যা দিয়া হৈছিল। উল্লেখ্য যে, ইউক্ৰেইনৰ সৈতে যুদ্ধত লিপ্ত হোৱাৰ পাছৰেই পৰাই ৰাছিয়াৰ ৰাষ্ট্ৰপতিৰ নিৰাপত্তা আৰু অধিক কটকটীয়া কৰা হৈছে।

মস্কো মেয়ৰে ইতিমধ্যে সমগ্ৰ চহৰখনত ড্ৰোণ উৰণ নিষিদ্ধ কৰিছে। ৰাছিয়াৰ এই দাবীৰ পাছতেই সেই আক্ৰমণক কেন্দ্ৰ কৰি সৃষ্টি হোৱা পৰিস্থিতি সন্দৰ্ভত বিশ্ব সমূদায়ে চোকা দৃষ্টি ৰাখিছে।

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভৱনৰ সূত্ৰই জনোৱা অনুসৰি ইউক্ৰেইনৰ এই আক্ৰমণৰ পাছতো পুটিনৰ দৈনন্দিন কাৰ্যসূচীৰ সলনি কৰা নাই। অৱশ্যে ইউক্ৰেইনৰ এই সন্ত্ৰাসবাদমূলক আক্ৰণৰ যোগ্য প্ৰত্যুত্তৰ দিয়া হ'ব বুলি চুবুৰীয়া ৰাষ্ট্ৰখনত সকিয়াই দিছে।

Also Read: স্বাভিমানী অসমীয়াৰ সৃষ্টি আৰু কৃষ্টিৰ প্ৰাণকেন্দ্ৰ হৈ পৰা কাজিৰঙাৰ কঠিয়াতলী