কোকৰাঝাৰত ভয়ংকৰ দুৰ্ঘটনাৰ পৰা কথমপি ৰক্ষা পৰিল মালবাহী ৰে'ল...

কোকৰাঝাৰত কথমপি ভয়ংকৰ দুৰ্ঘটনাৰ পৰা ৰক্ষা পৰিল এখন ৰে'ল। দেশ কঁপোৱা উৰিষ্যাৰ ৰে'ল দুৰ্ঘটনাৰ পিছতো সংশোধন নহ'ল ৰে'ল বিভাগ

author-image
Asomiya Pratidin
New Update
কোকৰাঝাৰত ভয়ংকৰ দুৰ্ঘটনাৰ পৰা কথমপি ৰক্ষা পৰিল মালবাহী ৰে'ল...

ডিজিটেল সংবাদ, কোকৰাঝাৰ : কোকৰাঝাৰত কথমপি ভয়ংকৰ দুৰ্ঘটনাৰ পৰা ৰক্ষা পৰিল এখন ৰে'ল। দেশ কঁপোৱা উৰিষ্যাৰ ৰে'ল দুৰ্ঘটনাৰ পিছতো সংশোধন নহ'ল ৰে'ল বিভাগ। কোকৰাঝাৰত নামনিমুৱা মালবাহী ৰে'লৰ চলন্ত অৱস্থাতে ইঞ্জিন খুলি যোৱা ঘটনাই উদঙাই দিছে ৰে'ল বিভাগৰ চূড়ান্ত দায়িত্বহীনতাৰ কথা।

Advertisment

চলন্ত অৱস্থাতে মালবাহী ৰে'লখনৰ ইঞ্জিন খুলি আগবাঢ়ি যোৱাৰ বিপৰীতে ট্ৰেকতে ৰৈ গ'ল আনকেইটা ডবা। প্ৰায় ৬০০ মিটাৰমান আগবাঢ়ি গৈছিল ইঞ্জিনটো। কোকৰাঝাৰ ৰে'লৱে ষ্টেচনৰ পৰা প্ৰায় এক কিলোমিটাৰ দূৰত সংঘটিত হয় এই ঘটনা।

ঘটনাস্থলীত উপস্থিত হয় ৰে'ল বিভাগৰ বিষয়া-কৰ্মচাৰী। প্ৰায় এঘণ্টা পিছত ইঞ্জিন লগাই পুনৰ যাত্ৰা কৰে মালবাহী ৰে'লখনে। সৌভাগ্যক্ৰমে ভয়ংকৰ দুৰ্ঘটনাৰ পৰা ৰক্ষা পৰিল ৰে'লখন। পিছে এই ঘটনাই ৰে'ল বিভাগৰ দ্বায়িত্বহীনতাৰ কথাকে উদঙাই দিয়াত চিন্তিত হৈ পৰিছে সচেতন মহল।

Also Read: মঙলদৈৰ জে এন এছ এম পলিক্লিনিকত মাৰপিটৰ ঘটনা...

indian railway kokrajhar