মঙলদৈৰ জে এন এছ এম পলিক্লিনিকত মাৰপিটৰ ঘটনা...

মঙলদৈ চহৰৰ জে এন এছ এম পলিক্লিনিকত মাৰপিটৰ ঘটনা ৷

author-image
Asomiya Pratidin
New Update
মঙলদৈৰ জে এন এছ এম পলিক্লিনিকত মাৰপিটৰ ঘটনা...

ডিজিটেল সংবাদ, মঙলদৈ : মঙলদৈ চহৰৰ জে এন এছ এম পলিক্লিনিকত মাৰপিটৰ ঘটনা ৷ বাৰে বাৰে বিতৰ্কত সাঙোৰ খাই মঙলদৈৰ জে এন এছ এম পলিক্লিনিক নামৰ ব্যক্তিগত খণ্ডৰ চিকিৎসালয়খন।

Advertisment

শনিবাৰে দৰঙৰ বৰুৱাঝাৰৰ আছাদুল্লাহ হক নামৰ ব্যক্তিগৰাকীৰ অস্ত্ৰোপছাৰত মৃত্যু হোৱাক কেন্দ্ৰ কৰি চিকিৎসালয়খনত আত্মীয়ই প্ৰতিবাদ কৰাত, চিকিৎসালয়খনত কৰ্মৰত নিৰাপত্তাৰক্ষীগৰাকীয়ে প্ৰতিবাদ কৰা মৃত ৰোগীৰ আত্মীয়ক প্ৰহাৰ কৰে ৷

আনহাতে সমগ্ৰ দৃশ্য মোবাইল কেমেৰাত বন্দী কৰে প্ৰত্যক্ষদৰ্শীয়ে ৷ ঘটনাৰ সন্দৰ্ভত ভুক্তভোগীয়ে মঙলদৈ সদৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰাৰ লগতে সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন দৰং জিলা সমিতিয়ে দৰঙৰ আৰক্ষী অধীক্ষকৰ ওচৰত ঘটনা সন্দৰ্ভত এক স্মাৰক পত্ৰ প্ৰদান কৰে ৷

উল্লেখ্য যে, চিকিৎসালয়খনৰ অভিযুক্ত নিৰাপত্তাৰক্ষী গৰাকীক মঙলদৈ আৰক্ষীয়ে ইতিমধ্যে আটক কৰিছে  ৷

Also Read: দেশৰ গৱেষক বিজ্ঞানীৰ অংশগ্ৰহণেৰে অসম কৃষি বিশ্ববিদ্যালয়ত কৃষি পৰ্যালোচনা সভা..

Assam police