
ডিজিটেল সংবাদ, কোকৰাঝাৰ : কোকৰাঝাৰত গোহালিৰ পৰাই নোহোৱা হয় গৃহস্থৰ গোধন। নিশা গো-মাফিয়াই চুৰি কৰি নিয়ে গোধন। চুৰি কৰি নিয়া গোধন কাটি বিক্ৰী কৰে গো-মাফিয়াই।
কোকৰাঝাৰত পথাৰ তথা গোহালিৰ পৰা গৰু হেৰুৱাটো নৈত্য-নৈমিত্তিক ঘটনাত পৰিণত হৈছে। বিগত শণিবাৰে চান্দামাৰি বাগিছাগাঁৱৰ বৰ্মনবস্তিৰ শ্যামল বৰ্মনৰ গোহালিৰ পৰা গো-মাফিয়াই চুৰি কৰে এহাল বলধ গৰু। তাৰে এটা কাটি বিক্ৰী কৰে মোক্ৰাপাৰাত । আৰু সেই গো-মাংস উদ্ধাৰ কৰে আৰক্ষীয়ে।
মুখ্যমন্ত্ৰীয়ে গো-ধন হত্যাৰ বিৰুদ্ধে কঠোৰ হ'বলৈ নিৰ্দেশনা দিয়াৰ সময়তে কোকৰাঝাৰত মুকলিভাৱে গো-মাংসৰ বেহা। উল্লেখ্য যে, উক্ত বলধ গৰু দুটাৰ আনটো জীৱিত অৱস্থাত উদ্ধাৰ হয় কঠালগুৰী গাঁৱত। এই ঘটনাৰে গো-মাফিয়া অজব আলী জড়িতৰ সন্দেহ। আনহাতে আৰক্ষীৰ ভূমিকাত অসন্তুষ্ট সাধাৰণ জনতা।