কোকৰাঝাৰত স্বাস্থ্য সেৱা উৎসৱ...

কোকৰাঝাৰৰ ৩০ নং কোকৰাঝাৰ পূৱ (জনজাতি সংৰক্ষিত) বিধানসভা সমষ্টিৰ বিধায়ক লৰেঞ্চ ইছলাৰীয়ে শণিবাৰে কাৰিগাঁও মডেল চিকিৎসালয় আৰু আমগুৰি উপ স্বাস্থ্যকেন্দ্ৰত বহি:মূল্যায়ক হিচাপে উপস্থিত থাকে

author-image
Asomiya Pratidin
New Update
কোকৰাঝাৰত স্বাস্থ্য সেৱা উৎসৱ...

ডিজিটেল সংবাদ, কোকৰাঝাৰ: অসম চৰকাৰৰ স্বাস্থ্য বিভাগে স্বাস্থ্যখণ্ডৰ উন্নতিৰ বাবে সমগ্ৰ ৰাজ্যতে তিনিদিনীয়াকৈ উদযাপন কৰিছে স্বাস্থ্য সেৱা উৎসৱ। কোকৰাঝাৰ জিলাও এইক্ষেত্ৰত ব্যতিক্ৰম নহয়।

Advertisment

এই উপলক্ষে ৩০ নং কোকৰাঝাৰ পূৱ (জনজাতি সংৰক্ষিত) বিধানসভা সমষ্টিৰ বিধায়ক লৰেঞ্চ ইছলাৰীয়ে শণিবাৰে কাৰিগাঁও মডেল চিকিৎসালয় আৰু আমগুৰি উপ স্বাস্থ্যকেন্দ্ৰত বহি:মূল্যায়ক হিচাপে উপস্থিত থাকে। বিধায়ক গৰাকীয়ে বিভিন্ন ক্ষেত্ৰৰ মূল্যায়ন কৰাৰ লগতে দুয়োখন চিকিৎসালয়ৰ কৰ্মচাৰীসকলক পৰামৰ্শ প্ৰদান কৰা দেখা যায় ।

এই সন্দৰ্ভত সংবাদ মাধ্যমৰ আগত বিধায়ক লৰেঞ্চ ইছলাৰীয়ে কয় যে, অসম চৰকাৰৰ স্বাস্থ্য বিভাগে স্বাস্থ্যখণ্ডৰ উন্নতিকল্পে আৰম্ভ কৰা স্বাস্থ্য সেৱা উৎসৱে স্বাস্থ্যখণ্ডৰ আমূল পৰিৱৰ্তন সাধন কৰিব । দুয়োখন চিকিৎসালয়ত থকা কিছুমান সমস্যা স্বাস্থ্য সেৱা উৎসৱৰ পিছতে সমাধান হ'ব বুলি আশা প্ৰকাশ কৰে বিধায়ক গৰাকীয়ে ।

উল্লেখ্য যে, বিধায়ক লৰেঞ্চ ইছলাৰী বহি:মূল্যায়ক হিচাপে দুয়োখন চিকিৎসালয়ত উপস্থিত থকাৰ সময়ত স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ যুটীয়া সচিব ড: এ .এচ . শৰ্মা সহিতে স্বাস্থ্য বিভাগৰ উচ্চপদস্থ বিষয়াসকল উপস্থিত আছিল ।

Also Read: বেয়া দিন: তিনি কংগ্ৰেছী বিধায়কৰ পদত্যাগ...

kokrajhar health department of assam