মুখ্যমন্ত্ৰী-যোগানমন্ত্ৰীৰ পুত্তলিকা দাহেৰে মূল্যবৃদ্ধিৰ বিৰুদ্ধে ছাত্ৰ মুক্তিৰ প্ৰতিবাদ

মুখ্যমন্ত্ৰী-যোগানমন্ত্ৰীৰ পুত্তলিকা দাহেৰে মূল্যবৃদ্ধিৰ বিৰুদ্ধে ছাত্ৰ মুক্তিৰ প্ৰতিবাদ

ডিজিটেল সংবাদ, ধেমাজিঃ শনিবাৰে অসমৰ মুখ্যমন্ত্ৰী আৰু যোগানমন্ত্ৰীৰ পুত্তলীকা দাহ কৰি আকাশলংঘী মূল্যবৃদ্ধিৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিলে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে । ধেমাজিৰ মাছখোৱা চাৰিআলিত সম্পন্ন প্ৰতিবাদী কাৰ্যসূচীত সংগঠনটোৱে জনতাৰ মূৰত মাধমাৰ সোধোৱা ব্যাপক মূল্যবৃদ্ধি নিয়ন্ত্ৰণত চৰকাৰখন ব্যৰ্থ হোৱাৰ অভিযোগ তোলে।

যাৰ বাবে অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা আৰু যোগান মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ প্ৰতিকৃতি দাহ কৰি সাব্যস্ত কৰে প্ৰতিবাদ। "যোগান মন্ত্ৰী হায় হায়, মুখ্যমন্ত্ৰীৰ কাম নাই, বিজেপি চৰকাৰ গ' বেক, যোগানমন্ত্ৰীয়ে পদত্যাগ কৰক ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি জিন্দাবাদ" আদি শ্লগানেৰে উত্তাল কৰি তোলে অঞ্চলটোৰ পৰিৱেশ।

মূল্যবৃদ্ধি ৰোধৰ প্ৰতিশ্ৰুতিৰে শাসনলৈ অহা বিজেপি চৰকাৰৰ দিনত পেট্ৰ'লিয়ামজাত সামগ্ৰীকে ধৰি সকলো ধৰণৰ অত্যাৱশ্যকীয় সামগ্ৰীৰ ব্যাপক মূল্যবৃদ্ধি ৰোধত চৰকাৰখন চূড়ান্ত ভাৱে ব্যৰ্থ হৈছে। এতিয়া চৌদিশে সৰ্বসাধাৰণ জনতাক পেটে-ভাটে মৰাৰ কুচকাৱাজ চলিছে বুলি চৰকাৰক ক্ষুৰধাৰ সমালোচনা কৰে সংগঠনটোৱে।

মুখ্যমন্ত্ৰী-যোগানমন্ত্ৰীৰ পুত্তলিকা দাহেৰে মূল্যবৃদ্ধিৰ বিৰুদ্ধে ছাত্ৰ মুক্তিৰ প্ৰতিবাদ
নুমুৱা নাই হাৰিয়ানাৰ হিংসাত্মক জুই ! বেদখলকাৰীৰ বাসগৃহত অব্যাহত বুলড'জাৰৰ আঁচোৰ

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in