আজিৰে পৰা আৰম্ভ সদৌ অসম নাথ যোগী ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় ত্ৰিবাৰ্ষিক অধিৱেশন

আজিৰে পৰা আৰম্ভ সদৌ অসম নাথ যোগী ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় ত্ৰিবাৰ্ষিক অধিৱেশন

author-image
Asomiya Pratidin
New Update
 আজিৰে পৰা আৰম্ভ সদৌ অসম নাথ যোগী ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় ত্ৰিবাৰ্ষিক অধিৱেশন

ডিজিটেল সংবাদ, কোকৰাঝাৰঃ কোকৰাঝাৰত বুধবাৰৰ পৰা তিনিদিনীয়া বৰ্ণিল কাৰ্যসূচীৰে সদৌ অসম নাথ যোগী ছাত্ৰ সন্থাৰ দ্বিতীয়তম কেন্দ্ৰীয় ত্ৰিবাৰ্ষিক অধিৱেশন আৰম্ভ। কোকৰাঝাৰৰ ভূটীয়াপাৰা ৰাজহুৱা খেলপথাৰত অনুষ্ঠিত হৈছে সদৌ অসম নাথ যোগী ছাত্ৰ সন্থাৰ দ্বিতীয়তম ত্ৰিবাৰ্ষিক অধিৱেশনখন।

Advertisment

ইয়াকে লৈ অধিবেশণথলীত উখল মাখল পৰিৱেশৰ সৃষ্টি হৈছে। অধিৱেশনক লৈ ব্যস্ত হৈ পৰিছে জীয়ৰী-বোৱাৰী, ডেকা-গাভৰু সকলোৱে। প্ৰথম দিনৰ কাৰ্যসূচী অনুসৰি মুখ্য তোৰণ উদ্বোধন কৰে। তাৰ পাছতে কাৰ্যসূচী অনুসৰি আগবাঢ়ে অধিবেশন।

অধিবেশনত নাথ যোগী ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সম্পাদক অৰবিন্দ নাথে কয় যে, নাথ যোগী জনগোষ্ঠীটোৰ কাৰণে এই অধিৱেশনখন ঐতিহাসিক হিচাপে চিহ্নিত হৈ ৰ'ব। জনগোষ্ঠীটোৰ উন্নয়নৰ স্বাৰ্থত চৰকাৰৰ স'তে অনুষ্ঠিত হোৱা আলাপ আলোচনাৰ প্ৰতিশ্ৰুতি ৰূপায়ন নহ'ল । ইয়াৰ প্ৰতিফলন ২০২৪ চনৰ নিৰ্বাচনত দেখিবলৈ পাব ।

এই অধিবেশনত জনগোষ্ঠীটোৰ শৈক্ষিক, ৰাজনৈতিক অধিকাৰৰ পৰা আৰম্ভ কৰি কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত ল'ব বুলি নাথ যোগী ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সম্পাদক অৰবিন্দ নাথে মন্তব্য কৰিছে ।

Also Read: বিত্ত মন্ত্ৰীৰ পদত্যাগৰ দাবী কৰি মুম্বাইৰ ১১ টা স্থানত বোমা বিস্ফোৰণৰ ভাবুকি