কোকৰাঝাৰত ভয়ংকৰ পথ দুৰ্ঘটনা, থিতাতে প্ৰাণ হেৰুৱালে এজনে...

কোকৰাঝাৰৰ জিলাৰ বালাগাঁওৰ কেন্দ্ৰীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান চমুকৈ চিআইটিৰ সন্মুখত মঙলবাৰে বিয়লি এক ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হয় ।
কোকৰাঝাৰত ভয়ংকৰ পথ দুৰ্ঘটনা, থিতাতে প্ৰাণ হেৰুৱালে এজনে...

ডিজিটেল সংবাদ, কোকৰাঝাৰ:- কোকৰাঝাৰৰ জিলাৰ বালাগাঁওৰ কেন্দ্ৰীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান চমুকৈ চিআইটিৰ সন্মুখত মঙলবাৰে বিয়লি এক ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হয় । উক্ত দুৰ্ঘটনাত থিতাতে এজন নিহত হোৱাৰ লগতে আন এগৰাকী যুৱক আহত হয় । নিহত যুৱকগৰাকীক ভাৰত-ভূটান সীমান্তৰ উল্টাপানীৰ জয়দেৱ নাৰ্জাৰী(২৪) বুলি চিনাক্ত কৰা হৈছে । আনহাতে আহতজনক দেৱৰগাঁও টিলাপাৰাৰ খঞ্চাইগৌৰা নাৰ্জাৰী (২৬) বুলি জানিব পৰা গৈছে ।

প্ৰাপ্ত বাতৰি মতে খঞ্চাইগৌৰা নাৰ্জাৰীয়ে এচ ১৬ ডি , ৫০৮৩ নম্বৰ মটৰ চাইকেলৰ পিছফালে তেওঁৰ বন্ধু জয়দেৱ নাৰ্জাৰীক লৈ ঘৰ অভিমুখে গৈ থাকোতেই চিআইটিৰ সন্মুখত দুৰ্ঘটনাত পতিত হয় । পৰৱৰ্তী সময়ত আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ দুয়োকে চিকিৎসালয়লৈ প্ৰেৰণ কৰে ।

উল্লেখ্য যে চিআইটিৰ সন্মুখত প্ৰায়ে দুৰ্ঘটনা সংঘটিত হৈ আহিছে । স্থানীয় ৰাইজে স্পীড ব্ৰেকাৰৰ দাবী উত্থাপন কৰিছে যদিও প্ৰশাসনে কোনো ধৰণৰ গুৰুত্ব প্ৰদান কৰা নাই বুলি অভিযোগ উত্থাপন হৈছে।

আৰু পঢ়ক: প্ৰতিবাদ কৰা বাবেই ৩ মহিলাক মৃত্যুদণ্ড...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in