প্ৰতিবাদ কৰা বাবেই ৩ মহিলাক মৃত্যুদণ্ড...

এতিয়াও অব্যাহত আছে হিজাব বিতৰ্ক।বহু মহিলাই এতিয়াও হিজাবৰ বিৰোধিতা কৰি প্ৰতিবাদ সাৱ্যস্ত কৰিয়েই আছে।
প্ৰতিবাদ কৰা বাবেই ৩ মহিলাক মৃত্যুদণ্ড...

ডিজিটেল ডেস্ক: এতিয়াও অব্যাহত আছে হিজাব বিতৰ্ক।বহু মহিলাই এতিয়াও হিজাবৰ বিৰোধিতা কৰি প্ৰতিবাদ সাৱ্যস্ত কৰিয়েই আছে। ইৰাণত চলি থকা হিজাব বিতৰ্ক বিগত কেইমাহমান ধৰি চৰ্চাত আছে। ইছলামিক চৰকাৰ খনে এই প্ৰতিবাদ বন্ধ কৰাৰ সকলো চেষ্টায়েই কৰি গৈছে যদিও সফল হোৱা নাই।

মহছা আমিনৰ মৃত্যুৰ পাছত এই প্ৰতিবাদে এক অন্য ৰূপ লয়। ইয়াৰ মাজতে পুনৰ ইৰাণৰ আদালতে চৰকাৰৰ বিৰুদ্ধে বিৰোধ প্ৰদৰ্শন কৰা ৩ প্ৰতিবাদকাৰীক মৃত্যুদণ্ড বিহে। ।

শেহতীয়া ৰায়দানত ছালেহ মিৰহাছেমী, মজিদ কাজেমী আৰু ছাইদ য়াঘৌবিক ইৰাণৰ ইছলামিক শৰিয়া আইনৰ অধীনত 'মোহৰেবেহ' - 'ঈশ্বৰৰ বিৰুদ্ধে যুদ্ধ' কৰাৰ বাবে মৃত্যুদণ্ড বিহে। অৱশ্যে ইয়াৰ বিৰোধিতা কৰি তেওঁলোকে আৱেদন দাখিল কৰিব পাৰে।

ইয়াৰোপৰি প্ৰতিবাদ কৰা আন ২ জন লোকক কিছুদিন পূৰ্বে ইৰাণত ফাচী দিয়া হৈছিল।তেওঁলোকৰ বিৰুদ্ধে নিৰাপত্তাৰক্ষীক হত্যা কৰাৰ অভিযোগ আছিল।

ইৰাণ চৰকাৰৰ আলোচনা এতিয়া আন্তৰাষ্ট্ৰীয় স্তৰত হৈ আছে। ইৰাণৰ এই সিদ্ধান্তৰ বিৰোধিতা পোপ ফ্ৰান্সিসেও কৰিছে।

উল্লেখ্য যে, ইৰাণত হিজাবৰ বিৰোধিতা মহিলা সকলে কৰি আহিছে যদিও মানি লোৱা নাই চৰকাৰে। ইতিমধ্যে এনেকুৱা ঘটনা বহু আছে যেতিয়া হিজাব পৰিধান নকৰাৰ বাবে মহিলাক শাস্তি বিহিছিল চৰকাৰে।

আৰু পঢ়ক: শিৱসাগৰৰ ৰূদ্ৰসিংহ উদ্যানত সংযোজিত হেৰিটেজ মিউজিয়াম

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in