/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/04/akhil.jpg)
ডিজিটেল সংবাদ, কোকৰাঝাৰ:– এটা টুইটক কেন্দ্ৰ গুজৰাটৰ বিধায়ক জিগনেশ মেৱালীৰ গ্ৰেপ্তাৰক লৈ শুকুৰবাৰেও উত্তাল হৈ পৰিছে কোকৰাঝাৰ ৷ কোকৰাঝাৰত আজি ৰাতিপুৱাৰ ভাগতে জিগনেশক সাক্ষাৎ কৰিবলৈ উপস্থিত হৈছে বিধায়ক অখিল গগৈ , বিধায়ক জাকিৰ হুছেইন শিকদাৰ , প্ৰদেশ কংগ্ৰেছৰ মুখপাত্ৰ অপূৰ্ব কুমাৰ ভট্টাচাৰ্য আদিকে ধৰি প্ৰদেশ কংগ্ৰেছৰ নেতা আৰু ৰাইজৰ দলৰ নেতা-কৰ্মীসকল ।
কোকৰাঝাৰ সদৰ থানাত সাক্ষাৎ কৰিবলৈ অহা নেতা-কৰ্মীসকলক জিলা প্ৰশাসনে সাক্ষাৎ কৰিবলৈ অনুমতি প্ৰদান থানাৰ সন্মুখতে উপস্থিত নেতা-কৰ্মীসকল বিজেপি-আৰএচএচ বিৰোধী শ্লোগান দি পৰিৱেশ উত্তাল কৰি তোলে । বিজেপিৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ প্ৰকাশ কৰি বিধায়ক অখিল গগৈয়ে ৰাজনৈতিক উদ্দেশ্য প্ৰনোদিতভাৱে বিধায়ক জিগনেশ মেৱানীক গ্ৰেপ্তাৰ কৰা হৈছে বুলি মন্তব্য কৰি মেৱালীৰ গ্ৰেপ্তাৰ কাৰ্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ এক দৃষ্টি আকৰ্ষণ কৰা প্ৰক্ৰিয়া বুলি মন্তব্য কৰিছে ।
গুজৰাটৰ সমাগত নিৰ্বাচন আৰু নেতাজনক গ্ৰেপ্তাৰ কৰি তেওঁৰ সময় অপচয় কৰাৰ লগতে ৰাজনৈতিক ষড়যন্ত্ৰৰ বাবে দলিত নেতাজনক গ্ৰেপ্তাৰ কৰা হৈছে বুলি ক্ষোভ ব্যক্ত কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰধানমন্ত্ৰীক তোষামোদ কৰিবলৈ গুজৰাটত বৰষুণ দিয়াৰ লগে লগে অসমত ছাতি মেলি ধৰিছে বুলি মন্তব্য কৰে।প্ৰধানমন্ত্ৰীক তোষামোদ কৰিবলৈ আৰু আৰএছএছৰ ওচৰত নিজৰ গুৰুত্ব বৃদ্ধি কৰিবলৈ জিগনেশ মেবালীক গ্ৰেপ্তাৰ কৰিছে বুলি মন্তব্য কৰে অখিল গগৈয়ে ৷
অনতিপলমে দলিত নেতা তথা বিধায়ক জিগনেশ মেৱানীক বিনাচৰ্তে মুক্তি দিবলৈ দাবী জনাই ইয়াৰ অন্যথা গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলা হ'ব বুলি হুমকি প্ৰদান কৰিছে অখিল গগৈয়ে । বিধায়ক গৰাকী গ্ৰেপ্তাৰ কাৰ্য অগণতান্ত্ৰিক , স্বৈৰাচাৰী আৰু গণতন্ত্ৰ ধ্বংসকাৰী বুলি মন্তব্য কৰি হিমন্ত বিশ্ব শৰ্মাই সমগ্ৰ দেশবাসীৰ ওচৰত ক্ষমা ভিক্ষা কৰি স-সন্মানে বিধায়ক গৰাকীক মুকলি কৰি দিবলৈ দাবী উত্থাপন কৰিছে।
ইপিনে কোকৰাঝাৰ থানা চৌহদত অসম প্ৰদেশ কংগ্ৰেছৰ এটি প্ৰতিনিধিৰ দলে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ৷ থানাৰ সন্মুখত কংগ্ৰেছৰ বিধায়ক জাকিৰ হুছেইন শিকদাৰ আৰু মুখপাত্ৰ অপূৰ্ব কুমাৰ ভট্টাচাৰ্যই জিগনেশ মেৱানীক গ্ৰেপ্তাৰ কৰা কাৰ্যক তীব্ৰ গৰিহণা প্ৰকাশ বিজেপিৰ বেয়া দিন আৰম্ভ হোৱা বুলি উল্লেখ কৰে । তদুপৰি বিধায়কগৰাকীক সাক্ষাৎ কৰিব নিদিয়া কাৰ্যক গৰিহণা দি তেনে এটা সাধাৰণ টুইটৰ বাবে গ্ৰেপ্তাৰ কৰিব ধৰিলে অসমৰ বহু ব্যক্তি , বিধায়কক গ্ৰেপ্তাৰ কৰিব লাগিব বুলি মন্তব্য কৰিছে কংগ্ৰেছৰ বিধায়ক জাকিৰ হুছেইন শিকদাৰে।
ইপিনে প্ৰথম পৰ্যায়ত বিধায়ক অখিল গগৈক থানাৰ ভিতৰত প্ৰৱেশ কৰিবলৈ প্ৰশাসনে অনুমতি প্ৰদান কৰা নাছিল যদিও পিছত তিনিদিনৰ আৰক্ষী জিম্মাত থকা বিধায়ক জিগনেশক সাক্ষাৎ কৰাৰ অনুমতি প্ৰদান কৰে । বিধায়কগৰাকীক সাক্ষাৎ কৰি আহি অখিল গগৈয়ে কয় যে অতি দূৰ্ভাগ্যজনকভাৱে জিগনেশ মেৱানীক লকআপৰ ভিতৰত ৰাখিছে। এগৰাকী বিধায়কক লকআপৰ ভিতৰত ৰখা কাৰ্যক গৰিহণা প্ৰকাশ কৰে অখিল গগৈয়ে ।
অৱশ্যে সাক্ষাৎকালত জিগনেশ মেৱানীক মানসিকভাৱে যথেষ্ট শক্তিশালী দেখা গৈছিল বুলি মন্তব্য কৰি অখিল গগৈয়ে লকআপৰ পৰিবৰ্তে আন কোনো ৰুমত ৰাখিবলৈ দাবী উত্থাপন কৰে। ইপিনে জিগনেশ মেৱানীক সাক্ষাৎ কৰিবলৈ যদিওবা অখিল গগৈক প্ৰশাসনে অনুমতি প্ৰদান কৰে তথাপিতো কিন্তু কংগ্ৰেছৰ কোনো নেতাক সাক্ষাৎ কৰিবলৈ অনুমতি প্ৰদান নকৰিলে জিলা প্ৰশাসনে ।
উল্লেখ্য যে জিগনেশ মেৱানীক গ্ৰেপ্তাৰ কৰাৰ আজিও দ্বিতীয় দিন আৰু দ্বিতীয় দিনাও বিষয়টোক লৈ উত্তাল হৈ আছে কোকৰাঝাৰ । অহা সোমবাৰে তেওঁৰ অধিবক্তাই গুৱাহাটী উচ্চ ন্যায়ালয়ত জামিনৰ বাবে আৱেদন দাখিল কৰিব বুলি জানিব পৰা গৈছে ।
আৰু পঢ়ক: ২ বজা পৰ্যন্ত ৩৭ শতাংশ ভোটদান