আদিৱাসী শান্তি চুক্তিয়ে পাৰ কৰিলে ছমাহ, পিছে কাৰ্যকাৰী নহ'ল এটা দফাও...

আদিৱাসী শান্তি চুক্তিয়ে পাৰ কৰিলে ছমাহ, পিছে কাৰ্যকাৰী  নহ'ল এটা দফাও...

ডিজিটেল সংবাদ, কোকৰাঝাৰঃ ২০২২ চনৰ ১৫ ছেপ্টেম্বৰত নতুন দিল্লীত আদিৱাসীসকলৰ আঠটা সশস্ত্ৰ সংগঠনৰ সতে সম্পন্ন হোৱা শান্তি চুক্তিৰ ছমাহ উকলিল। কিন্তু ৬ মাহৰ পাছতো শান্তি চুক্তিৰ এটা দফাও কাৰ্যকাৰী নোহোৱাত দুখ প্ৰকাশ কৰিছে শান্তি চুক্তিত স্বাক্ষৰকাৰী নেৰ্তৃবৰ্গই ।

বৃহস্পতিবাৰে কোকৰাঝাৰত আয়োজিত হোৱা এক সংবাদমেলত বিচিএফৰ চিএনচি বীৰসিং মুণ্ডা , বিচিএফৰ অধ্যক্ষ দূৰ্গা হাসদা আৰু আকমাৰ উপ সৰ্বাধিনায়ক চুংকা হাসদাই কয় যে, ২০২২ চনৰ ১৫ ছেপ্টেম্বৰত নতুন দিল্লীত আদিৱাসীসকলৰ আঠটা সশস্ত্ৰ সংগঠনৰ সতে সম্পন্ন হোৱা শান্তি চুক্তিৰ এটা দফাও বৰ্তমানলৈকে কাৰ্যকাৰী নোহোৱাটো অত্যন্ত দূৰ্ভাগ্যজনক বিষয় । অসমৰ আন সশস্ত্ৰ সংগঠনৰ সতে সম্পন্ন হোৱা শান্তি চুক্তিৰ পিছত চুক্তিৰ দফাবোৰ ৰূপায়িত হৈছে যদিও আদিৱাসী শান্তি চুক্তিৰ এটাও দফা ছমাহ উকলি যোৱাৰ পাছতো কিয় ৰূপায়ন নহ'ল সেয়া অতি উদ্বেগজনক বিষয়।

যিশান্তি চুক্তিয়ে অকল সশস্ত্ৰ সংগঠনকে নহয় আদিৱাসী জনতাকে মূলসূঁতিলৈ ঘূৰাই আনিছে তেনে এখন ঐতিহাসিক আদিৱাসী শান্তি চুক্তিৰ প্ৰতিটো দফা ৰূপায়ন কৰিবলৈ চৰকাৰৰ প্ৰতি আহ্বান জনাই সংগঠনটোৱে। বিশেষকৈ আদিৱাসী শান্তি চুক্তিৰ ৩.১ নং দফা আদিৱাসী সকলৰ সৰ্বাংগীন উন্নয়নৰ বাবে অতি সোনকালে কাৰ্যকাৰী কৰিবলৈ দাবী জনাইছে।

ইপিনে অসম চৰকাৰে বাজেট অধিবেশনত আদিৱাসী শান্তি চুক্তিৰ চাৰিটা দফা বাজেটত অন্তৰ্ভুক্ত কৰাত আদিৱাসী জাতীয় সংগঠনসমুহে আদৰণি জনাইছে । ইয়াৰে ৩.১ নং দফাৰ আদিৱাসী উন্নয়ন আৰু কল্যান পৰিষদ অতি শীঘ্ৰে গঠন কৰিবলৈ সংগঠনসমুহে দাবী উত্থাপন কৰিছে ।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ওপৰত আস্থা আৰু ভৰষা আছে বুলি সংবাদমেলত উল্লেখ কৰি শান্তি চুক্তিত স্বাক্ষৰকাৰী সকলৰ ভিতৰতে যোগ্যজনক আদিৱাসী উন্নয়ন আৰু কল্যান পৰিষদত মনোনিত কৰিবলৈ আহ্বান জনাইছে । আনহাতে অহা ৪ এপ্ৰিলত গুৱাহাটীত সকলো আদিৱাসী জাতীয় সংগঠন , বুদ্ধিজীৱিক লৈ নাগৰিক সভা আয়োজন কৰা হৈছে আৰু উক্ত সভাতে সকলো বিষয়বস্তু খৰছি মাৰি আলোচনা কৰি এক সিদ্ধান্তত উপনীত হৈ সিদ্ধান্ত লোৱা হ'ব বুলি প্ৰকাশ কৰিছে ।

আনহাতে আদিৱাসীসকলৰ জনজাতিকৰণৰ বিষয়টোক চৰকাৰে গুৰুত্ব সহকাৰে নোলোৱাত দুখ প্ৰকাশ কৰি জনজাতিকৰণৰ দাবীত আন্দোলনৰ কাৰ্যসূচীত স্বাক্ষৰকাৰী সংগঠনসমুহৰ নৈতিক সমৰ্থন থাকিব বুলি সদৰি কৰিছে । আজিৰ সংবাদমেলত বিচিএফৰ চিএনচি বীৰসিং মুণ্ডা , বিচিএফৰ অধ্যক্ষ দূৰ্গা হাসদা , আকমাৰ উপ সৰ্বাধিনায়ক চুংকা হাসদা , আনলাৰ অধ্যক্ষ অমৃত বেক , সিনেশ হেমব্ৰম , বাদল টুডু, জাগিৰ চৰেন আদিকে ধৰি আন নেৰ্তৃবৰ্গ উপস্থিত আছিল ।

আদিৱাসী শান্তি চুক্তিয়ে পাৰ কৰিলে ছমাহ, পিছে কাৰ্যকাৰী  নহ'ল এটা দফাও...
ভুৱা তথ্যৰে দৰিদ্ৰ হিতাধিকাৰীৰ পূঁজি সৰকালে কোনে ?

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in